Poet Sananta Tanty Passes away : কাইলৈৰ দিনটো আমাৰ হোৱালৈ নৰ'ল কবি সনন্ত তাঁতিয়ে

author img

By

Published : Nov 25, 2021, 11:58 AM IST

Updated : Nov 25, 2021, 1:26 PM IST

Poet Sananta Tanty Death

কাইলৈৰ দিনটো আমাৰ হ'বৰ স্ৰষ্টা সনন্ত তাঁতিৰ দেহাৱসান (Poet Sananta Tanty Passes away) ৷ জটিল ৰোগত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা বিশিষ্ট কবিগৰাকীয়ে ৬৯ বছৰ বয়সত বৃহস্পতিবাৰে নিশা ১.০৫ বজাত নিয়তিৰ ওচৰত হাৰ মানে ৷

গুৱাহাটী, 25 নৱেম্বৰ : বুধবাৰে নিশা খহি পৰিল অসমীয়া কাব্য সাহিত্যৰ অন্য এটি ভোটাতৰা সনন্ত তাঁতি ৷ 'কাইলৈৰ দিনটো আমাৰ হ'ব'ৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰা বিশিষ্ট কবিগৰাকীয়ে বৃহস্পতিবাৰে নিশা ১.০৫ বজাত নতুন দিল্লীৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে (Poet Sananta Tanty died in Delhi) ৷ মাটি আৰু মানুহৰ হৈ শব্দৰ মালা গঁথা কবিগৰাকীয়ে জীৱনৰ মহত্ত্বসমূহক তেওঁৰ কবিতাসমূহত অনন্য ৰূপত উপস্থাপন কৰিছিল ৷

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৬৯ বছৰ ৷ এটি ওড়িয়া শ্ৰমিক পৰিয়ালত জন্মগ্ৰহণ কৰি বাংলা ভাষাত শিক্ষা লৈ অসমীয়া সাহিত্যৰ পথাৰখনত বহু উল্লেখযোগ্য কবিতা ৰচনা কৰি কেইবাটাও বঁটাৰে বিভূষিত হোৱাৰ উপৰিও তেওঁ ২০১৮ বৰ্ষত ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷

১৯৫২ চনৰ ৪ নৱেম্বৰত অসমৰ কৰিমগঞ্জ জিলাৰ কালীনগৰ চাহ বাগিচাত সন‍ন্ত তাঁতিৰ জন্ম হৈছিল । তেওঁৰ পিতৃ‍ৰ নাম আছিল লোকনাথ তাঁতি আৰু মাতৃৰ নাম আছিল বৈতৰণী তাঁতি । সনন্ত তাঁতিয়ে তেওঁৰ ওপজা ঠাইৰ কালীনগৰ চাহবাগিচা প্ৰাথমিক বিদ্যালয়ত শৈক্ষিক জীৱনৰ পাতনি মেলি প্ৰায় দুই কিল’মিটাৰ নিলগত থকা ৰামকৃষ্ণ নগৰত অৱস্থিত ৰামকৃষ্ণ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিকৰ শিক্ষা সম্পন্ন কৰিছিল ।

শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজত কলেজীয়া জীৱনৰ পাতনি মেলে যদিও আৰ্থিক দুৰৱস্থাৰ বাবে সনন্ত তাঁতিয়ে সেই শিক্ষা আধৰুৱা কৰি চাকৰিত যোগদান কৰে ৷ পৰৱৰ্তী সময়ত যোৰহাটত চাকৰি কৰি থকা অৱস্থাত যোৰহাট এমালগেমেটেড কলেজত নৈশ শাখাত শিক্ষাগ্ৰহণ কৰে আৰু অৱশেষত ডিব্ৰুগড়ৰ ডিব্ৰু কলেজৰ পৰা প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে ১৯৭৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে ৷

১৯৭১ চনত সনন্ত তাঁতিয়ে যোৰহাটত থকা অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনত (পূৰ্ব নাম অসম চাহ বাগিচা ভৱিষ্য নিধি আৰু বৃত্তি নিধি আঁচনি)ৰ কৰ্মচাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰে ৷ পৰৱৰ্তী সময়ত তেওঁ ক্ৰমান্বয়ে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া, অসম চাহ কৰ্মচাৰী ভৱিষ্য নিধি সংগঠনত জ্যেষ্ঠ জনসংযোগ বিষয়া আৰু উপ ভৱিষ্যনিধি আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি ২০১২ চনত অৱসৰ গ্ৰহণ কৰে যদিও অৱসৰৰ পাচত পুনৰ ডেৰ বছৰ কাল বৰ্ধিত সময়ৰ বাবে একেটা কাৰ্যালয়ত বিশেষ কৰ্তব্যৰত বিষয়া হিচাবে দায়িত্ব পালন কৰিছিল ।

সৃষ্টিৰ বিশালতাৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা সনন্ত তাঁতিৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হৈছে- উজ্জ্বল নক্ষত্ৰৰ সন্ধানত, মই মানুহৰ অমল উৎসৱ, নিজৰ বিৰুদ্ধে শেষ প্ৰস্তাৱ, শব্দত অথবা শব্দহীনতাত, মৃত্যুৰ আগৰ ষ্টপেজত, টোপনিতো কেতিয়াবা বাৰিষা আহে, দীৰ্ণ বসন্তৰ সৌৰভ, আপুনি আপোনাৰ স’তে যুদ্ধ কৰিব পাৰিবনে, মই, মোৰ নিৰাভৰণ আত্মাৰ শোকাৱহ শব্দবোৰ, কাইলৈৰ দিনটো আমাৰ হ’ব আৰু মোৰ প্ৰিয় সপোনৰ ওচৰে-পাঁজৰে । তেওঁৰ আন এখন কাব্যগ্ৰন্থ হৈছে কৰিমগঞ্জৰ পৰা ৰে’লেৰে আহোঁতে আহোঁতে ।

তেওঁ লাভ কৰা পুৰস্কাৰ তথা সন্মানসমূহ হৈছে - ১৯৯২ চনত অসম কবি সমাজে আগবঢ়োৱা মৃণালিনী দেৱী গোস্বামী সোঁৱৰণী বঁটা, ২০০২ চনত দলিত সাহিত্য একাডেমি (অসম শাখা)য়ে আগবঢ়োৱা বীৰ বীৰসা মুণ্ডা পুৰস্কাৰ, ২০১১ চনত অসমৰ চৰ-চাপৰি সাহিত্য পৰিষদে আগবঢ়োৱা ওচমান আলী সদাগৰ সমন্বয় বঁটা, ২০১৪ চনত নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে আগবঢ়োৱা ক্ৰান্তিকাল সাহিত্য সন্মান, ২০১৫ চনত অসম সাহিত্য সভাই আগবঢ়োৱা নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা, ২০১৬ চনত অসমৰ এপিপিএল ফাউণ্ডেচনে আগবঢ়োৱা শিৰিষ-অইল সাহিত্য বঁটা, ২০১৬ চনত মুম্বাইৰ ৰমানাথ ভট্টাচাৰ্য ফাউণ্ডেচনে আগবঢ়োৱা পণ্ডিত পদ্মনাথ বিদ্যাবিনোদ স্মৃতি সাহিত্য পুৰস্কাৰ, ২০১৭ চনত গুৱাহাটীৰ মেগৰ শৈক্ষিক ন্যাসে আগবঢ়োৱা অসম উপত্যকা সাহিত্য বঁটা, ২০১৮ চনত ভাৰত চৰকাৰ‍ৰ অধীনষ্ঠ সাহিত্য একাডেমিয়ে ‘কাইলৈৰ দিনটো আমাৰ হ’ব’ কাব্য সংকলনৰ বাবে আগবঢ়োৱা সাহিত্য একাডেমি বঁটা আৰু ২০২০ চনত অসমৰ চাহ জনজাতি সাহিত্য সভাই আগবঢ়োৱা মেঘৰাজ কৰ্মকাৰ সাহিত্য বঁটা ।

বিশিষ্ট কবিগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে । দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা কবিগৰাকীক যথেষ্ট আৰ্থিক সংকটৰ মাজত দীৰ্ঘদিন ধৰি দিল্লীত চিকিৎসা কৰি থকা হৈছিল । ৰাইজৰ দান-বৰঙণিৰে চিকিৎসা গ্ৰহণ কৰা সনন্ত তাঁতিৰ নশ্বৰদেহ অসমলৈ অনাৰ ক্ষেত্ৰত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক ।

লগতে পঢ়ক: বিশিষ্ট চিকিৎসক ডাঃ পাৰ্থসাৰথি বৰুৱাৰ দেহাৱসান

Last Updated :Nov 25, 2021, 1:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.