ETV Bharat / city

স্বাৱলম্বিতাৰ বাব মুৰ্গীপালন : আকৌ বাধা দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই

author img

By

Published : Apr 21, 2022, 4:58 PM IST

মুৰ্গী পালন কৰাই কাল হ’ল এটা পৰিয়ালৰ বাবে ৷ পৰিয়ালৰ দায়িত্ব পালনৰ বাবে মুৰ্গী পালন কৰি সমাজচ্যুত হ’বলগীয়া হ’ল পৰিয়ালটো (Srimanta sankardev sangha expels family for rearing chicken) ৷ এই অদ্ভুত ঘটনা সংঘটিত হৈছে যোৰহাটৰ মৰিয়নীত ৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতেই সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷

Assam's biggest religious body 'expels' family for rearing chicken
মুৰ্গী পালন কৰি সমাজচ্যুত হ’ল শিক্ষিত নিবনুৱা

মৰিয়নী, 21 এপ্ৰিল : পুনৰ বিৰ্তকলৈ আহিছে উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ ৷ প্ৰাথমিক শাখাৰ এগৰাকী বিষয়ববীয়ালৈ জাননী জাৰি কৰি এইবাৰ বিৰ্তকৰ মাজত সোমাইছে সংঘ ৷ সংঘৰ এই জাননীক লৈ ইতিমধ্যে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

উজনি অসমৰ মৰিয়নিত মু্ৰ্গী পালনক লৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই জাৰি কৰিছে এই ফটোৱা ৷ সংঘৰ এই ফটুৱা জাৰি কৰাৰ পাছতেই সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কিয়নো সংঘই এই ফটুৱাৰ জৰিয়তে মুৰ্গী পালনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ মৰিয়নিৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চেলেং পিঠাখোৱা প্ৰাথমিক শাখাৰ সম্পাদক পংকজ গগৈলৈ সংঘৰ চেলেং আঞ্চলিকে জাৰি কৰে এই ফটুৱা ৷

পংকজ গগৈ

সংঘই পংকজ গগৈলৈ মুৰ্গী পালন কৰিলে সমাজচ্যুত হ’ব বুলি ফটুৱা জাৰি কৰে (Srimanta sankardev sangha expels family for rearing chicken) । পংকজ গগৈৰ কোনো চৰকাৰী সংস্থাপন নথকাত নিজ গৃহত মুৰ্গী পালন কৰি পৰিয়াল পোহপাল দিছিল ৷ কিন্তু সংঘৰ প্ৰাথমিক শাখাৰ এগৰাকী বিষয়ববীয়াক এনেদৰে জাননী দিয়া কাৰ্যই এতিয়া স্তম্ভিত কৰি তুলিছে পংকজ গগৈৰ লগতে পৰিয়ালটোক ।

বিভিন্ন জাতি জনগোষ্ঠীক একতাৰ দোলেৰে বান্ধি সমন্বয় বাৰ্তা বিলোৱা শংকৰদেৱ গুৰুজনাৰ ধৰ্মীয় উদাৰতাৰ বিপৰীতে শংকৰদেৱ সংঘৰ এনেধৰণৰ ধৰ্মীয় কঠোৰতাই নিশ্চিতভাৱে গুৰুজনাৰ মহানতাৰ এক বিপৰীত ছবি দাঙি ধৰিব । সংবিধানৰ দোহাই দি এনেদৰে সংঘৰ এগৰাকী সভ্যলৈ চেলেং আঞ্চলিক সমিতিয়ে এনে এক অদ্ভুত ফটুৱা জাৰি কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

লগতে পঢ়ক : জিগনেশ মেৱানীক মুকলিৰ দাবীত আন্দোলনৰ হুংকাৰ ভূপেন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.