পি এম ৱাই’ৰ ঘৰ লাভ কৰিবলগীয়া সকলৰ তালিকাত শাসক দলৰ আত্মীয় !

author img

By

Published : May 19, 2022, 8:08 PM IST

governemnt-housing-scheme-fails-to-benefit-rural-poor-in-assam

দেশৰ পৰা গৃহহীন লোক সমুলি নাইকীয়া কৰাৰ সংকল্পৰে কেন্দ্ৰীয় চৰকাৰে যোৱা দুটা দশকৰো অধিক কাল‌ ধৰি চলাই থকা গৃহ নিৰ্মাণ আচনিয়ে অসমত এক আশাব্যঞ্জক পৰ্যায়ত উপনীত হৈছে বুলি‌ চৰকাৰে দাবী কৰি‌ আহিছে । কিন্তু তাকে লৈয়ো ৰাজ্যৰ গ্ৰাম্যাঞ্চলত ব্যপক দুৰ্নীতি আৰু স্বজন -তোষণ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে (Irregularity in distribution of house to beneficiaries) ।

গুৱাহাটী,19 মে’: ২০২৪ চনৰ ভিতৰত অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে ৰাজ্যত আৰু এটাও গৃহহীন পৰিয়াল নাথাকিব বুলি কৰা দাবী স্বাভাৱিকতে লক্ষণীয় বুলি বিবেচিত হৈছে । বৃহস্পতিবাৰে যোৰহাটত অনুষ্ঠিত এক ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা, কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং (Central minister Giriraj Singh) , ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Minister Ranjit Kumar Das) ২০২৪ চনৰ পিছত অসমত আৰু গৃহহীন পৰিয়াল নাথাকিব বুলি দাবী কৰিছে ৷

কিন্তু বিগত সময়ত আনতো বাদেই খোদ গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টি পাটাছাৰকুছিতে ৰাজনৈতিক হেঁচাত চৰকাৰী আঁচনিৰ ঘৰ পাবলগীয়া পৰিয়াল শেহতীয়া বৰ্ষসমুহত বঞ্চিত হৈ আহিছে (Scam in distributing housing scheme for poor) ৷ ই টি ভি ভাৰতৰ হাতত পৰা তথ্য অনুসৰি, নামনি অসমৰ জিলাকেইখনত এই দুৰ্নীতি স্বজন-তোষনৰ পৰিমান বেছি ।

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে পি এম ৱাই -জি’ৰ অধীনত নিৰ্মিত ঘৰ সমুহৰ নিৰ্মাণৰ মান আৰু হিতাধিকাৰীয়ে পাবলগীয়া পুঁজি, পুঁজিৰ ব্যৱহাৰ ইত্যাদি বিষয় সন্দৰ্ভত সামাজিক হিচাপ পৰীক্ষা ( ছছিয়েল অডিট)ৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দি আহিছে যদিও সেয়া সম্ভৱ হৈ উঠা‌ নাই (Rural poor in assam deprived of PMAY scheme) ।

গ্ৰামোন্নয়ন বিভাগৰ এক শীৰ্ষ সূত্ৰই জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি এই সামাজিক হিচাপ কৰাৰ দায়িত্ব ইতিমধ্যে গঠিত আছাম চ’ছাইটি ফ’ৰ চ’ছিয়েল অডিট চমুকৈ 'আছা' ক দিয়া হৈছিল যদিও সংস্থাটো সেই দায়িত্ব পালনৰ ব্যৰ্থ হৈছে (PMAY housing scheme fails in assam) । অভিযোগ অনুসৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে পি এম ৱাইৰ চ’ছিয়েল অডিট কৰোৱাৰ বাবে অতিৰিক্ত পুঁজি পাইছে যদিও সেই অনুসৰি অডিট বিশেষজ্ঞ নিযুক্তি নিদি বিষয়টো ওলোমাই ৰাখিছে ।

লগতে পঢ়ক: Mob lynching of Abhi Neel: কোন দিশে নীল অভি হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ?

গ্ৰামোন্নয়ন বিভাগে এই বৰ্ষটোতে সাত লাখ লোকক বাসগৃহ প্ৰদান কৰাৰ‌ বাবে লোৱা সিদ্ধান্ত আৰু আজি পাচ লক্ষাধিক পৰিয়ালক গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে আগবঢ়োৱাৰ সময়ত এই গৃহ নিৰ্মাণ আঁচনিক লৈ চলি থকা বিভিন্ন পৰ্যায়ৰ দুৰ্নীতি স্বজন-তোষনৰ বিষয়ক লৈ নাগৰিকৰ মাজত চৰ্চা আৰম্ভ হৈছে । প্ৰশ্ন উঠিছে- পি এম ৱাই-জি’ও (PMAY scheme in assam ) নিৰ্বাচনকেন্দ্ৰিক চমক কিম্বা হিতাধিকাৰী সৃষ্টিৰ কছৰৎ নেকি ?

স্মৰ্তব্য যে, ২০২১-২২ বৰ্ষত ৰাজ্যৰ পাঁচ লাখ গৃহহীন লোকক আজি আৰম্ভ কৰা এই আচঁনিৰ অধীনত গৃহ প্ৰদান কৰা হ'ব (five lakhs houses to beneficiaries) । এই আচঁনি ৰূপায়িত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহায্যৰে মুঠ ৭৭৩৯.৫ কোটি টকা খৰচ কৰিব । ইয়াৰে প্ৰথম কিস্তি হিচাবে আদিয়ে বিতৰণ কৰা হৈছে ১৬৫৬.৫০ কোটি টকা ।

চৰকাৰী তথ্য অনুসৰি, প্ৰতিটো ঘৰৰ বাবে হিতাধিকাৰীয়ে ১৩০,০০০ নগদ পোৱাৰ উপৰি‌ এম জিএন ৰেগাৰ ৯৫ দিনৰ কামৰ বিপৰীতে পাব লগা ২১৭৫৫ গ্ৰামোন্নয়ন বিভাগৰ পৰা লাভ কৰিব । অৰ্থাৎ, এটা গৃহৰ নিৰ্মাণ ব্যয় হিচাপে পৰিয়ালটোৱে পাব মুঠ ১,৫৫,৭৫৫ টকা । মনকৰিবলগীয়া যে, শেহতীয়াকৈ অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে পি এম ৱাই -জি প্ৰদান‌ কৰাৰ‌ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পুৰস্কৃতও হৈছে ।

কিন্তু তাৰ সমান্তৰালকৈ এই আচঁনিৰ অধীনত গৃহ আৱন্টন দিয়াৰ ক্ষেত্ৰত ব্যপক হাৰত দুৰ্নীতি আৰু স্বজন-তোষণৰ অভিযোগ উত্থাপিত হৈ আহিছে । অভিযোগ অনুসৰি, চলিত বৰ্ষটোতো পি এম ৱাই’ৰ ঘৰ লাভ কৰিবলগীয়া সকলৰ তালিকাত সোমাইছে ভাৰতীয় জনতা পাৰ্টীৰ লগতে মিত্ৰদল অসম গণ পৰিষদৰ সমৰ্থক আৰু স্থানীয় ৰাজনৈতিক নেতাৰ আত্মীয় ।

লগতে পঢ়ক: পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.