ETV Bharat / city

মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষীৰ তদন্ত আৰম্ভ

author img

By

Published : May 24, 2022, 10:08 PM IST

পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Guwahati) । জাপৰিগোগৰ হত্যাকাণ্ডৰ ঘটনা মাৰ নৌযাওতেই মহানগৰীৰ হাতীগাঁও শংকৰ আজান আৰু ফ্ৰেইণ্ডছ পথৰ সংযোগী পথৰ গৃহ নম্বৰ 42 ত সংঘটিত হৈছে এই হত্যাকাণ্ড ।

another murder at Guwahati
পুণৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

গুৱাহাটী, 24 মে': পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড । জাপৰিগোগৰ হত্যাকাণ্ডৰ ঘটনা মাৰ নৌযাওতেই মহানগৰীৰ হাতীগাঁও শংকৰ আজান আৰু ফ্ৰেইণ্ডছ পথৰ সংযোগী পথৰ গৃহ নম্বৰ 42 ত সংঘটিত হৈছে এই হত্যাকাণ্ড (Murder at Hatigaon in Guwahati) । ঘৰৰ ভিতৰতে দুৰ্বৃত্তই হানি-খুচি হত্যা কৰি থৈ যায় মৌলানা জৈনুদ্দিন আহমেদ কাছিমীক(45) ।

মুৰত আঘাতৰ চিন স্পষ্ট হৈ আছে মৃত জৈনুদ্দিনৰ । ঘৰৰ পিছফালৰ গ্ৰীল ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল দুৰ্বৃত্ত । আব্দুল হ'ক নামৰ অভিযন্তা এজনৰ ঘৰ ৰখীয়া হৈ আছিল তেওঁ । ইফালে অভিযন্তাগৰাকী গৈছে হায়দৰাবাদলৈ । জানিব পৰা মতে, নিশা প্ৰায় ১১.৩০ বজাত অভিযন্তা গৰাকীৰ ঘৰলৈ ঘৰ ৰখিব গৈছিল মৌলানা জৈনুদ্দিনে । ১২-১৩ দিন ধৰি ঘৰ ৰখীয়া হৈ আছিল তেওঁ । হাতীগাঁৱত গেলামালৰ দোকান আছিল মৌলানা জৈয়নুদ্দিন আহমেদ কাছিমীৰ ।

পুণৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

স্থানীয় লোকে পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে এই ঘটনাক । ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীৰ পূৱ মণ্ডলৰ DCP সুধাকৰ সিঙে (Sudhakar Singh DCP East zone) সংবাদমাধ্যমৰ আগত কয় যে ঘৰটোৰ পিছফালৰ গ্ৰীল ভাঙি সোমাইছিল দুৰ্বৃত্ত (Police investigation begins) । ফিংগাৰ প্ৰিন্ট সংগ্ৰহ কৰিছে আৰক্ষীয়ে । প্ৰাথমিক তদন্তত ডকাইতিৰ ঘটনা বুলি সন্দেহ কৰা হৈছে বুলি তেঁও কয় ।

ঘটনাস্থলীত আৰক্ষী আহি উপস্থিত হোৱাৰ পূৰ্বেই স্থানীয় লোক প্ৰৱেশ কৰাৰ ফলত তদন্তত অসুবিধা হোৱা বুলিও মন্তব্য কৰি তেওঁ লগতে কয় যে অট্টালিকাটোৰ নিৰ্দিষ্ট এটা কোঠালিতহে ডকাইতে চলাইছিল অভিযান । কিন্তু ঘৰটোৰ পৰা কি কি সামগ্ৰী লৈ গৈছে ঘৰৰ গৰাকী নথকাৰ বাবে এতিয়ালৈ নিশ্চিত হোৱা নাই । তেওঁ শীঘ্ৰে দুৰ্বৃত্ত আৰক্ষীৰ জালত পৰিব বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক: জুনৰ প্ৰথম ভাগত মেট্ৰিক-উচ্চতৰ মাধ্যমিকৰ ফলাফল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.