ETV Bharat / city

Microfinance-ৰ ঋণ ৰেহাই আছিল এক 'ঝুমলা' : ববিতা শৰ্মা

author img

By

Published : Jun 19, 2021, 10:52 PM IST

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলা সকলক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে আখৰে ৰক্ষা কৰা হ'ব । গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা 'ৰাজনৈতিক বিবৃতি' হৈ পৰিল । বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাথোঁ এক ইভেণ্ট মেনেজমেণ্ট হিচাবে ব্যৱহাৰ কৰিছে, য'ত ৰাইজক একত্ৰিত কৰি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয় বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই ৷

মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই আছিল এক 'ঝুমলা' : ববিতা শৰ্মা
মাইক্ৰ'ফাইনেঞ্চৰ ঋণ ৰেহাই আছিল এক 'ঝুমলা' : ববিতা শৰ্মা

গুৱাহাটী,১৯ জুন: মাইক্ৰ'ফাইনেঞ্চ(Microfinance )ৰ ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্যৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে । এক বিবৃত্তি যোগে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষা ববিতা শৰ্মাই কয় যে, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী সভাত দিয়া তেওঁৰ ভাষণ মাথো এটা "ৰাজনৈতিক বিবৃতি আছিল ৷ এইয়া কোনো চৰকাৰী বিবৃতি নহয়" বুলি দিয়া মন্তব্যও অত্যন্ত নিন্দনীয় ।

ববিতা শৰ্মাই ইয়াৰ লগতে কয় যে, ' মুখ্যমন্ত্ৰী শৰ্মাই কেৱল ঋণ ৰেহাইক এক আকৰ্ষণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতো বিধানসভাত আশ্বাস দিছিল যে মহিলা সকলক ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই সম্বন্ধে দিয়া প্ৰতিশ্ৰুতিবোৰ আখৰে-আখৰে ৰক্ষা কৰা হ'ব । গতিকে সেই প্ৰতিশ্ৰুতি এতিয়া কেনেকৈ মাথো এটা 'ৰাজনৈতিক বিবৃতি' হৈ পৰিল । এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে, সেই লাখ-লাখ মহিলা ক্ষুদ্ৰ বিত্তীয় ঋণ দাতাৰ কি হ'ব !

যিসকলে নিৰ্বাচনী সভাত বিপুল সংখ্যাত উপস্থিত হৈছিল আৰু তেতিয়াৰ বিত্ত মন্ত্ৰীৰ আশ্বাসক 'শিলৰ ৰেখা' বুলি বিশ্বাস কৰিছিল । আনকি, মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰীহ মহিলা সকলক কিয় কোৱা নাছিল যে ক্ষুদ্ৰ বিত্তীয় ঋণ ৰেহাই ক্ষেত্ৰত কিছুমান নিৰ্দেশনা প্ৰযোজ্য হ'ব । এতিয়া এই নিৰ্দেশনা সমূহৰ ফলত লাখ লাখ মহিলা এই সুবিধাৰ পৰা বঞ্চিত হ'ব বুলি ববিতা শৰ্মাই মন্তব্য কৰে ।

অধ্যক্ষা গৰাকীয়ে বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, এটা দলৰ নেতাৰ পৰা আৰু ইয়াতকৈ বেছি আশা নোৱাৰি । যিটো দলে মাথো মিছা নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ওপৰত ভিত্তি কৰিয়ে ক্ষমতা আহৰণ কৰি আহিছে, সেই চৰকাৰে ৰাইজক সহায় কৰাত ব্যৰ্থ হ'ব বুলিয়ে মন্তব্য কৰে ববিতা শৰ্মাই । ইপিনে, প্ৰতিজন নাগৰিকৰ বেংক একাউণ্টত ১৫ লাখ টকাৰ প্ৰতিশ্ৰুতিৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলেও বছৰি ২ কোটি চাকৰিৰ প্ৰতিশ্ৰুতি পাহৰিব নালাগে আৰু চাহ বাগিচাৰ সম্প্ৰদায়েও মজুৰি বৃদ্ধিৰ নামত কৰা চৰম বিশ্বাস ঘাতকতাক পাহৰিব নালাগে বুলি উল্লেখ কৰে অধ্যক্ষা গৰাকীয়ে ।

আনহাতে, বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰক মাথো এক ইভেণ্ট মেনেজমেণ্ট হিচাপে ব্যৱহাৰ কৰিছে, য'ত ৰাইজক একত্ৰিত কৰি তেওঁলোকৰ মিছা প্ৰতিশ্ৰুতি শুনোৱা হয় । দৰাচলতে তেওঁলোকৰ বাবে ঋণ ৰেহাই আছিল এক 'ঝুমলা' । ৰাজ্যত এতিয়া এই প্ৰতাৰণাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে । চৰকাৰৰ এজন দায়িত্বশীল মন্ত্ৰী তথা জ্যেষ্ঠ নেতাৰ ৰাজহুৱা আশ্বাসক বিশ্বাস কৰাটোৱে এই সকল মহিলাৰ দোষ আছিল নেকি বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে ববিতা শৰ্মাই ।

উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছে মহিলা ঋণ দাতাৰ মুঠ সংখ্যা, চৰকাৰে গ্ৰহণ কৰা বিভিন্ন শ্ৰেণী আৰু নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই লাভ কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ নিৰ্দেশনা অনুসৰি কিমান গৰাকী মহিলাই ঋণ ৰেহাই সুবিধাৰ পৰা বঞ্চিত হ'ব সেই সন্দৰ্ভত এখন শ্বেতপত্ৰ দাখিল কৰাৰ বাবেও চৰকাৰৰ দাবী জনায় অধ্যক্ষা ববিতা শৰ্মাই ।

অন্য এক খবৰৰ বাবে: অসম চিকিৎসা মহাবিদ্যালয়ত পুনৰ ক'ভিড আক্ৰান্ত শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.