ETV Bharat / city

যোৰাবাটত ব্ৰাউন চুগাৰসহ যুৱক আটক

author img

By

Published : Oct 18, 2019, 11:06 PM IST

তীব্ৰতৰ হৈছে যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ শেহতীয়াকৈ যোৰাবাট আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ যুৱক ৷

যোৰাবাটত ব্ৰাউন চুগাৰসহ যুৱক আটক

গুৱাহাটী, 18 অক্টোবৰ: অসম-মেঘালয়ৰ সীমান্তৱৰ্তী যোৰাবাটত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰকোপ ৷ দৈনিক যোৰাবাট আৰক্ষীৰ জালত পৰিছে ড্ৰাগছসহ সৰবৰাহকাৰী ৷ শুকুৰবাৰে যোৰাবাট আৰক্ষীয়ে গোপন সুত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত যোৰাবাট আৰক্ষী চকীৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ নাকা চেকিংত অভিযান চলাই অবৈধ ব্ৰাউন চুগাৰসহ আটক কৰে এজন যুৱকক ৷ আটকাধীন যুৱকজনৰ নাম চাহিদ মাৰবিনেন ৷ আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰা মতে গুৱাহাটীৰ পানবজাৰৰ পৰা বৰ্ণিহাটলৈ বাইকেৰে এই ব্ৰাউন চুগাৰখিনি নি আছিল ধৃত চাহিদে ৷ ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এন ডি পি এছৰ অধীনত গোচৰ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ যুৱকজনক জেৰা কৰাৰ পাছতহে অধিক তথ্য পোহৰলৈ আহিব ৷

Intro:যোৰাবাট আৰক্ষীৰ জালত জব্দ ব্ৰাউন চুগাৰসহ যুৱকক

Body:গুৱাহাটী, ১৮ অক্টোবৰ: যোৰাবাট আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত যোৰাবাট আৰক্ষী চকীৰ সন্মুখত থকা ৰাষ্ট্ৰীয় ঘাই পথত নাকা চেকিংত শুকুৰবাৰে অভিযান চলাই জব্দ কৰে ব্ৰাউন চুগাৰসহ যুৱকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰিত যুৱকজনৰ নাম চাহিদ মাৰবিনেন(১৯)। গুৱাহাটীৰ পানবজাৰৰ পৰা বৰ্ণিহাটলৈ বাইকেৰে এই ব্ৰাউন চুগাৰখিনি লৈ গৈ আছিল চাহিদে। ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীয়ে এন ডি পি এছৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.