ETV Bharat / city

নিজ কন্যাক হত্যা কৰি অন্তৰ্ধান পিতৃ

author img

By

Published : Dec 13, 2021, 10:50 PM IST

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড (Sensational murder in Guwahati) ৷ পিতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কন্যাক । বিচনাত কম্বল দি ঢাকি থোৱা অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷

father flee after killing own daughter
father flee after killing own daughter

গুৱাহাটী, ১৩ ডিচেম্বৰ : গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড(Sensational murder in Guwahati)। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ গড়চুক আৰক্ষী থানাৰ অন্তৰ্গত পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত । পিতৃয়ে হত্যা কৰিলে ১৩ বছৰীয়া কন্যাক (Father killed daughter in Guwahati)। বিচনাত কম্বল দি ঢাকি থোৱা অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ ৷

আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, পূৱ বৰাগাঁৱৰ গোঁসাইগাঁৱত ভাড়াতীয়া হিচাপে আছিল পত্নী-কন্যাসহ বল বাহাদুৰ বিশ্বকৰ্মা । মাতৃ পাৰ্বতী বড়ো মালিগাঁও ক’ভিড চেন্টাৰত কৰ্মৰত । দেওবাৰে নিশা পিতৃ আৰু কন্যাক ঘৰত থৈ কৰ্তব্যলৈ ওলাই গৈছিল পাৰ্বতী বড়ো । সোমবাৰে বিয়লি ৩.৩০ মান বজাত মালিগাঁৱৰ পৰা ঘৰলৈ উভতি আহি ঘৰত তলা লগা দেখি ওচৰ চুবুৰীয়াক সোধ পোছ কৰে ৷

কিন্তু স্বামী আৰু কন্যাৰ কোনো খবৰ নাপায় ঘৰৰ তলা ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰি বিচনাত কম্বল দি ধাকি ৰখা অৱস্থাত কন্যাৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে পাৰ্বতীয়ে ।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে যদিও মৃতদেহটোত কোনো আঘাতৰ চিন পোৱা নাই । বিহ খুৱাই নাইবা গাৰুৰে হেচি কিশোৰীগৰাকীক পিতৃ বল বাহাদুৰে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ পৰিবাৰিক কণ্ডলৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ আৰক্ষীৰ । আনহাতে বৰ্তমানলৈ বল বাহাদুৰ বিশ্বকৰ্মাৰ কোনো সুং সূত্ৰ পোৱা নাই আৰক্ষীয়ে ।

লগতে পঢ়ক : Fake doctor arrested : বহিৰাগত দুই ভুৱা চিকিৎসকক আটক দুলীয়াজান আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.