ETV Bharat / city

বৰখাটাত বলেৰ' পিক আপ ভান বাগৰি নিহত এজন

author img

By

Published : May 25, 2021, 6:02 PM IST

Updated : May 29, 2021, 10:52 AM IST

ৰঙিয়া-বাক্সাৰ সীমান্তৰ বৰখাটাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন ৷ গুৰুতৰভাৱে আহত তিনিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷ ৰাজহুৱা বিতৰণৰ চাউল কঢ়িওৱা বাহনখনে পথৰ ওপৰত বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷

rangia rangia baksa road accident
rangia rangia baksa road accident

ৰঙিয়া, 25 মে' : ৰঙিয়া বাক্সা সীমান্তৰ বৰখাটাত ভয়ংকৰ পথ দুৰ্ঘটনা । চাউল ভৰ্তি বলেৰ' পিক আপ ভানে নিয়ন্ত্ৰন হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে ৷ জানিব পৰা মতে AS- 25- CC 5246 নম্বৰৰ চাউল ভৰ্তি পিক আপ ভেন খনত আছিল 7 গৰকীকৈ শ্ৰমিক ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন শ্ৰমিক আৰু আহত হয় গুৰুতৰভাৱে আহত হৈছে বাহনখনত থকা আন ৬ জনকৈ শ্ৰমিক ৷

নিহত শ্ৰমিকজন তামুলপুৰৰ বৰখোপাৰ উৎপল দাস (৩৪) বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আটাইকেইজনকে ততাতৈয়াকৈ ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আহত লোক কেইজন ক্ৰমে ৰমণী দাস, কবি দাস, অমৰ ৰাভা, ৰবীন দাস, জ্যোতিষ দাস আৰু হাৰেজ আলী ৷

ৰঙিয়া বাক্সাৰ সীমান্তৰ বৰখাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

পৰৱৰ্তী সময়ত ৰঙিয়া চিকিৎসালয়ৰ পৰা সংকটজনক অৱস্থাত তিনিজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ উল্লেখ্য যে, তামুলপুৰ বহুমুখী সমবায় সমিতিৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল খিনি পিক আপ ভেনেৰে এজন এজেন্টৰ ঘৰলৈ নি থকা অৱস্থাতে ৰঙিয়া-ভূটান পথৰ বৰখাটাত দুৰ্ঘটনাত পতিত হয় ৷

লগতে পঢ়ক : য়াছৰ ফলত ওড়িশা-পশ্চিমবংগৰ সীমান্তত ভূমিস্খলনৰ সম্ভাৱনা

Last Updated : May 29, 2021, 10:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.