ETV Bharat / city

নুনমাটিস্থিত জনতা নগৰ ৰাজহুৱা নামঘৰৰ ৪৪তম প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Aug 26, 2021, 8:20 PM IST

celebration of 44th foundation day of janta nagar rajohua namghar
জনতা নগৰ ৰাজহুৱা নামঘৰৰ ৪৪তম প্ৰতিষ্ঠা দিৱস উদযাপন

পবিত্ৰ ভাদ মাহ উপলক্ষে হৰিনামত ডুব গৈছে ৰাজ্য ৷ ইয়াৰ মাজতে নুনমাটিস্থিত জনতা নগৰ ৰাজহুৱা নামঘৰটো আনুষ্ঠানিক ভাৱে উদযাপন কৰা হৈছে ৪৪তম প্ৰতিষ্ঠা দিৱস ৷

গুৱাহাটী,26 আগষ্ট: হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্য ৷ পবিত্ৰ ভাদ মাহ উপলক্ষে ৰাজ্যৰ চৌদিশে বিৰাজমান কেৱল হৰিনামৰ ধ্বনি ৷ ক’ভিডকালীন পৰিৱেশৰ মাজতো আনন্দিত এতিয়া ৰাজ্যবাসী ৷

পবিত্ৰ ভাদ মাহৰ লগতে গুৱাহাটী মহানগৰীৰ নুনমাটিস্থিত জনতা নগৰ ৰাজহুৱা নামঘৰৰ ৪৪তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । এই উপলক্ষে বুধবাৰে পুৱাৰ ভাগত ঊষা কীৰ্তন, ধৰ্মধ্বজ উত্তোলন আৰু ভাগৱত পাঠ কৰা হয় ৷ লগতে ৰাজ্যৰ পৰা সম্পূৰ্ণ ৰূপে কাল কৰ’ণাৰ সংহাৰ নাইকীয়া হ’বলৈ ভগৱানৰ ওচৰত মূৰ দোঁৱাইছে ভক্তপ্ৰাণ ৰাইজে ৷

উল্লেখ্য যে, নিয়ন্ত্ৰিত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷

লগতে পঢ়ক: ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

বৰ্তমান ৰাজ্যত হ্ৰাস পাইছে ক’ভিড-19 ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ যাৰ বাবে লক ডাউনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে জাৰি কৰিছে কিছু শিথিলতা ৷ ৰাজ্যলৈ যেন এতিয়া ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি ৷

চৰকাৰৰ নিৰ্দেশতে ইতিমধ্যে খোলা হৈছে ধৰ্মীয় অনুষ্ঠানসমূহ ৷ 50 শতাংশ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ধৰ্মীয় অনুষ্ঠানসমূহত কৰা হৈছে পূজা অৰ্চনা তথা মাংগলিক কাৰ্য ৷ ক'ভিড বিধি মানি ৰাজ্যৰ নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা আদি ধৰ্মীয় অনুষ্ঠানসমূহত ইতিমধ্যে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি পৰিলক্ষিত হৈছে ।

আনহাতে, বুধবাৰে নুনমাটিস্থিত জনতা নগৰ ৰাজহুৱা নামঘৰৰ ৪৪তম প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ১১ বজাত নামঘৰৰ তোৰন উদ্বোধন কৰে ৫২ নং দিছ্পুৰ বিধানসভা সমষ্টিৰ বিধায়ক অতুল বৰাই । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা অসম মীন উন্নয়ন নিগম লিমিটেডৰ প্ৰকল্প সঞ্চালক পদ্ম কান্ত হাজৰিকাই নামঘৰৰ স্মৃতি গ্ৰন্থ 'দাপোন'উন্মোচন কৰে । নামঘৰৰ তোৰন আৰু স্মৃতি গ্ৰন্থ উন্মোচন কাৰ্যসূচীত কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: মাদাৰ টেৰেছাৰ আজি 111 তম জন্ম বাৰ্ষিকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.