ETV Bharat / city

বিশ্ব হৃদয় দিৱসঃ চিকিৎসক চন্দন মোদকৰ মন্তব্য

author img

By

Published : Sep 29, 2019, 11:26 AM IST

বিশ্ব হৃদয় দিৱস, 2019

সমগ্ৰ বিশ্বতে দেওবাৰৰ দিনটোত উদযাপন কৰা হৈছে বিশ্ব হৃদয় দিৱস ৷ হৃদৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিশ্বৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয় এই দিৱস ৷ এই ৰোগৰ পৰা কিদৰে উপশম লাভ কৰিব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াইছে দিচপুৰ হাস্পতালৰ চিকিৎসক চন্দন মোদকে ৷

গুৱাহাটী, 29 ছেপ্টেম্বৰ : সমগ্ৰ বিশ্বতে দেওবাৰৰ দিনটোত উদযাপন কৰা হৈছে বিশ্ব হৃদয় দিৱস ৷ হৃদৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিশ্বৰ প্ৰতিটো প্ৰান্ততে পালন কৰা হয় এই দিৱস ৷ বিশ্ব হৃদয় ফেডাৰেছনে 2000 চনৰ পৰা এই দিৱসৰ উদযাপন কৰি আহিছে ৷

চিকিৎসক চন্দন মোদকৰ মন্তব্য

এই ৰোগৰ পৰা কিদৰে উপশম লাভ কৰিব পাৰি সেই সম্পৰ্কে মন্তব্য আগবঢ়াইছে দিচপুৰ হাস্পতালৰ চিকিৎসক চন্দন মোদকে ৷

চিকিৎসক চন্দন মোদকৰ মন্তব্য

চিকিৎসকৰ এক সজাগতা অভিযানত প্ৰকাশ পোৱা অনুসৰি, পৰিশ্ৰমহীনতা, সস্তীয়া খাদ্যাভ্যাসৰ পৰিণতিতে দেশত নিতৌ বৃদ্ধি পাইছে হৃদৰোগীৰ সংখ্যা । হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসকসকলৰ মতে ধুম্ৰপান, মাদক দ্ৰব্য সেৱন আৰু প্ৰচুৰ পৰিমাণৰ মছলাযুক্ত খাদ্য খোৱাৰ ফলত নিতৌ বৃদ্ধি পাইছে এনে ৰোগীৰ সংখ্যা ।

Intro:আজি বিশ্ব হৃদয় দিৱস ।


Body:anchor...দেশত দ্ৰুতগতিত বাঢ়িছে হৃদৰোগীৰ সংখ্যা । খাদ্যাভ্যাস,পৰিশ্ৰমহীনতাৰ বাবেই নিতৌ বৃদ্ধি পাব ধৰিছে এনে ৰোগীৰ সংখ্যা । বিশ্ব হৃদয় দিৱস দিনটোত এই কথা ব্যক্ত কৰে দিচপুৰ হাস্পতালৰ চিকিৎসক চন্দন মোদকে । কেনেদৰে ৰোধ কৰিব পাৰি এই ৰোগ ।

vo ..পৰিশ্ৰমহীনতা,সস্তীয়া খাদ্যাভ্যাসৰ পৰিণতিত দেশত নিতৌ বৃদ্ধি পাব ধৰিছে হৃদ ৰোগীৰ সংখ্যা । এই কথা প্ৰকাশ পাইছে চিকিৎসকৰ এক সজাগতা অভিযানত । হৃদৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ মতে ধুমপান,মাদক দ্ৰব্য আৰু প্ৰচুৰ পৰিমাণৰ মছলাযুক্ত খাদ্য খোৱাৰ ফলত নিতৌ বৃদ্ধি পাইছে এনে ৰোগীৰ সংখ্যা । লগতে প্ৰয়োজন।অনুসৰি পৰিশ্ৰম নকৰাৰ বাবেও এনে ৰোগে ক্ৰিয়া কৰে দেহত ।


বাইট



VO..কিন্তু এনে ৰোগৰ পৰা পৰিত্ৰাণৰ উপায় কি?চিকিৎসকৰ মতে জীৱন ধাৰনৰ প্ৰণালী সলনি কৰাৰ লগতে নিতৌ পৰিশ্ৰম কৰিলে এনে ৰোগ প্ৰতিৰোধ কৰিব পাৰি ।

বাইট


VO...আজি সমগ্ৰ বিশ্বত এই ৰোগ বিধ নিয়ন্ত্ৰণৰ বাবে বিভিন্ন সজাগতা মূলক কাৰ্যসূচী হাতত লৈছে । ৰাইজৰ মাজত সচেতনতা বৃদ্ধিৰ বাবে লোৱা এই পদক্ষেপে এক ফলপ্ৰসু ফলাফল পাব বুলি সকলোৱে আশা কৰিছে ।


Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.