ETV Bharat / city

ঠেঙাল কছাৰী পৰিষদীয় নির্বাচনত জয়ী হোৱা প্রার্থীক বিজেপিৰ সম্বৰ্ধনা

author img

By

Published : Jan 27, 2022, 10:59 PM IST

BJP felicitates winning candidates of Thengal Kachari Autonomous council election
ঠেঙাল কছাৰী পৰিষদীয় নির্বাচনত জয়ী হোৱা প্রার্থীক বিজেপিৰ সম্বৰ্ধনা

বৃহস্পতিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সদ্য সমাপ্ত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous council election) ত জয়ী হোৱা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সম্বর্ধনা জনোৱা হয় ।

গুৱাহাটী, 27 জানুৱাৰী : বৃহস্পতিবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সদ্য সমাপ্ত ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Election)ত জয়ী হোৱা মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক সম্বর্ধনা জনোৱা হয় । এই নিৰ্বাচনত বিজয়ী হোৱা প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই । লগতে দলৰ সাংগঠনিক শক্তিৰ সক্ৰিয়তাই হৈছে ভাৰতীয় জনতা পার্টীয়ে নিৰ্বাচনত ধাৰাবাহিকভাৱে সফলতা লাভ কৰাই অন্যতম মূলমন্ত্ৰ বুলিও মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

BJP felicitates winning candidates of Thengal Kachari Autonomous council election
ঠেঙাল কছাৰী পৰিষদীয় নির্বাচনত জয়ী হোৱা প্রার্থীক বিজেপিৰ সম্বৰ্ধনা

অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ উপ সভাপতি তথা ঠেঙাল-কছাৰী পৰিষদীয় নিৰ্বাচনৰ তত্বাৱধায়ক নৱ কুমাৰ দলেই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাগদৰ্শন আৰু বলিষ্ঠ নেতৃত্বৰ বাবেই ৰাজ্যিক বিজেপিয়ে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত বিপুল সংখ্যক ৰাইজৰ সমর্থনেৰে জয় লাভ কৰিবলৈ সক্ষম হৈছে ।

নৱ কুমাৰ দলেই নৱ নিৰ্বাচিত পৰিষদীয় প্ৰাৰ্থীসকলে অনাগত দিনত জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ স্বাৰ্থত দৃঢ়তাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে (MLA Naba Kumar Doley at Guwahati) ৷ এই সম্বর্ধনা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শর্মা, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই নৱ নিৰ্বাচিত প্ৰাৰ্থীসকলক উদ্দেশ্যি ভাষণ আগবঢ়োৱাৰ লগতে ঠেঙাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত দলৰ হৈ সেৱা আগবঢ়োৱা দলৰ প্ৰতিজন কার্যকর্তাক ধন্যবাদ জনায় ।

নিৰ্বাচনত ওতঃপ্ৰোতভাৱে জড়িত থাকি বিশেষ ভূমিকা পালন কৰা যোৰহাট জিলাৰ সভাপতি হেমন্ত কলিতা আৰু গোলাঘাট জিলাৰ সভাপতি দেৱ প্ৰদীপ বৰাক ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা সম্বর্ধনা জ্ঞাপন কৰা হয় । বিজেপি অসম প্ৰদেশৰ সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে আঁত ধৰা অনুষ্ঠানটোত মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে দলৰ কার্যকর্তা সকল উপস্থিত আছিল ।

লগতে পঢ়ক : চিকিৎসালয়ৰ পৰিচাৰিকাৰ শ্লীলতা হানিৰ চেষ্টা সুৰামত্ত চিকিৎসকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.