ETV Bharat / city

নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নৈশ বাছ

author img

By

Published : Nov 21, 2019, 11:29 PM IST

গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছিল নৈশ বাছখন ৷ যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ অগ্নিকাণ্ডৰ ফলত বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷

নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নৈশ বাছ

গুৱাহাটী, 21 নৱেম্বৰ: বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত যান্ত্ৰিক বিজুতিৰ ফলত হঠাৎ জ্বলি উঠিল গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী এখন নৈশ বাছ ৷ তিনিচুকীয়া অভিমুখে প্ৰায় প্ৰায় 50 যাত্ৰী যাত্ৰা কৰা AS-06BC-3477 নম্বৰৰ বাছখন নিজ গন্তব্যস্থান অভিমুখে যাত্ৰা কৰাৰ সময়তে খানাপাৰাত 37নং ৰাষ্ট্ৰীয় পথতে চলন্ত অৱস্থাত জ্বলি উঠে ৷ বাছখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে যদিও বাছখনৰ চালক আৰু কৰ্মচাৰীৰ তৎপৰতাত যাত্ৰীসকল বাছখনৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় ৷

নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাও দাওকৈ জ্বলিল নৈশ বাছ

ইফালে ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় খানাপাৰাৰ লগতে যোৰাবাট আৰক্ষীৰ এটা দল ৷ অৱশেষত বহুসময় ধৰি যুঁজাৰ পাছত দিছপুৰৰ পৰা অহা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বাছখনৰ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷ উল্লেখযোগ্য যে,অগ্নিকাণ্ডৰ ফলত বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ৷

আৰু পঢ়ক: মহানগৰীৰ সাউকুছিত অগ্নিকাণ্ড

Intro:ৰাষ্ট্ৰীয় ঘাই পথত দাও দাওকৈ জলিল নৈশ বাছ


Body:
গুৱাহাটী পৰা তিনিচুকীয়া লৈ গৈ থকা নৈশ বাছত অগ্নিকাণ্ড। খানাপাৰাতত 37 নং ৰাষ্ট্ৰীয় পথত চলন্ত বাছত হঠাত যান্ত্ৰিক বিজতিৰ ফলত AS 06 BC 3477 নং ত যাত্ৰা কৰা প্ৰায় 50 যাত্ৰীৰ মাজত হোৱা দুৱা লাগে। নৈশ বাছ চালক আৰু কৰ্মচাৰী তাৎপাৰত বাছত থকা সকলো যাত্ৰীক সুৰক্ষিত বাবে বছৰ বৰা বাহিৰলৈ ওলোৱা হয়। ঘটনাৰ খবৰ পাই ঘটনা স্থলত উপস্থিত হৈ খানাপাৰা যাব বাহন আৰক্ষীৰ লগতে বাশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ এটা দল। দিছপুৰ পৰা অহা এটা অগ্নিৰ নিৰ্বাপাক বাহিনীৰ দলে নৈশ বাছ লাগি থকা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুদিও নৈশ বাছ আগৰ ভাগ সম্পূৰ্ণ বাবে জলি জয়।



Bite যাত্ৰী

Super Excluisve Visual


Conclusion:Asrar Ansari
guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.