প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়ণত ব্যৰ্থ ৰাজ্য চৰকাৰ

author img

By

Published : Sep 14, 2022, 2:03 PM IST

Updated : Sep 14, 2022, 10:06 PM IST

state-govt-fails-to-implement-pradhan-mantri-awas-yojana

প্ৰধানমন্ত্ৰী আবাস যোজনা ৰূপায়নত ব্যৰ্থ ৰাজ্য চৰকাৰ ৷ অসম বিধানসভাৰ অধিৱেশনত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ তথ্যত প্ৰকাশ পালে এই কথা(Assam assembly session 2022) ৷ ৰাজ্যত এতিয়াও 72.57 শতাংশ গৃহ নিৰ্মাণ কৰিবলৈ বাকী ৷

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ: প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত বিগত 3 বছৰত ৰাজ্যত মুঠ 14 লাখ 58 হাজাৰ 374 টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল(Pradhan Mantri Awas Yojana) ৷ ইতিমধ্যে ৰাজ্যত 3 লাখ 98 হাজাৰ 576 টা গৃহ নিৰ্মাণ কৰা হৈছে ৷ অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ তৃতীয়টো দিনা (Assam assembly session 2022) অৰ্থাৎ বুধবাৰে সদনত এই তথ্য দাখিল কৰা হয় ৷

বিধানসভাৰ অধিৱেশনৰ মাজতে বিৰোধীয়ে কৰা এক প্ৰশ্নোত্তৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ দাসে(Panchayat and Rural development minister) এই তথ্য সদৰী কৰে । মন্ত্ৰীগৰাকীয়ে সদৰী কৰা অনুসৰি, 2021 বৰ্ষত ৰাজ্যত মুঠ 2 লাখ 56 হাজাৰ 110 টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু ইয়াৰ বিপৰীতে 1 লাখ 44 হাজাৰ 932 টা গৃহ নিৰ্মাণ কৰা হয় ৷

একেদৰে 2021-22 বৰ্ষত মুঠ 12 লাখ 02 হাজাৰ 237 টা গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল আৰু ইয়াৰ বিপৰীতে 83 হাজাৰ 084 টা গৃহ নিৰ্মাণ কৰা হয় ৷ আনহাতে 2022-23 বৰ্ষত বৰ্তমানলৈ 1 লাখ 70 হাজাৰ 580 টা গৃহ নিৰ্মাণ কৰা হৈছে ৷ অৱশ্যে চলিত বৰ্ষত গৃহ নিৰ্মাণৰ কোনো লক্ষ্য নিৰ্ধাৰণ কৰা হোৱা নাছিল ৷

মন্ত্ৰী দাসে(Minister Ranjeet Kumar Das) সদনত সদৰী কৰা অনুসৰি, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এই গৃহ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সৰ্বমুঠ 762 কোটি, 83 লাখ 850 টকা আৱন্টন দিছিল(State govt fails to implement PMAY Scheme) ৷ কিন্তু মন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুসৰি, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰখন ব্যৰ্থ হৈছে ৷ কাৰণ নিজ লক্ষ্যত উপনীত হ’বলৈ চৰকাৰে এতিয়াও 72.57 শতাংশ গৃহ নিৰ্মাণ কৰিবলৈ বাকী ৷

লগতে পঢ়ক: বিধানসভাৰ অধিৱেশনৰ পৰা বিধায়ক অখিল গগৈক নিলম্বন

Last Updated :Sep 14, 2022, 10:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.