ETV Bharat / city

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

author img

By

Published : Mar 14, 2020, 11:20 PM IST

কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

শণিবাৰে গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলা পৰিষদৰ সভাকক্ষত কৰ'ণা ভাইৰাছ সংক্ৰান্তত জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । য'ত আৰক্ষী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, আভ্যন্তৰীণ জল পৰিবহন, উত্তৰ-পূৱ সীমান্ত ৰে'লৱে, বিমানবন্দৰ কৰ্তৃপক্ষ, এনডিআৰএফ, এছডিআৰএফ আদি বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

গুৱাহাটী, 14 মাৰ্চ : শণিবাৰে গুৱাহাটীস্থিত কামৰূপ মহানগৰ জিলা পৰিষদৰ সভাকক্ষত কৰ'ণা ভাইৰাছ সংক্ৰান্তত জিলা প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । য'ত আৰক্ষী, স্বাস্থ্য, শিক্ষা, সমাজ কল্যাণ, খাদ্য আৰু অসামৰিক যোগান, আভ্যন্তৰীণ জল পৰিবহন, উত্তৰ-পূৱ সীমান্ত ৰে'লৱে, বিমানবন্দৰ কৰ্তৃপক্ষ, এনডিআৰএফ, এছডিআৰএফ আদি বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক
কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

কৰ'ণা ভাইৰাছ ৰোধ আৰু ইয়াৰ পূৰ্বে ল'বলগীয়া সতৰ্কতা সম্পৰ্কে এই বৈঠকত বিস্তৃত ৰূপত আলোচনা কৰা হয় । কৰ'ণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে । হোটেল-ৰেষ্টুৰেণ্ট, শ্বপিং মল, চিনেমা হ'ল আদিৰ কৰ্তৃপক্ষৰ সৈতে কৰ'ণাৰ সতৰ্কতামূলক ব্যৱস্থা হাতত ল'বলৈ বিভাগৰ অতিৰিক্ত উপায়ুক্তক দায়িত্ব দিয়ে ।

কৰ'ণা ভাইৰাছক লৈ বিশেষ বৈঠক
কৰ'ণা ভাইৰাছক লৈ বিশেষ বৈঠক

লগতে স্বাস্থ্য বিভাগক ১০৮ আৰু ১০২ সেৱা প্ৰতিটো মূহুৰ্ততে প্ৰস্তুত হৈ থাকিবলৈও নিৰ্দেশ প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে । তাৰোপৰি কৰ'ণা ভাইৰাছ সংক্ৰান্তত যিকোনো পৰিস্থিতি উদ্ভৱ হ'লে তাৰ লগত মোকাবিলা কৰিব পৰাকৈ চক্ৰ পৰ্যায়ত একোটাকৈ ৰেপিড এক্সন ফৰ্চ গঠন কৰাৰো নিৰ্দেশ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । ইফালে উক্ত বৈঠকত শিক্ষানুষ্ঠান, কাৰ্যালয়সমূহত ব্যাপক জনসচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো বিভাগক তৎকালীন পদক্ষেপ ল'বলৈ নিৰ্দেশনা প্ৰদান কৰে জিলা উপায়ুক্তগৰাকীয়ে । উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰে দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ। ১০৭৭ আৰু ০৩৬১ ২৭৩৩০৫২ নম্বৰত যোগাযোগ কৰি কৰ'ণা সংক্ৰান্তত যিকোনো তথ্য অথবা পৰামৰ্শ জানিব পাৰিব ৰাইজে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.