ETV Bharat / city

অসম দিৱস উপলক্ষে গাড়ীগাঁৱত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

author img

By

Published : Dec 3, 2020, 9:30 AM IST

অসম দিৱস উপলক্ষ্যে মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জালুকবাৰী সমিতিৰ উদ্যোগত এই শিবিৰৰ আয়োজন কৰা হয় ৷

অসম দিৱস
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

গুৱাহাটী, 3 ডিচেম্বৰ : চ্যুকাফা দিৱস অৰ্থাৎ অসম দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ জালুকবাৰী সমিতিৰ উদ্যোগত মহানগৰীৰ গাড়ীগাঁও ঈদগাহ ময়দানত এক স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় । জনসাধাৰণৰ মাজত স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই বিনামূলীয়া শিবিৰ অনুষ্ঠিত কৰা হয় । গুৱাহাটীৰ আগশাৰীৰ আকাংক্ষা হাস্পতালৰ কেইবাগৰাকীও অভিজ্ঞ চিকিৎসকে অঞ্চলটোৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।

অসম দিৱস
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

প্ৰসূতি আৰু স্ত্ৰীৰোগ, শিশু ৰোগ, শল্য বিভাগ, মেডিচিনৰ বিশেষজ্ঞ চিকিৎসকে লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে । লোকসকলৰ স্বাস্থ্য পৰীক্ষাৰ লগতে তেওঁলোকৰ প্ৰাথমিক পৰ্যায়ৰ ঔষধ-পাতি বিনামূলীয়াকৈ যোগান ধৰা হয় । ইয়াৰোপৰি প্ৰসূতি আৰু বয়োজ্যেষ্ঠ লোকসকলক স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে চিকিৎসকসকলে । উল্লেখযোগ্য যে, পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হোৱা এই স্বাস্থ্য শিবিৰত গাড়ীগাঁৱৰ প্ৰায় ডেৰ শতাধিক লোকে নিজৰ স্বাস্থ্য পৰীক্ষা কৰে ।

লগতে পঢ়ক : য়েছে দৰজে ঠংচিলৈ ২০২০ বৰ্ষৰ "চ্যুকাফা বঁটা" প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.