নুনমাটি আৰক্ষীৰ পদূলিৰ পৰা দুৰ্বৃত্তই লুটি নিলে SBI গ্ৰাহকৰ ধন

author img

By

Published : Nov 1, 2021, 10:47 PM IST

Money theft from SBI customer in front of SBI noonmati
নুনমাটি আৰক্ষীৰ পদূলিৰ পৰা দুৰ্বৃত্তই লুটি নিলে SBI গ্ৰাহকৰ ধন ()

ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰ্যবসিত হৈছে ৰাজধানী গুৱাহাটী মহানগৰী । আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ গুৱাহাটীত প্ৰতিনিয়ত বৃদ্ধি পাব ধৰিছে চুৰি-ডকাইতি তথা হত্যা-হিংসাৰ ঘটনা । নিশাৰ কথাটো বাদেই দিনৰ ভাগতো দুৰ্বৃত্তই লুটি লৈ গৈছে ধন তথা আ-অলংকাৰ ।

গুৱাহাটী, ১ নৱেম্বৰ : মহানগৰীৰ নুনমাটি ষ্টেট বেংকৰ সন্মুখত সোমবাৰে দিন দুপৰতে সংঘটিত হয় ডকাইতি কাণ্ড ৷ সোমবাৰে দিনৰ প্ৰায় ৩ বজাত ক’লা ৰঙৰ পালচাৰত অহা দুজনীয়া দুৰ্বৃত্তই এজন লোকৰ পৰা লুটি নিয়ে প্ৰায় ৩.৫০ লাখ টকা । ভুক্তভোগী লোকজন নুনমাটি জয়ন্ত নগৰ নিবাসী মহম্মদ চফিকুল হক(৪০) ৷

নুনমাটি আৰক্ষীৰ পদূলিৰ পৰা দুৰ্বৃত্তই লুটি নিলে SBI গ্ৰাহকৰ ধন

পেছাত এজন ঠিকাদাৰ চফিকুল হকে(৪০) ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নুনমাটি শাখাত পৰা ৩ লাখ ৫০ হাজাৰ টকা উলিয়াই নিয়াৰ সময়তে সংঘটিত হয় এই ডকাইতি কাণ্ড ৷ চফিকুলে নিজৰ চাৰিচকীয়া বাহনত টকাখিনি ৰখাৰ সময়ত এজন লোকে ছফিকুল হকৰ বাহনখনৰ পিছপিনৰ এটা চকা পামচাৰ হোৱা বুলি কোৱাত তেওঁ পিছলৈ ঘূৰি চায় ৷ ইয়াৰে সুযোগলৈ পালচাৰ বাইকত অহা দুৰ্বৃত্ত দুজনে গাড়ীৰ ভিতৰত থকা টকাৰ বেগটো লৈ উধাও হয় ।

বেংকৰ গ্ৰাহকজনে এই দৃশ্য প্ৰত্যক্ষ কৰি চোৰ চোৰ বুলি চিঞৰে যদিও দুৰ্বৃত্ত দুজনে তীব্ৰ বেগেৰে বাইক চলাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । এই সমগ্ৰ ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে চি চি টি ভি কেমেৰাত । ডকাইতি কাণ্ডটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ চি চি টি ভি ফুটেজ সংগ্ৰহ কৰাৰ লগতে ভুক্তভোগী লোকজনে দিয়া এজাহাৰৰ ভিত্তিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । মন কৰিবলগীয়া যে, এই ডকাইতিকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত আছে নুনমাটি আৰক্ষী থানা ।

লগতে পঢ়ক : পিতৃৰ পৰা 50 হাজাৰ টকা আনি নিদিয়াৰ বাবে পত্নীক ব্লেডেৰে আঘাত নাছিৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.