ETV Bharat / city

নিযুক্তি পৰীক্ষাত চৰকাৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীক অৱতীৰ্ণ কৰোৱাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

author img

By

Published : Aug 24, 2022, 9:50 PM IST

Candidates from outside of the state appear in Grade III and IV recruitment exams
জাতীয় যুৱ বাহিনীৰ সংবাদমেল

ৰাজ্যত শেহতীয়াকৈ অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত বহিঃৰাজ্যৰ হিন্দী ভাষী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ অভিযোগ উত্থাপন হৈছে(Assam Recruitment Exam 2022) ৷ ইয়াৰ পাছতেই সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী ৷ নিযুুক্তি পৰীক্ষাত বহিঃৰাজ্যৰ প্ৰাৰ্থী অৱৰ্তীণ হোৱাক লৈ চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে অসমৰ সকলো বিভাগত ১০০% থলুৱাক নিযুক্তি দিয়াৰ বাবে দাবী জনায় জাতীয় যুৱ বাহিনীয়ে ৷

গুৱাহাটী,২৪ আগষ্ট: অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাত এইবাৰ বহিঃৰাজ্যৰ হিন্দী ভাষী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে(Recruitment Exam for Grade III and IV) । মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ কাৰ্যালয়ত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ নেতৃবৃন্দই কয় যে, বিজেপি চৰকাৰে হিন্দী লবী আৰু কেন্দ্ৰক সন্তুষ্ট কৰাৰ কাৰণে বহিঃৰাজ্যৰ প্ৰাৰ্থীক পৰীক্ষাত অৱতীৰ্ণ কৰাইছে । অসমৰ চাকৰি অসমীয়াক দিবলৈ এৰি বহিঃৰাজ্যৰ নিবনুৱাক দিবলৈ আৰম্ভ কৰিছে চৰকাৰে(Jatiya Yuva Bahini press conference in Guwahati) ।

জাতীয় যুৱ বাহিনীৰ সংবাদমেল

চৰকাৰে অসমৰ নিবনুৱা যুৱক-যুৱতীক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক অসমত চাকৰি দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে সংগঠনটোৰ নেতৃবৃন্দই । যি সময়ত আন আন ৰাজ্যৰ চৰকাৰে নিজৰ ৰাজ্যৰ নিবনুৱাক ১০০% নিযুক্তি দিয়াৰ চেষ্টা কৰিছে সেই সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বহিঃৰাজ্যৰ নিবনুৱাক নিযুক্তি দিয়াটো কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে জাতীয় যুৱ বাহিনীয়ে ৷

তেওঁলোকে অসমৰ সকলো বিভাগত ১০০% থলুৱাক নিযুক্তি দিয়াৰ বাবে চৰকাৰক দাবী জনায় । তাৰোপৰি এইবাৰ অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাতো ১০০% অসমৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ দাবী জনায় । লগতে অসমৰ সকলো চৰকাৰী আৰু বে-চৰকাৰী প্ৰতিষ্ঠানত চাকৰি অসমৰ নিবনুৱা যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰাৰ লগতে এখন আইন প্ৰণয়ন কৰাৰো দাবী জনায় জাতীয় যুৱ বাহিনীয়ে ।

আনহাতে টেট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই । কোনো টেট উত্তীৰ্ণ প্ৰতিবাদকাৰীক ঘৰৰ পৰা উঠাই আনি যাতে গ্ৰেপ্তাৰ নকৰে তাৰ বাবে চৰকাৰলৈ দাবী জনোৱাৰ লগতে চৰকাৰক আলোচনাৰ মাধ্যমেৰে টেট উত্তীৰ্ণ প্ৰাৰ্থিৰ সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰীয়ে দেশত এক অশুভ পৰম্পৰা আৰম্ভ কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.