ETV Bharat / city

কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ

author img

By

Published : Feb 6, 2021, 6:02 PM IST

কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ
কটন বিশ্ববিদ্যালয়ত আৰম্ভ মহিলা অধ্যয়ন কেন্দ্ৰ

ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে মহিলা অধ্যয়ন কেন্দ্ৰ ৷ শুকুৰবাৰে আনুষ্ঠানিকভাৱে কেন্দ্ৰটো মুকলি কৰা হয় ৷

নিউজ ডেস্ক, 6 ফেব্ৰুৱাৰী : ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ত চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰা হৈছে এক নতুন বিষয় ৷ স্নাতকোত্তৰ ডিপ্ল’মা পাঠ্যক্ৰমেৰে বিশ্ববিদ্যালয়খনত আৰম্ভ কৰা হৈছে এটা মহিলা অধ্যয়ন কেন্দ্ৰ ৷ 2020-21ৰ শিক্ষাবৰ্ষৰ বাবে ইতিমধ্যেই মুকলি কৰা হয় কেন্দ্ৰটো ৷

কেন্দ্ৰটোৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল বিশিষ্ট লেখক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক; অধ্যাপক তিলোত্তমা মিশ্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক; অধ্যাপক দিগন্ত কুমাৰ দাস, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক; ডাঃ সঞ্জয় কুমাৰ দত্তৰ লগতে বহুকেইগৰাকী অধ্যাপক তথা বিশিষ্ট ব্যক্তি ৷

কেন্দ্ৰটোৰ বিভাগীয় মুৰব্বী তথা সমন্বয়ক হিচাপে দায়িত্বভাৰ লাভ কৰা ডাঃ ৰাখী কলিতা মোৰালে কেন্দ্ৰটোৰ পাঠ্যক্ৰম মুকলি কৰে ৷ ডাঃ মোৰালৰ লগতে কেন্দ্ৰটোৰ সহকাৰী সমন্বয়ক হিচাপে দায়িত্বভাৰ লাভ কৰা ডাঃ পূজা চেত্ৰীও এই অনুষ্ঠানত উপস্থিত আছিল ৷ ডাঃ চেত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি, নতুনকৈ আৰম্ভ হোৱা কেন্দ্ৰটোত অধ্যয়নৰ বাবে ইতিমধ্যেই 17 গৰাকীকৈ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে ৷

লগতে পঢ়ক : ইতিহাস ! দেশৰ প্ৰথমটো পূৰ্ণকালীন মহিলা কোব্ৰা বেটালিয়ন মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.