ETV Bharat / city

22 জুলাইৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়ত

author img

By

Published : Jul 18, 2020, 9:32 PM IST

ৰাজ্যত বুধবাৰ অৰ্থাৎ 22 জুলাইৰ পৰা বন্ধ থাকিব সকলো আন্তঃজিলা যাতায়ত সেৱা । শনিবাৰে গ্ৰহণ কৰা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷

22 জুলাইৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়ত
22 জুলাইৰ পৰা ৰাজ্যত বন্ধ হ’ব আন্তঃজিলা যাতায়ত

গুৱাহাটী, ১৮ জুলাইঃ ৰাজধানী চহৰ গুৱাহাটীকে ধৰি সমগ্ৰ অসমতে যি ভয়ংকৰ হাৰত ক'ভিড সংক্ৰমণ আৰম্ভ হৈছে তালৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰ । প্ৰতিখন জিলাতে নিতৌ হোৰাহোৰে বৃদ্ধি পাব ধৰিছে ক'ভিড ৰোগীৰ সংখ্যা ।

এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে শনিবাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজ্যখনত বুধবাৰ অৰ্থাৎ 22 জুলাইৰ পৰা বন্ধ থাকিব সকলো আন্তঃজিলা যাতায়ত সেৱা । কোনো এখন জিলাৰ পৰা আন এখন জিলালৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো লোক । সংক্ৰমণ হ্ৰাস কৰাৰ বাবেই লোৱা হৈছে এই বৃহৎ সিদ্ধান্ত ।

মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই শনিবাৰে ঘোষণা কৰিছে এই কথা । ইতিমধ্যে এই সন্দৰ্ভত মুখ্য সচিবৰ দ্বাৰা স্বাক্ষৰিত প্ৰকাশ কৰা নিৰ্দেশটোত কোৱা হৈছে যে, পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত অসমত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব আন্তঃজিলা যাতায়ত সেৱা ।

অৱশ্যে জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে ব্যক্তিগত চিকিৎসা আৰু অন্তিম সৎকাৰৰ যাত্ৰাৰ বাবে যাতায়ত কৰিব পৰিব ৷ আনহাতে অত্যাৱশ্যকীয় সামগ্রী কঢ়িয়োৱা বাহনৰ ক্ষেত্ৰতো থাকিব ৰেহাই ৷

লগতে চাওক-অৰুণাচল প্ৰদেশৰ বিধায়ক ক’লনিক ক’ভিড চিকিৎসালৈ ৰূপান্তৰ কৰাক লৈ বিৰোধিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.