ETV Bharat / city

লক ডাউনঃ নাজল নাথল অৱস্থা কেব চালকৰ

author img

By

Published : Jul 13, 2020, 8:30 PM IST

এফালে লক ডাউন আনফালে ঋণৰ বোজা ৷ উপায়ন্তৰহৈ শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ কাতৰ আহ্বান জনাইছে কেব চালকৰ পৰিয়াল সমূহে ৷

Crisis Situation For Lock Down in Cab Driver
লক ডাউনঃ নাজল নাথল অৱস্থা কেব চালকৰ

গুৱাহাটী, 13 জুলাইঃ সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত পুনৰ বলবৎ হৈছে ৭ দিনীয়া লক ডাউন ব্যৱস্থা। ইতিমধ্যে এই লক ডাউনৰ নিৰ্দেশ জাৰি কৰিছে চৰকাৰ প্ৰশাসনে ৷

Crisis Situation For Lock Down in Cab Driver
লক ডাউনঃ নাজল নাথল অৱস্থা চালক পৰিয়ালৰ

সমগ্ৰ ৰাজ্যৰ লগতে মহনগৰীতো হোৰাহোৰে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱো লোকৰ সংখ্যা ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সোমবাৰৰ পৰা কামৰূপ মহানগৰ জিলাত পুনৰ বলবৎ হৈছে ৭ দিনীয়া লক ডাউন ব্যৱস্থা। এই লক ডাউন আৰু কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে ৰাজ্যত বন্ধ হৈ আছে অলা-উবেৰৰ চলাচল। যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে কেব চালক সকল। এতিয়া দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে কেব চালক সকলৰ । বহুটো কেব চালকৰ নাজল নাথল অৱস্থা। মুঠৰ ওপৰত কৰ'ণাটো বাদেই এমুঠি অন্ন যোগাৰৰ বাবে এতিয়া সংগ্ৰাম কৰিবলগীয়া হৈছে তেওঁলোকৰ পৰিয়ালে।

লক ডাউনঃ নাজল নাথল অৱস্থা কেব চালকৰ

ইফালে বহু চালকে ঋণ লৈ গাড়ী ক্ৰয় কৰি জীৱন নিৰ্বাহ কৰিছিল। কিন্তু আজি চালক সকলৰ এফালে ঋণৰ বোজা আনফালে এমুঠি অন্নৰ বাবে হাবাথুৰি খাই ফুৰিবলগীয়া হৈছে। কেইবা বাৰো তেওঁলোকৰ দুখ-দুৰ্দশা সন্দৰ্ভত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈ কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে। শেষত এতিয়া উপায়ন্তৰ হৈ পৰিছে চালক সকলৰ লগতে পৰিয়াল ৷ অতি শীঘ্ৰে তেওঁলোকৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ কাতৰ আহ্বান জনাইছে চালক সকলে ।

লগতে পঢ়ক- মুক্ত আকাশৰ তললৈ আহিব মানস কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.