ETV Bharat / city

খাৰুপেটীয়াত মুকলি অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ!

author img

By

Published : Oct 3, 2019, 10:54 PM IST

দৰঙৰ খাৰুপেটীয়াত বাৰোৱাৰী পূজা মন্দিৰত মুকলি অসমৰ সৰ্ববৃহত পূজা মন্দিৰৰ দ্বাৰ ৷ বিক্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে পূজা মন্দিৰৰ দ্বাৰ ৷

খাৰুপেটীয়াত মুকলি অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ!

নিউজ ডেস্ক, 3 অক্টোবৰঃ ঐতিহ্যমণ্ডিত খাৰুপেটীয়া বাৰোৱাৰী পূজা মন্দিৰৰ দ্বাৰ উদঘাটন কৰে অসমৰ স্বাস্থ্য, বিত্ত তথা গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । খাৰুপেটীয়াত আঢৈ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা বাৰোৱাৰী মন্দিৰটো অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ বুলি অভিহিত কৰে মন্ত্ৰী গৰাকীয়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মঙলদৈ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ।

খাৰুপেটীয়াত মুকলি অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ!


ইপিনে নলবাৰী কলেজ চ’ৰ মধ্য নলবাৰী সাৰ্বজনী দুৰ্গাপূজা স্থলীটো মহাষষ্ঠীকলৈ ব্যাপক প্ৰস্তুতি ৷ সুদীৰ্ঘ ১৮ টা বছৰ গৰকা পূজা সমিতিখনে ভক্তই স্বইচ্ছাৰে কৰা দান বৰঙনিৰে চলি আহিছে পূজাভাগ ৷

খাৰুপেটীয়াত মুকলি অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ!

আনফালে মহানগৰীৰ বিষ্ণুপুৰত ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । বিষ্ণুপূৰ সাৰ্বজনীন দুৰ্গা কমিটিয়ে এইবাৰ ৰাম মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে দুৰ্গা মণ্ডপ । ইতিমধ্যে ৯৫ শতাংশ কাম সম্পূৰ্ণ হৈ উঠিছে মণ্ডপটোৰ ৷ বৃহস্পতিবাৰে নিশাৰ ভিতৰত পূজা মণ্ডপটোৰ কাম সম্পূৰ্ণ হৈ উঠাৰ আশা প্ৰকাশ কৰিছে পূজা কমিটিৰ কৰ্মকর্তা সকলে ।

খাৰুপেটীয়াত মুকলি অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ!

গুৱাহাটীৰ সমীপৱৰ্তী ৰাণী পাটগাঁৱৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বুঢ়া গোঁসানী দেৱী দুৰ্গা মন্দিৰৰ বিশাল শোভাযাত্ৰা আৰু ১০০ খন পতাকাৰে শুভ উদ্বোধন দু্ৰ্গা পূজাৰ । শোভাযাত্ৰা মুকলি কৰে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

খাৰুপেটীয়াত মুকলি অসমৰ সৰ্ববৃহত দুৰ্গা মন্দিৰ!
Intro:দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি নলবাৰীতBody:কাইলৈ মহাষষ্ঠী৷দুৰ্গতি নাষিনী দেৱী দূৰ্গাৰ মহাষষ্টীৰ প্ৰাক ক্ষণত সাজু হৈছে পূজাস্থলী সমূহ৷এয়া নলবাৰী কলেজ চ’ৰ মধ্য নলবাৰী সাৰ্বজনী দূৰ্গা পূজা স্থলী৷এই পূজা সমিতিয়ে কোনো দান বৰঙনি উঠাবলৈ নাযায় বাহিৰত৷ইয়াৰ পৰিৱৰ্তে ভক্তই স্বেচ্ছাই দেৱীৰ পূজালৈ আগবঢ়াই দান বৰঙনি৷আৰু এনেদৰে এই পূজা গৰকিলে ১৮ টা বছৰ৷এইবাৰো অতি ?উলহ মালহৰে আয়োজন কৰা হৈছে পূজাভাগি৷গুৱাহাটীৰ পৰা অনা দূৰ্গাৰ প্ৰতিমাত কৰা হব পূজা৷পূজাস্থলীত দিয়া হৈছে ৰভা৷আলোক সজ্জাৰে নিশালৈ পোহৰাই তুলিব পূজাস্থলী৷নিৰাপত্তাৰ দিশতো দিয়া হব বিশেষ গুৰুত্ব৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.