Made in Nalbari চাবলৈ 2 ডিচেম্বৰত যাওক ছবি ঘৰলৈ

author img

By

Published : Aug 29, 2022, 4:39 PM IST

Updated : Aug 29, 2022, 5:09 PM IST

made in nalbari

আহি আছে এখন নতুন অসমীয়া ছবি ৷ ব্যতিক্ৰমী চিন্তাধাৰাৰে সম্পৰ্কৰ আধাৰত নিৰ্মাণ হোৱা এখন অৰ্থপূৰ্ণ অসমীয়া ছবি ৷ নাম ‘মেড ইন নলবাৰী’ ৷ নৱ-প্ৰজন্মৰ কেইগৰাকীমান উদ্যমী যুৱক-যুৱতীৰ প্ৰচেষ্টাত গঢ় লৈ উঠা Flashback Films বেনাৰত নিৰ্মাণ হৈছে এই ছবিখন ৷ সবিশেষ আগলৈ-

চিটাৰা ডেস্ক, 29 আগষ্ট : ক্ৰমাৎ যেন আগবাঢ়িব ধৰিছে অসমীয়া ছবিৰ ধাৰা ৷ ইখনৰ পিছত সিখনকৈ নিৰ্মাণ হৈছে অসমীয়া ছবি ৷ সঁহাৰিও লাভ কৰিছে ছবিসমূহে চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ পৰা ৷ অৱশ্যে প্ৰতিখন চিনেমাই সমান্তৰালকৈ দেখা নাই সফলতাৰ দুৱাৰ ৷ কিন্তু তাৰ মাজতে আকৌ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি ৰৈছে লোকেল উৎপাতৰ দৰে চিনেমা ৷

made in nalbari
মেড ইন নলবাৰী

অসমীয়া চিনেমা নিৰ্মাণৰ এই গতিত সংযুক্ত হ’লহি আৰু এখন অসমীয়া চিনেমা, নাম ‘মেড ইন নলবাৰী’ ৷ সপোন পিয়াসী মন কেইটামানৰ এখন অপূৰ্ব সৃষ্টি Made In Nalbari ৷ ছবিখনৰ নিৰ্মাতাসকলৰ ই আছিল এক বহুদিনীয়া সপোন ৷

মেড ইন নলবাৰী

দেওবাৰে গুৱাহাটীত ছবিখনৰ প্ৰথমখন Motion poster মুকলি কৰা হয় (Made in Nalbari motion poster) ৷ ছবিখনৰ ফাৰ্ষ্ট লুকটোৱে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ প’ষ্টাৰ মুকলি অনুষ্ঠানত ছবিখনৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়েই চলচ্চিত্ৰ প্ৰেমী দৰ্শকে এই ছবিখন চাই ভাল পাব বুলি আশাবাদী ৷

ছবিখন নিৰ্মাণ কৰি উলিয়াইছে গুৱাহাটীস্থিত স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা তনুজ নাথে ৷ নদী মাথো বয় খ্যাত বঁটা বিজয়ী চিত্ৰ নিৰ্মাতা ঝুলন কৃষ্ণ মহন্তই ছবিখনৰ কাহিনী সম্পাদনা কৰিছে ৷ অসমীয়া ছবিজগতৰ প্ৰবীণ অভিনেতা অৰুণ নাথকে ধৰি বিভূতি ভূষণ হাজৰিকা, জিন্টু কুমাৰ কাশ্যপে অভিনয় কৰিছে মুখ্য চৰিত্ৰত ৷ তাৰ সমান্তৰালকৈ স্বাগতা ভৰালী, ডলি কলিতা আৰু নৰ্মদা দাসে সহ-অভিনেত্ৰীৰ চৰিত্ৰত গুৰুত্বপূৰ্ণ অভিনয় কৰিছে (Made in Nalbari movie cast) ৷

made in nalbari
মেড ইন নলবাৰী

মাজুলীৰ পৰা কাজিৰঙালৈকে অসমৰ চুকে-কোণে বিভিন্ন পৰিৱেশৰ শীতকালৰ মনোমোহা দৃশ্য দেখুওৱা হৈছে ছবিখনত ৷ Made In Nalbari প্ৰকৃততে এখন Road drama, য’ত তিনিজন মানুহৰ জীৱনৰ বিভিন্ন পৰ্যায় দাঙি ধৰা হৈছে ৷ এটা সামান্য টেক্সী যাত্ৰাৰেই নিজকে আৱিষ্কাৰ কৰাৰ লগতে ই কেনেদৰে তেওঁলোকৰ জীৱনৰ মাত্ৰা সলনি কৰি পেলাই তাকেই অতি সাৱলীল ধৰণে উপস্থাপন কৰা হৈছে ছবিখনত ৷

ছবিখনত কেমেৰাৰ কাম কৰিছে বঁটা বিজয়ী DoP চন্দ্ৰ কুমাৰ দাসে ৷ চাউণ্ড ডিজাইনিঙৰ কাম কৰিছে দেৱজিত গায়নে ৷ ছবিখনত বেকগ্ৰাউণ্ড মিউজিকৰ কাম কৰিছে বিখ্যাত গায়িকা তৰালি শৰ্মাই ৷

made in nalbari
মেড ইন নলবাৰী

সৰুৰে পৰাই ছবিৰ প্ৰতি আগ্ৰহী তনুজ নাথে সহযোগী পাৰ্থ শইকীয়াৰে সৈতে ছবিখনৰ গীত সমূহ ৰেণ্ডাৰ কৰিছে ৷ তনুজ নাথ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ এগৰাকী প্ৰৱক্তা ৷ প’ষ্টাৰ মুকলি অনুষ্ঠানত তেওঁ ব্যক্ত কৰে কেনেকৈ এই ছবিখনৰ কাহিনী তেওঁৰ মনলৈ আহিল ৷ জেষ্ঠ্য অভিনেতা অৰুণ নাথে জানিবলৈ দিয়ে যে আধা চিত্ৰনাট্য পঢ়িয়েই তেওঁ এই কাহিনীৰ প্ৰেমত পৰিছিল ৷

চলিত বৰ্ষৰ 2 ডিচেম্বৰত ছবিখনে অসমৰ চলচ্চিত্ৰ গৃহত মুক্তি লাভ কৰিব (Made in Nalbari release date) ৷

লগতে পঢ়ক : মোৰ শেষ গান ছবিখনৰ শীৰ্ষগীত আৰু প’ষ্টাৰ মুকলি

Last Updated :Aug 29, 2022, 5:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.