ETV Bharat / city

চূড়ান্ত অৱহেলাৰ বাবে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছিল জল বিস্ফোৰণ: বিশেষজ্ঞ

author img

By

Published : Mar 28, 2022, 9:50 PM IST

‘‘নেপকোৰ চূড়ান্ত অৱহেলাৰ বাবে সংঘটিত হৈছিল জল বিস্ফোৰণ’’ নতুন দিল্লীৰ South Asia Network on Dams, Rivers and People(SANDRP) ৰ সমম্বয়ক হিমাংশু থাকাৰে (Himanshu Thakkar) য়ে এইদৰে মন্তব্য কৰি এই ঘটনাৰ এক স্বতন্ত্ৰ তদন্ত হ'ব লাগে । তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে বুলি দাবী কৰে ৷

expert-comment-on-neepco-hydroelectric-project-incident
চূড়ান্ত অৱহেলাৰ বাবে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছিল জল বিস্ফোৰণ

গুৱাহাটী,28 মাৰ্চ : শনিবাৰে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত (NEEPCO Hydroelectric Project) সংঘটিত হোৱা জল বিস্ফোৰণৰ ঘটনাই অসমত বৃহৎ নদী বান্ধৰ ভয়াবহতাৰ প্ৰতি পুনৰ এক আগজাননী প্ৰতিফলিত কৰিছে । জলবিদ্যুৎ প্ৰকল্পত হঠাৎ সংঘটিত জল বিস্ফোৰণ (Water explosion at Neepco Hydro Power Plant) ৰ ফলত নেপকোৰ তিনিগৰাকী কৰ্মচাৰীৰ মৃত্যু হৈছে । চৰকাৰে এয়া সহজ ঘটনা বুলি কৈ ঘটনাটোৰ এক নিয়মমাফিক তদন্তৰ ব্যৱস্থা কৰিছে । এই ঘটনাক লৈ দেশ জুৰি বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

এই সন্দৰ্ভত নতুন দিল্লীৰ South Asia Network on Dams, Rivers and People(SANDRP) ৰ সমম্বয়ক হিমাংশু থাকাৰে (Himanshu Thakkar) কয় যে, চৰকাৰ আৰু নেপকোৰ চূড়ান্ত অৱহেলাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হৈছে । লগতে তেওঁ কয় যে, 275 মেগাৱাটৰ কপিলি জলবিদ্যুৎ বান্ধে পুনৰ এক ডাঙৰ দুৰ্যোগৰ সন্মুখীন কৰা ঘটনাটোক সহজভাৱে ল'লে নহ'ব। ইয়াৰ আগতে, একেটা প্ৰকল্পই 2019 অক্টোবৰত দুৰ্যোগৰ সন্মুখীন হৈছিল । নিপকো হাইড্ৰ' প্ৰকল্পত এনেধৰণৰ কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱা দেখা গৈছে ।

কপিলি প্ৰকল্পত সংঘটিত দুটা দুৰ্ঘটনাৰ উপৰিও, নীপকোৰ দোয়াং আৰু ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা হঠাতে পানী এৰি দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে আৰু নীপকোৰ কামেং জলবিদ্যুৎ প্ৰকল্পত কেইবাটাও সমস্যাই প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে সমম্বয়কগৰাকীয়ে । এনে ঘটনাৰ কোনো বিশ্বাসযোগ্য স্বতন্ত্ৰ অনুসন্ধানৰ অভাৱত, ভৱিষ্যতৰ বাবে দায়বদ্ধতা আৰু অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ অভাৱত এনে দুৰ্যোগ পুনৰ সংঘটিত হোৱাৰ সম্ভাৱনা আছে বুলি আশংকা প্ৰকাশ কৰে হিমাংশু থাকাৰে ।

লগতে পঢ়ক : নীপকোৰ জলবিদ্যুৎ প্ৰকল্পত জল বিস্ফোৰণত নিহত তিনি

লগতে তেওঁ কয় যে, ডিমা হাছাওত হোৱা মূষলধাৰ বৰষুণৰ ফলত শনিবাৰে নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত এই ঘটনা সংঘটিত হৈছে বুলি এক প্ৰতিবেদন প্ৰকাশ পাইছে । নেপকোয়ে নিশ্চিতভাৱে বৰষুণৰ আগজাননী পাইছিল তেতিয়া কি কৰি আছিল বুলি প্ৰশ্ন কৰে সমম্বয়কগৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয়, এই ঘটনাৰ এক স্বতন্ত্ৰ তদন্ত হ'ব লাগে । তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হ'ব লাগে । আকৌ এই প্ৰকল্পটো পুনৰীক্ষণ হ’ব লাগে । প্ৰকল্পটো ভৱিষ্যতলৈ আগবঢ়ায় নিয়াৰ বিষয়ত আলোচনা কৰাৰ বাবে এখন স্বতন্ত্ৰ কমিটি গঠন হ'ব লাগে । এনেয়ে এই ঘটনাটোকলৈ পানী ঘোলা কৰি লাভ নাই বুলি তেওঁ কয় ।

হিমাংশু থাকাৰে কয় যে, সকলো নদী বান্ধে বিপদজনক । নদী বান্ধৰ আন্তঃগাঁথনিৰ গফিলতিতকৈ এই নদী বান্ধ পৰিচালনা কৰাৰ সামান্য গফিলতাই ভয়াবহ দুৰ্যোগ সৃষ্টি কৰিব পাৰে। তেওঁ কয় যে এই পৰিপ্ৰেক্ষিতত গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পুনৰীক্ষণ কৰা প্ৰয়োজন । এই প্ৰকল্পটো কেনেদৰে পৰিচালনা হৈ আছে সেই বিষয়টো অতি গুৰুত্বপূৰ্ণ । তেওঁৰ মতে, গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাম আগনঢ়োৱাতোয়ে ভাল হ'ব ।

উল্লেখ্য যে কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে(Union power minister RK singh) দুমাহ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ গেৰুৱামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ উৎপাদনৰ কাম অহা বছৰ আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে । প্ৰথম পৰ্যায়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ'ব । প্ৰকল্পটোৰ উৎপাদনৰ লক্ষ্য দুহাজাৰ মেগাৱাট বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে প্ৰকাশ কৰিছে ।

মনকৰিবলগীয়া যে, এন এইচ পি চিৰ দ্বাৰা নিৰ্মিত বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোয়ে অদূৰ ভৱিষ্যতে অসমৰ লখিমপুৰ, ধেমাজি, শোণিতপুৰ আদি জিলাকেইখনৰ মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি চৰম ভাবুকি আনিব বুলি আশংকা কৰিয়েই প্ৰকল্পটোৰ সুৰুক্ষা নিশ্চিত নোহোৱালৈকে ইয়াৰ কাম বন্ধ ৰখাৰ দাবী জনায় আছুকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলন কৰিছিল ।

লগতে পঢ়ক : NEEPCO ৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ তদন্ত আৰম্ভ

2001 চনত ব্ৰহ্মপুত্ৰ ব'র্ডৰ পৰা এই প্ৰকল্প নির্মাণৰ দায়িত্ব এন এইচ পি চিক অর্পণ কৰা হৈছিল । কিন্তু মূলতঃ ভূ-কম্পন এলেকাত নির্মাণ কৰিবলৈ লোৱা নামনি সোৱণশিৰি প্ৰকল্পই অদূৰ ভৱিষ্যতে অসমত সৃষ্টি কৰিব পৰা ভয়ানক বানপানী আৰু পাৰিপাৰ্শিক অৱক্ষয়ৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ জাতীয় দল-সংগঠনে বিৰামহীনভাৱে চলাই অহা প্ৰতিবাদৰ ফলত 2011 চনৰ পৰা প্ৰকল্পটোৰ কাম স্থগিত হৈ আছিল ৷

বিশেষজ্ঞৰ প্ৰতিবেদনত স্পষ্টভাৱে অভিযোগ উত্থাপন কৰা হৈছিল যে প্ৰজেক্ট অভাৰছাইট কমিটীত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পর্যায়ৰ বিশেষজ্ঞৰ লগতে আন্তঃৰাষ্ট্ৰীয় পর্যায়ৰ বিশেষজ্ঞ অন্তর্ভুক্ত কৰাৰ কথা আছিল যদিও উক্ত সমিতিত কোনো আন্তজাৰ্তিক বিশেষজ্ঞক স্থান দিয়া হোৱা নাই । ইফালে কেন্দ্ৰৰ বিশেষজ্ঞকেইজনে জলবিদ্যুৎ প্ৰকল্পটোৰ আসোঁৱাহসমূহ তন্ন তন্নকৈ নিৰীক্ষণ কৰি আশ্বস্ত হ'ব পৰাকৈ প্ৰতিবেদন দাখিল কৰাৰ পৰিৱৰ্তে নির্মাণকাৰী সংস্থাটোক জোৰকৈ ক্লীনছিট দিয়াৰহে চেষ্টা কৰিছিল ।

এই প্ৰকল্পই ভৱিষ্যতে ভয়ংকৰ বিপদৰ আগজাননী দি আছে বুলি South Asia Network on Dams, Rivers and People(SANDRP) ৰ সমম্বয়ক হিমাংশু থাকাৰে (Himanshu Thakkar) কয়। উল্লেখ্য যে, নেপকোৰ জলবিদ্যুৎ প্ৰকল্পত (NEEPCO Hydroelectric Project) সংঘটিত হোৱা জল বিস্ফোৰণৰ ঘটনাই হোজাই জিলাৰ যমুনাচীত অঞ্চলৰ নৈ পৰীয়া ৰাইজৰ মাজত এক হাহাকাৰ পৰিৱেশে বিৰাজ কৰি আছে । জল বিস্ফোৰণৰ ফলত ক্ৰমাৎ বৃদ্ধি পাইছে হোজাই জিলাৰ কাষৰীয়া কপিলী নৈৰ জলপৃষ্ঠৰ পানী (Rising water of Kapili River) ।

লগতে পঢ়ক : ক্ৰমাৎ বৃদ্ধি পাইছে হোজাই জিলাৰ কাষৰীয়া কপিলী নৈৰ জলপৃষ্ঠৰ পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.