ETV Bharat / city

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ উত্তাল জি এছ ৰোড

author img

By

Published : Dec 18, 2019, 2:01 PM IST

জি এছ ৰোডেৰে বৃহৎ সমদল বাহিৰ কৰি গণ সত্যাগ্ৰহৰ বাবে লতাশিলত মিলিত হ'ল সহস্ৰাধিক জনতা ৷ ছাত্ৰ-ছাত্ৰী, উকীলকে আদি কৰি সাধাৰণ জনতাই চৰকাৰ বিৰোধী শ্লগানেৰে উত্তাল কৰি তুলিলে মহানগৰীৰ আকাশ-বতাহ ৷

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ উত্তাল জি এছ ৰোড
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ পুনৰ উত্তাল জি এছ ৰোড

গুৱাহাটী, 18 ডিচেম্বৰ: ৰাজ্যত ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনে ৷ আজি উচ্চতম ন্যায়ালয়ত কেবৰ বিৰোধিতাৰে বিভিন্ন লোকে দাখিল কৰা পুনৰীক্ষণৰ আবেদনৰ শুনানিৰ মাজতে মহানগৰীত কেব বিৰোধী শ্লগানত পুনৰ কঁপিল জি এছ ৰোড ৷ আছুৰ গন সত্যাগ্ৰহত অংশ ল'বলৈ ওলাই আহিল ছাত্ৰ-ছাত্ৰীকে আদি কৰি সহস্ৰাধিক জাতি-প্ৰেমী জনতা ৷

চৰকাৰৰ বিভিন্ন বাধা-নিষেধাজ্ঞা নেওচি জি এছ ৰোড হৈ লতাশিল খেল পথাৰলৈ এক বৃহৎ সমদল বাহিৰ দৰে প্ৰতিবাদকাৰী সকলে ৷ সমদলৰ কালছোৱাত প্ৰতিবাদকাৰী ৰাইজে বিভিন্ন "কা" আৰু চৰকাৰ বিৰোধী শ্লগানেৰে মহানগৰীৰ আকাশ-বতাহ কঁপাই তোলাৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি ৰাইজক সকীয়াই দিয়ে ৷

জি এছ ৰোডেৰে বৃহৎ সমদল বাহিৰ কৰি গণ সত্যাগ্ৰহৰ বাবে লতাশিলত মিলিত হ'ল সহস্ৰাধিক জনতা

আৰু পঢ়ক: হিমন্তই বোমা পিষ্টল লৈ ডকাইতি কৰিছিলঃ প্ৰদ্যুৎ বৰদলৈ

Intro:
নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে পুনৰ উত্তাল জি এছ ৰোড






Body:ৰাজ্যত তীব্ৰ ৰূপ ধাৰণ কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন। ৰাজ্যজুৰি দল সংগঠন, ছাত্র ছাত্ৰী, সাধাৰণ জনতাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে। বুধবাৰে C (A)A বিৰূদ্ধে সদৌ অসম ছাত্ৰ সন্থাই জি এছ ৰোডত এক প্ৰতিবাদী সমদল উলিয়াই যত উকীল, ছাত্ৰ-ছাত্রীকে ধৰি শ শ সাধাৰণ জনতাৰ লগতে বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰি বিভিন্ন চৰকাৰ বিৰোধী ধবনিৰে জি এছ ৰোডৰ আকাশ-বতাহ কঁপাই তোলে। এই প্ৰতিবাদী সমদল লতাশিল খেল পথাৰত গণ সত্যাগ্ৰহৰ বাবে সন্মিলিত হয়।

Bite

Visual send through Live U






Conclusion:Aarar Ansari and Pallav Bora Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.