ETV Bharat / city

মুখ্যমন্ত্ৰীয়ে দেশত এক অশুভ পৰম্পৰা আৰম্ভ কৰাৰ অভিযোগ জাতীয় যুৱ বাহিনীৰ

author img

By

Published : Aug 22, 2022, 9:17 PM IST

জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুব্ৰত দত্তই সোমবাৰে এক সংবাদমেল আয়োজন কৰি চৰকাৰৰ কেইবাটাও জনস্বাৰ্থ বিৰোধী কাৰ্যকলাপক তীব্ৰ ভাষাৰে সমালোচনা কৰে (Jatiya yuva vahini press meet at Jorhat) । তেওঁ ২০২২ চনৰ ২১ আগষ্ট দিনটো ইতিহাসৰ কলংকিত দিন হিচাপে লিপিবদ্ধ থাকিব বুলি উল্লেখ কৰে ৷ আৰক্ষী পৰীক্ষাৰ নামত সমগ্ৰ ৰাজ্যৰ ইন্টাৰনেট কৰ্তনৰ পৰিৱৰ্তে জামাৰ ব্যৱহাৰ কৰাৰ উপদেশ জাতীয় যুৱ বাহিনীৰ ৷

Jatiya yuva vahini press meet at Jorhat
জাতীয় যুৱ বাহিনীৰ সংবাদমেল

যোৰহাট, ২২ আগষ্ট: অসম চৰকাৰৰ তৃতীয় বৰ্গৰ চাকৰিৰ বাছনি পৰীক্ষাত (Assam Recruitment Exam) অসমৰ 24 খন জিলাত ইণ্টাৰনেট কৰ্তন (Internet suspended in Assam during recruitment exam) কৰি জনসাধাৰণক যি হাৰাশাস্তি প্ৰদান কৰে, তাৰ তীব্ৰ বিৰোধিতা কৰে জাতীয় যুৱ বাহিনীয়ে । জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুব্ৰত দত্তই সোমবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে ৷

সংবাদমেলত তেওঁ পৃথিৱীৰ কোনো ঠাইতেই পূৰ্বতে নোহোৱা নোপোজা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ইণ্টাৰনেট কৰ্তন কৰা এই ঘটনা সংঘটিত কৰি মুখ্যমন্ত্ৰীয়ে আইন অমান্য কৰাই নহয়, এক অশুভ পৰম্পৰাৰো দেশত আৰম্ভ কৰিছে বুলি সদৰী কৰে ।

তেওঁ লগতে কয় যে, তেওঁ ভাৰতীয় টেলিগ্ৰাফ আইন, ১৮৮৫ৰ(Indian Telegraph Act 1885) অধীনত ভাৰতবৰ্ষত জনগণৰ সুৰক্ষাৰ স্বাৰ্থত কেৱল বিশেষ জৰুৰীকালীন পৰিস্থিতিতহে ইণ্টাৰনেট কৰ্তনৰ ব্যৱস্থা আছে । জাতীয় যুৱ বাহিনীয়ে পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ পক্ষত আৰু এইক্ষেত্ৰত চৰকাৰক "জামাৰ"ৰ দৰে আন প্ৰযুক্তিৰ সহায় ল'বলৈ দাবী জনায় সাধাৰণ সম্পাদকগৰাকীয়ে ।

তেওঁ লগতে অহা ২৮ আগষ্ট আৰু ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব লগা বাছনি পৰীক্ষাত ইণ্টাৰনেট কৰ্তন কৰি জনসাধাৰণক হাৰাশাস্তি নকৰিবলৈ আৰু আইন মানি চলিবলৈ চৰকাৰক দাবী জনায় ।

জাতীয় যুৱ বাহিনীৰ সংবাদমেল

চাকৰিৰ বাছনি পৰীক্ষাত হিন্দী মাধ্যম সন্নিবিষ্ট কৰাক লৈ তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰে জাতীয় যুৱ বাহিনীয়ে । হিন্দী মাধ্যমক লৈ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ মতামতৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনক স্পষ্ট মত প্ৰকাশ কৰিবলৈ দাবী জনায় জাতীয় যুৱ বাহিনীয়ে ।

APSC ৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ কাকত কৰ্তন তথা এইবাৰ হিন্দী মাধ্যম সন্নিবিষ্ট কৰি প্ৰশাসন যন্ত্ৰত হিন্দী বলয়ৰ RSS ৰ ব্যক্তিক অন্তৰ্ভুক্ত কৰি হিন্দুত্ববাদী প্ৰশাসন যন্ত্ৰ গঢ়াৰ প্ৰচেষ্টা চলাইছে বুলি সন্দেহ প্ৰকাশ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ।

আনহাতে, চাকৰিৰ পৰা বঞ্চিত টেট উত্তীৰ্ণই আন্দোলনৰ হুংকাৰ দিয়াৰ পাছতেই ৰাজ্যৰ বিভিন্ন ঠাইত টেট উত্তীৰ্ণসকলক যিদৰে আটক কৰা হৈছে, সেই ঘটনাকো কঠোৰ ভাষাৰে সমালোচনা কৰে সংগঠনটোৱে । তেওঁ ৰাজ্যত বৰ্তমান চলি থকা গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰাৰ প্ৰচেষ্টাই গণতান্ত্ৰিক ব্যৱস্থাটোক কুঠাৰাঘাট কৰাৰ লগতে জনগণকো বিতুষ্ট কৰিছে বুলি উল্লেখ কৰে ।

জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুব্ৰত দত্তই অন্ধ্ৰ প্ৰদেশৰ দৰে অসমতো ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 371(D) প্ৰদান কৰি চাকৰিসমূহ কেৱল খিলঞ্জীয়াৰ বাবে সংৰক্ষিত কৰাৰ বাবে দাবী জনায় ৷ অন্যথা অনাগত দিনত সংগ্ৰাম আৰম্ভ কৰাৰো হুংকাৰ দিয়ে জাতীয় যুৱ বাহিনীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক : নাহৰকটীয়াত কংগ্ৰেছৰ লগতে জাতীয় পৰিষদৰ নেতাই পিন্ধিলে গেৰুৱা বসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.