Pijush Hazarika Comment on Jihadi in Assam: কলিতেই মোহাৰি জেহাদী শেষ কৰিম

author img

By

Published : Aug 5, 2022, 7:49 PM IST

Pijush Hazarika Comment on Jihadi in Assam

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী (সেই সময়ৰ প্ৰধানমন্ত্ৰী) ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আজি মৃত্যুবাৰ্ষিকী(Assam’s 1st CM Bharat Ratna Lokopriya Gopinath Bordoloi) ৷ অসম চৰকাৰে গোপীনাথ বৰদলৈৰ মৃত্যু দিনটো এইবাৰ প্ৰথমবাৰলৈ চৰকাৰীভাৱে স্মৃতি দিৱস হিচাপে উদযাপন কৰে ৷

যোৰহাট, 5 আগষ্ট: জেহাদী সমৰ্থকৰ ওচৰত মই ক্ষমা নোখোজো ৷ এ আই ইউ দি এফে সাগৰত প্ৰতিবাদ কৰে, পাহাৰত কৰে, বাংলাদেশত প্ৰতিবাদ কৰে কৰি থাকক । মই পুনৰবাৰ কৈছোঁ, জেহাদী সমৰ্থনকাৰীৰ ওচৰত মই ক্ষমা নোখোজো । এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতি দিৱসৰ(Assam’s 1st CM Bharat Ratna Lokopriya Gopinath Bordoloi) লগত সংগতি ৰাখি বৃহস্পতিবাৰে অসম চৰকাৰে জিলাই জিলাই কৰ্ম সংস্কৃতি বজাই ৰখা কৰ্মচাৰীক লোকসেৱা বঁটা প্ৰদান কৰে ৷

কলিতেই মোহাৰি জেহাদী শেষ কৰিম

যোৰহাট জিলাতো বিভিন্ন চৰকাৰী বিভাগত কৰ্মৰত নিষ্ঠাবান কৰ্মচাৰীসকলক এই বঁটা প্ৰদান কৰা হয় ৷ জিলাখনৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত মন্ত্ৰী পীযুষ হাজৰিকাই এইসকল কৰ্মচাৰীক বঁটা প্ৰদান কৰে(Minister Pijush Hazarika at Jorhat) ৷ অনুষ্ঠানৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে, ভাল কামৰ পুৰস্কাৰ যেনেকৈ দিছোঁ, ঠিক তেনেদৰে বেয়া কাম কৰিলে তাৰ শাস্তিও পাব । কোনেও যাতে বেয়া কাম নকৰে তাৰবাবেও আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷

তেওঁ লগতে বিধানসভাৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এ আই ইউ ডি এফে আজি প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰসংগত কয় যে, এ আই ইউ দি এফে সাগৰত প্ৰতিবাদ কৰে, পাহাৰত কৰে, বাংলাদেশত প্ৰতিবাদ কৰে কৰি থাকক । মই পুনৰবাৰ কৈছোঁ, জেহাদী সমৰ্থনকাৰীৰ ওচৰত মই ক্ষমা নোখোজো । তেওঁ লগতে কয় যে, অসমীয়া মানুহক বাংলাদেশী জেহাদীয়ে কাটি মৰালৈ ৰৈ থাকিব লাগিব ! সেয়া হ’বই নোৱাৰে ৷ তাৰ আগতেই নাইকিয়া কৰিম ৷ সমূলাঞ্চে ধ্বংস কৰিম ৷ প্ৰথমতেই মাৰিম, কলিতেই মোহাৰিম, কলিতেই মোহাৰি জেহাদী শেষ কৰিম(Minister Pijush Hazarika Comment on Jihadi in Assam) ৷

লগতে পঢ়ক : Piyush Hazarika at nagaon: মৃত্যুৰ পিছত আত্মায়ো ক্ষমা নোখোজে জেহাদীৰ সমৰ্থকক: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.