ETV Bharat / city

বিক্ৰেতা সন্থাৰ প্ৰতিনিধিৰে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Mar 23, 2020, 11:02 PM IST

মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে সোমবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে ৷ এই বৈঠকত উপস্থিত থাকে অত্যাৱশ্যকীয় সামগ্ৰী সেৱাৰ ব্যৱসায়িক সন্থাসমূহৰ প্ৰতিনিধি ৷

বিক্ৰেতা সন্থাৰ প্ৰতিনিধিৰে বৈঠক
মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী, 23 মাৰ্চ : কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে চৰকাৰে বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ ফলত একাংশ অসাধু ব্যৱসায়ীয়ে ইয়াৰ সুবিধা গ্ৰহণ কৰি গ্ৰাহকৰ পৰা অধিক মূল্যত সামগ্ৰী বিক্ৰী কৰিছে ৷ এই সন্দৰ্ভত সংবাদ মাধ্যমে ধাৰাবাহিকভাৱে বাতৰি পৰিবেশন কৰি অহাৰ পাচতে সোমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এখন বিশেষ বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বাছী, সঞ্চালক মানস নাথ, জিলা উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী সেৱাৰ ব্যৱসায়িক সন্থাসমূহৰ প্ৰতিনিধি ৷

এই জটিল পৰিস্থিতিতো ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহ'বৰ বাবে যাৱতীয় ব্যৱস্থা ল'বলৈ সকলোকে নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী চৌধুৰীয়ে ৷ তদুপৰি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ লগত জড়িত সুলভ মূল্যৰ ব্যৱসায়ীসকলকো হিতাধিকাৰীৰ মাজত নিয়মীয়াকৈ সামগ্ৰী বিতৰণ কৰিবলৈ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, এনে পৰিস্থিতিত কৃত্ৰিম নাটনি দেখুৱাই মুনাফা আদায় কৰিব বিচৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি, ৰাইজক সজাগ হৈ থকাৰ লগতে কোনো অনিয়ম সংঘটিত হ'লে ততাতৈয়াকৈ প্ৰশাসনক খবৰ দিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে ৷

আৰু পঢ়ক : ক’ৰণা ভাইৰাছৰ সংক্ৰমণকলৈ তৎপৰ কোকৰাঝাৰ প্ৰশাসন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.