ETV Bharat / city

কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় ঘাইপথৰ মাটিৰ বিত্তীয় কেলেংকাৰী

author img

By

Published : Sep 30, 2020, 12:39 PM IST

কাৰ্বি আংলঙৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী । চাৰিলেনযুক্ত পথৰ বাবে ব্যৱহৃত মাটিত ব্যাপক বিত্তীয় খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

বিত্তীয় খেলিমেলি
কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় ঘাইপথৰ মাটিৰ বিত্তীয় কেলেংকাৰী

গুৱাহাটী, 30 ছেপ্তেম্বৰ : কাৰ্বি আংলঙৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত হৈছে এক বৃহৎ কেলেংকাৰী । চাৰিলেনযুক্ত পথৰ বাবে ব্যৱহৃত মাটিত ব্যাপক বিত্তীয় খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ৰাষ্ট্ৰীয় ঘাইপথত নিজৰ মাটি হেৰুৱাই আজিলৈ প্ৰাপ্য ধন নাপালে প্ৰায় 250 টাকৈ পৰিয়ালে ।

কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় ঘাইপথৰ মাটিৰ বিত্তীয় কেলেংকাৰী

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা ৰাজহুৱা কৰে ভুক্তভোগী লোকসকলে। বহু দৰিদ্ৰ পৰিয়ালে প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে কাৰ্বি আংলঙৰ চিইএম তুলিৰাম ৰংহাঙৰ পত্নীৰ নামত বৃহৎ ধন আদায় কৰাৰ অভিযোগ ভুক্তভোগীৰ। চাৰিগৰাকীকৈ মণ্ডলে দৰিদ্ৰ লোকসকলক প্ৰতাৰণা কৰাৰ অভিযোগ ভুক্তভোগীসকলৰ । সমগ্ৰ ঘটনাৰ চিবিআই তদন্তৰ দাবী কৰিছে ভুক্তভোগীসকলে ৷

লগতে পঢ়ক : মানিকপুৰত শোকাৱহ পথ দুৰ্ঘটনাত নিহত তিনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.