ETV Bharat / city

চলন্ত বাহনত দলবদ্ধ ধৰ্ষণ কিশোৰীক

author img

By

Published : Jul 25, 2019, 9:49 PM IST

পুনৰ লজ্জানত মহানগৰী ৷ চাৰি লম্পটৰ কামনাৰ বলি মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰীগৰাকী ৷

পুনৰ লজ্জানত মহানগৰী

গুৱাহাটী, 25 জুলাই : গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ অঞ্চলত পুনৰ 4 টা লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী ৷ ঘটনা অনুসৰি, যোৰাবাটৰ আঠমাইলৰ পৰা শ্বিলঙলৈ গৈ থকাৰ মুহূৰ্তত ট্ৰাকৰ ভিতৰতে কিশোৰী গৰাকীক দলবদ্ধভাৱে ধৰ্ষণ কৰে চাৰি নৰপিশাচে ৷ উল্লেখযোগ্য যে, যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰীগৰাকী । কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা ঘটনাটো পূৰ্বতে পৰিয়ালৰ লোকে যোৰাবাট আৰক্ষীক অৱগত কৰিছিল ৷ কিন্তু বুধবাৰে নিশা ৰহস্যজনকভাৱে শ্বিলঙত অজ্ঞান অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী ৷ ইয়াৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ ঘটনা সন্দর্ভত ইতিমধ্যে যোৰাবাট আৰু বশিষ্ট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিলে ৩ লম্পটক । ধৃত লম্পটকেইটা ক্ৰমে সঞ্জয় চক্ৰৱর্তী, ৰাকেশ ৰাজবংশী আৰু সোনকায় ৰাজবংশী ৷ পলাতক আন এজন অভিযুক্ত অসীম ৰাভা ৷

পুনৰ লজ্জানত মহানগৰী ৷ চাৰি লম্পটৰ কামনাৰ বলি মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰীগৰাকী
Intro:পুনৰ এক জঘন্য ঘটনা : ৪ লম্পটৰ কামনাৰ বলি এগৰাকী কিশোৰী


Body:হায়! মানৱতা। পুনৰ মানৱ সমাজক লজ্জানত কৰা এক ঘটনাই চুই গৈছে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰ অঞ্চলত।

পুনৰ ৪ লম্পটৰ কামনাৰ বলি হবলগীয়া হয় এগৰাকী কিশোৰী। ঘটনা অনুসৰি, যোৰাবাটৰ পৰা আঠমাইল, আঠমাইলৰ পৰা শ্বিলং লৈ লৈ গৈ থকাৰ মুহূৰ্তত ট্ৰাকৰ ভিতৰতে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰে চাৰি নৰপিশাচে।

উল্লেখযোগ্য যে মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰীগৰাকী যোৱা দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল। তাৰ পাছত প্ৰথমে কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা বুলি যোৰাবাট আৰক্ষীক অৱগত কৰিছিল পৰিয়ালৰ লোকে। কিন্তু বুধবাৰে নিশা ৰহস্যজনকভাৱে শ্বিলঙত অজ্ঞান অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকী।

আৰু তাৰ পিছতে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ঘটনা সন্দর্ভত ইতিমধ্যে যোৰাবাট আৰু বশিষ্ট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছে ৩ লম্পটক। ধৃত লম্পটকেইটা ক্ৰমে সঞ্জয় চক্ৰৱর্তী, ৰাকেশ ৰাজবংশী আৰু সোনকায় ৰাজবংশী। বৰ্তমানো পলাতক অসীম ৰাভা নামৰ মূল অভিযুক্তটো। সম্প্ৰতি উক্ত অভিযুক্ত কেইজনক বশিষ্ঠ আৰক্ষী থানাত সোধা পোছা কৰি থকা হৈছে।

Byte 1 and 2Conclusion:Asrar Ansari
Guwahati
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.