ETV Bharat / city

গৰীৱ কল্যাণ যোজনাৰ পৰা অসম বাদ পৰাকলৈ প্ৰশ্ন দেৱব্ৰত শইকীয়াৰ

author img

By

Published : Jun 20, 2020, 3:54 AM IST

ডিঙিত সততে অসমীয়া গামোচা তথা অসমলৈ আহিলে অসমীয়াত কথা পাতি অসমীয়া আৱেগ দেখুওৱা প্ৰধানমন্ত্ৰীয়ে গৰীৱ কল্যাণ ৰোজগাৰ যোজনাত অসমৰ নাম কিয় অন্তৰ্ভুক্ত নকৰিলেৱ বুলি প্ৰশ্ন কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ ৷

দেৱব্ৰত শইকীয়া
debabrat

গুৱাহাটী, 20 জুনঃ গৰীৱ কল্যাণ যোজনাৰ পৰা অসম বাদ পৰাকলৈ ক্ষোভ প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ তেওঁ প্ৰশ্ন কৰে যে, ডিঙিত সততে অসমীয়া গামোচা তথা অসমলৈ আহিলে অসমীয়াত কথা পাতি অসমীয়া আৱেগ দেখুওৱা প্ৰধানমন্ত্ৰীয়ে গৰীৱ কল্যাণ ৰোজগাৰ যোজনাত অসমৰ নাম কিয় অন্তৰ্ভুক্ত নকৰিলে ?

ইতিমধ্যে ৰাজ্য চৰকাৰ সমূহৰ লগত হোৱা আলোচনামৰ্মে প্ৰধানমন্ত্ৰীয়ে ৫০ হেজাৰ কোটি টকা ব্যয়েৰে "গৰীৱ কল্যান ৰোজগাৰ যোজনা" নামৰ এখন আঁচনি মুকলি কৰিব । এই আঁচনি খনৰ জৰিয়তে লকডাউনৰ ফলত বহিঃ ৰাজ্যত শ্ৰম কৰি থকা যি সকল শ্ৰমিকে নিজ ৰাজ্যলৈ উভতি যাবলগীয়া হ'ল তেওঁলোকক নিজ ৰাজ্যতে কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগ সমূহৰ জৰিয়তে এই আঁচনি খন ৰূপায়ন কৰিব বুলি ঘোষণা কৰিছে । এই আঁচনি খন দেশৰ ৬খন ৰাজ্যত ৰূপায়ন হ'ব । কিন্তু এই ছখন ৰাজ্যৰ ভিতৰত কিয় অসমৰ নাম নাথাকিল তাকে লৈ প্ৰশ্ন উত্থাপন কৰে বিৰোধীৰ দলপতি গৰাকীয়ে ৷

দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

শুকুৰবাৰে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰেৰণ কৰা এক ভিডিঅ' বাৰ্তাত বিৰোধী দলপতিগৰাকীয়ে কয় যে সততে অসমীয়া গামোচা ডিঙিত পৰিধান কৰি থকাৰ উপৰিও সভা সমিতিত ভাষণ দিবলৈ অসমত আহিলে অসমীয়াত ভাষণ দি অসমীয়া আৱেগ দেখুওৱা প্ৰধানমন্ত্ৰীয়ে প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ৰূপায়ন কৰা আঁচনিত অসমৰ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰিবলৈ কিয় পাহৰি গ'ল ? অসমৰ বিত্তমন্ত্ৰীয়ে জনাইছিল যে অসমৰ পৰা প্ৰায় ১২ লাখ শ্ৰমিক বহিঃ ৰাজ্যত কৰ্মৰত অৱস্থাত আছে আৰু তেওঁলোক পৰ্যায়ক্ৰমে অসমলৈ উভতি আহিব । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এইসকল প্ৰব্ৰজিত শ্ৰমিকক পুনৰ সংস্থাপিত কৰাত প্ৰত্যাহ্বানৰ সম্মুখীন হ'ব বুলি ৰাজহুৱাকৈ উল্লেখ কৰিছে । গতিকে কেন্দ্ৰীয় চৰকাৰে এইসকল প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ঘোষণা কৰা আঁচনিৰ পৰা অসমে সুবিধা গ্ৰহণ কৰিব নোৱাৰাতো মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ বাবে দুৰ্ভাগ্যজনক আৰু অতি লাজৰ কথা ।

নিৰ্বাচনৰ সময়ত "ডাবল ইঞ্জিনৰ চৰকাৰ" অসমৰ ৰাইজে পাব বুলি ভাষণ দিয়া প্ৰধানমন্ত্ৰীয়ে অসম আৰু অসমীয়াৰ প্ৰতি কৰা এনে বৈষম্যমূলক আচৰণে এওঁলোকৰ আচল চৰিত্ৰটো অসমৰ ৰাইজৰ আগত উদঙাই দিছে বুলি শাসকীয় দলটোক কটাক্ষ কৰে তেওঁ ৷

লগতে পঢ়কঃ ক'ৰণা ভাইৰাছক ৰাজনৈতিক ভাইৰাছলৈ নিব বিচাৰিছে বিজেপিয়ে: ৰিপুণ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.