ETV Bharat / city

২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ মানুহে পাব বিশুদ্ধ খোৱাপানী: মন্ত্রী জয়ন্তমল্ল বৰুৱা

author img

By

Published : Jul 7, 2022, 10:04 PM IST

PHE minister jayanta malla barua
২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ মানুহে পাব বিশুদ্ধ খোৱাপানী

জল জীৱন মিছনৰ ৰূপায়ণ সন্দৰ্ভত মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ সংবাদমেল (PHE minister Jayanta Malla Barua)। এতিয়ালৈকে ২৪ লাখ ৪১ হাজাৰ পৰিয়ালক জল জীৱন মিছনত সামৰি লোৱা হৈছে (Jal Jeevan Mission in Assam)। এইবছৰ ২৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ । ৰাজ্যৰ ৩৮ শত‍াংশ লোকক জল জীৱন মিছনৰ অধীনত পানীৰ সংযোগ দিয়া হৈছে । ২০২৪ ভিতৰত সকলোকে অৰ্থাৎ ৬৫ লাখ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ (Clean drinking water in Assam) ।

গুৱাহাটী,7 জুলাই: ‘‘জল জীৱন মিছনৰ অধীনত অসমৰ ২৪ লাখ ৪১ হাজাৰ পৰিয়ালত বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে । আনহাতে, ২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ মানুহে লাভ কৰিব বিশুদ্ধ খোৱাপানী (Clean drinking water in Assam)।’’ এই মন্তব্য জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নতুনকৈ দায়িত্ব লাভ কৰা মন্ত্রী জয়ন্তমল্ল বৰুৱাৰ । বৃহস্পতিবাৰে গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা এখন সংবাদমেলত এই কথা সদৰি কৰে মন্ত্রীগৰাকীয়ে ।

উল্লেখ্য যে, অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সংশ্লিষ্ট বিভাগৰ বিষয়াৰ সৈতে জল জীৱন মিছনৰ ৰাজ্যিক পৰ্যায়ৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয় । বৈঠকত মন্ত্রী জয়ন্তমল্ল বৰুৱাই জল জীৱন মিছনৰ বিভিন্ন কাম-কাজ আৰু অগ্ৰগতিৰ খতিয়ান লৈ আঁচনিখন সময়মতে আৰু সুচাৰুৰূপে সম্পন্ন কৰাৰ দিশত বিষয়াসকলৰে আলোচনা কৰে (Jal Jeevan Mission in Assam)।

২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ মানুহে পাব বিশুদ্ধ খোৱাপানী

বৈঠকৰ পাছত আয়োজন কৰা সংবাদমেলত মন্ত্রী জয়ন্তমল্ল বৰুৱাই কয় যে, প্ৰধানমন্ত্রীৰ সপোনৰ জল জীৱন মিছন আঁচনিখনৰ ১০০ শতাংশ সফল ৰূপায়ণৰ দিশত বৈঠকত বিশদভাৱে আলোচনা কৰা হয় । তদুপৰি বহু নতুন পৰিকল্পনা লোৱা হৈছে ।

২০২৪ চনৰ ভিতৰত ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ লক্ষ্যৰে কাম কৰি থকা হৈছে । প্ৰতিজন লোকে দৈনিক ৫৫ লিটাৰ বিশুদ্ধ খোৱাপানী লাভ কৰাটো আঁচনিখনৰ লক্ষ্য । এতিয়ালৈকে ২৪ লাখ ৪১ হাজাৰ পৰিয়ালক সামৰি লোৱা হৈছে (Pure drinking water facilities in Assam)। এইবছৰ ২৮ লাখ লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । এতিয়ালৈকে ৰাজ্যৰ ৩৮ শত‍াংশ লোকক জল জীৱন মিছনৰ অধীনত পানীৰ সংযোগ দিয়া হৈছে । ২০২৪ ভিতৰত সকলোকে অৰ্থাৎ ৬৫ লাখ পৰিয়ালক পানীৰ সংযোগ দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে, এতিয়ালৈকে দিয়া প‍‍ানীৰ সংযোগসমূহ পুনৰ নিৰীক্ষণ কৰাৰ বাবে সামাজিক স্বেচ্ছাসেৱক নিয়োগ কৰা হ'ব । অসম গ্ৰামীণ জীৱিকা অভিযানৰ যোগেদি আত্মসহায়ক গোটসমূহৰ দ্বাৰা ঘৰে ঘৰে গৈ পানী যোগান ব্যৱস্থাৰ পৰ্যবেক্ষণ কৰোৱা হ'ব । সকলো কাম নিয়ম মতে হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰিব । আনহাতে এইক্ষেত্রত নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলকো জড়িত কৰোৱা হ'ব বুলি তেওঁ কয় ।

পানী যোগান আঁচনিসমূহ ঠিক মতে চলি আছে নে নাই সেইটো শিক্ষাৰ্থীসকলে চাব আৰু জল জীৱন মিছনৰ ওপৰত তেওঁলোকে ৰচনা লিখিব । তদুপৰি একোখন বিদ্যালয়ৰ বিজ্ঞানৰ আগ্ৰহী ৪-৫ জন শিক্ষাৰ্থীক পৰীক্ষাগাৰলৈ নি পানী পৰীক্ষণৰ দিশটো বুজি পোৱাৰ ব্যৱস্থা কৰোৱা হ'ব । যাক প্ৰকল্প হিচাপে শিক্ষাৰ্থীসকলে ল'ব পাৰিব ।

তেওঁ লগতে কয় যে, অভিযোগৰ ক্ষেত্রত টোলফ্ৰী নম্বৰৰ ব্যৱস্থ‍া কৰা হ'ব । আনহাতে, পানী যোগান আঁচনিত নিয়োজিত কৰা স্বেচ্ছাসেৱকক মাননি হিচাপে মাহে ৬৫০০ টকা দিয়া হ'ব । পঞ্চদশ বিত্তীয় আয়োগৰ যোগেদি চাৰি বছৰৰ বাবে এই মাননি দিয়া হ'ব । তেওঁ কয় যে, পৰৱৰ্তী সময়ত পানী যোগানৰ বাবদ ধাৰ্য কৰা মাছুলৰ যোগেদি আঁচনিসমূহ পৰিচালিত হ'ব । সংবাদমেলত বিভাগীয় কেইবাজনো বিষয়া উপস্থিত আছিল ।

লগতে পঢ়ক : অচিৰেই ফাইল ব্যৱস্থা বিলুপ্ত কৰি অনলাইন ব্যৱস্থা প্ৰৱৰ্তনৰ পদক্ষেপৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.