ETV Bharat / city

অসম কৃষি বিশ্ববিদ্যালয়ত ডিজিটেল ফটোগ্ৰাফীৰ প্ৰশিক্ষণৰ সামৰণি

author img

By

Published : Jun 4, 2022, 6:10 PM IST

অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগৰ উদ্যোগত অনুষ্ঠিত আঠদিনীয়া ডিজিটেল ফটোগ্ৰাফীৰ কৌশল বিকাশ প্ৰশিক্ষণৰ সামৰণি ৷ এই প্ৰশিক্ষণত 30 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ত ডিজিটেল ফটোগ্ৰাফীৰ প্ৰশিক্ষণৰ সামৰণি
অসম কৃষি বিশ্ববিদ্যালয়ত ডিজিটেল ফটোগ্ৰাফীৰ প্ৰশিক্ষণৰ সামৰণি

যোৰহাট, 4 জুনঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা আৰু যোগাযোগ পৰিচালনা বিভাগৰ উদ্যোগত অনুষ্ঠিত আঠদিনীয়া ডিজিটেল ফটোগ্ৰাফীৰ কৌশল বিকাশ প্ৰশিক্ষণৰ কালি সামৰণি পৰে । ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প( নাহেপ) ৰ অৰ্থসাহাৰ্যৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণত 30 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

বিভাগৰ মুৰব্বী অধ্যাপিকা ড৹ জুলিয়ানা শৰ্মাই আদৰণি ভাষণ আগবঢ়োৱা প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোঁহায়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক ফটোগ্ৰাফীৰ বিজ্ঞানসন্মত কৌশল আয়ত্ব কৰি ভৱিষ্যতে ইয়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব পৰা সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰে ।

সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ বিজ্ঞানগুৰু ড৹ ৰূমা ভট্টাচাৰ্যই বিভিন্ন কলাৰ ভিতৰত ফটোগ্ৰাফীক এটা লেখত লবলগীয়া কলা আৰু ই ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক তথা গৱেষণাত বহুধৰণে সহায় কৰিব বুলি মত ব্যক্ত কৰে । প্ৰশিক্ষণটোৰ তত্বাৱধায়ক ড৹ চয়নিকা বৰাই আঁত ধৰা এই সামৰণি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড৹ ৰাণা প্ৰতাপ ভূঞা, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ আৰু ফটোগ্ৰাফাৰ বিমান শৰ্মায়ো বক্তব্য ৰাখে । অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই ড৹ ময়ুৰী বৰাই ।

লগতে পঢ়ক: 9 জুনত বহু মন্ত্ৰীৰ দপ্তৰো সলনি হ'বঃ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.