ETV Bharat / city

ক্ৰাইম ৰেকৰ্ডত ভয়াৱহ তথ্য : ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা অসমত

author img

By

Published : Sep 15, 2021, 9:07 PM IST

কভিড কেন্দ্ৰীক দীঘলীয়া লকডাউনৰ সময়তো অসমত অব্যাহত আছিল নাৰীৰ বিৰুদ্ধে অপৰাধ । মঙলবাৰে প্ৰকাশিত হৈছে নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ'ৰ 'ক্ৰাইম ৰেকৰ্ড ২০২০' ৰ তথ্যই পোহৰলৈ আনিছে এই তথ্য ।

ক্ৰাইম ৰেকৰ্ডত ভয়াবহ তথ্য ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল অসমত
ক্ৰাইম ৰেকৰ্ডত ভয়াবহ তথ্য ২০২০ চনত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল অসমত

গুৱাহাটী, ১৫ ছেপ্তেম্বৰ : ২০২০ চনৰ বৰ্ষটোত অসমত ২৬ গৰাকী নাৰী বলি হৈছে ধৰ্ষণ আৰু হত্যাৰ । যি সময়ত ক’ভিড কেন্দ্ৰিক অচলাৱস্থাই ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰাই জনতাক গৃহবন্দী কৰি ৰাখিছিল, সেই সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত ২৬ গৰাকী নাৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল । তদুপৰি এই বছৰটোতে যৌতুক কেন্দ্ৰিক অপৰাধৰ বলি হৈ ২০২০ চনৰ বৰ্ষত অসমত ১৫০ গৰাকী মহিলা হত্যাৰ বলি হৈছে ।

উল্লেখযোগ্য যে, এনচিআৰবিৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, এই বৰ্ষটোত ভাৰতীয় দণ্ড বিধিৰ অধীনত অসমত ৰুজু হয় মুঠ ১১১৫৫৮ টা অপৰাধৰ গোচৰ । কিন্তু অতি লক্ষ্যণীয়ভাৱে এই গোচৰ সমুহৰ বিপৰীতে অভিযোগনামা দাখিল কৰা হৈছে ৪৭.১ শতাংশ গোচৰৰ বিপৰীতে হে ।

লগতে পঢ়কঃ স্মৃতি বিজড়িত ঘৰটো ১৮৭০ চনতে নিৰ্মাণ কৰিছিল যদুৰাম বৰুৱাই

আনহাতে অতি লক্ষ্যণীয়ভাৱে এই বছৰটোত সামগ্ৰীকভাবে মহিলাৰ বিৰুদ্ধে অসমত সংঘটিত হোৱা অপৰাধৰ সংখ্যা আছিল ২৬৩৫২ টা । এনে অপৰাধৰ ভিতৰত আছে অপহৰণ আৰু বলপূৰ্বক বিবাহপাশত আৱদ্ধ কৰোৱা, নিৰ্যাতন, কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন আদি ।

লক্ষ্যণীয়ভাৱে ২০২০ চনৰ বছৰটোত ২৯৮৪ গৰাকী ছোৱালীক অপহৰণ কৰি বলপূৰ্বক বিয়াত বহাৰ বাবে বাধ্য কৰোৱা হৈছে । ২০১৯ চনত এনে গোচৰৰ সংখ্যা আছিল ২৯২৯ টা । মনকৰিবলগীয়া যে, নাৰীৰ বিৰুদ্ধে অপৰাধৰ ঘটনা বাঢ়ি অহা কাৰ্যই পৰিস্থিতিৰ ভয়াৱহতাক পুনৰবাৰ আঙুলিয়াই দিছে যদিও গোচৰবোৰৰ বিপৰীতে অনুসন্ধান আৰু আদালতত অভিযোগনামা দাখিলৰ হাৰ আজিও সন্তোষজনক নহয় ।

এনচিআৰবিৰ প্ৰতিবেদনে আঙুলিয়াই দিয়া অনুসৰি অসমত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ গোচৰৰ ৬৩.৮ শতাংশৰ বিপৰীতে হে আৰক্ষী আৰু অন্যান্য অনুসন্ধানকাৰী সংস্থাই আদালতত অভিযোগনামা দাখিল কৰিছে । ক’ভিড কেন্দ্ৰিক দীঘলীয়া লকডাউনৰ সময়তো অসমত যে নাৰী আৰু অন্যান্য অপৰাধৰ পৰিমান কমা নাছিল সেই কথা প্ৰমাণ কৰিছে কালি‌ প্ৰকাশিত এনচিআৰবিৰ প্ৰতিবেদনে ।

লগতে পঢ়কঃ কৈ থাকিলে ওৰকে নপৰা মন্ত্ৰী চন্দ্ৰমোহনৰ ব্যৰ্থতা-পুৰাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.