Assam Government new SOP : আকৌ আৰম্ভ কৰা হৈছে কোৱাৰেন্টাইনৰ ব্যৱস্থা

author img

By

Published : Dec 5, 2021, 9:58 PM IST

Updated : Dec 6, 2021, 12:23 PM IST

assam-government-issues-sops-considering-omicron-variant

বিশ্বৰ প্ৰায় ৩০খন দেশত শেহতীয়াকৈ উদ্বেগজনক হাৰত ধৰা পৰিছে অ’মিক্ৰণৰ সংক্ৰমণ ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে ৰাজ্যত ক’ভিডৰ নতুন প্ৰকৰণৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নতুনকৈ জাৰি কৰিছে এছ অ’ পি ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা ঘোষণা কৰে এই এছ অ’ পি(Assam Government issues new SOP) ।

গুৱাহাটী, ৫ ডিচেম্বৰ : ক'ভিডৰ নতুন প্ৰকৰণ 'অ’মিক্ৰণ'(New COVID-19 Variant Omicron)ৰ অৱস্থিতি ভাৰততো ধৰা পৰাৰ পৰিপ্ৰেক্ষিতত অসমত ক'ভিড সম্পৰ্কীয় এক নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP) জাৰি কৰিছে ৰাজ্য চৰকাৰে । ভাৰত চৰকাৰৰ অ’মিক্ৰণ সম্পৰ্কীয় শেহতীয়া প্ৰট'কলৰ আধাৰত অসমলৈ প্ৰৱেশ কৰা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব লগা নিয়মাৱলী সুনিৰ্দিষ্ট কৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে দেওবাৰে বিতং এছ অ' পি(Assam Government issues SOPs considering Omicron variant)খন প্ৰকাশ কৰে । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দেওবাৰে নিশা ঘোষণা কৰে এই কথা ।

assam-government-issues-sops-considering-omicron-variant
'অমিক্ৰণ'ক লৈ সৰ্তকতা

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে অ’মিক্ৰণ সম্পৰ্কীয় এই এছ অ' পি অনুসৰি বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে ৰাজ্যৰ বিমান বন্দৰত অৱতৰণৰ পাছত ক'ভিড পৰীক্ষণত নিগেটিভ হ'লেও ন্যূনতম ৭ দিনৰ বাবে হোম কোৱাৰেণ্টিনত থাকিব লাগিব । আনহাতে ক'ভিড প'জিটিভ ওলালে নিৰ্দিষ্ট প্ৰট'কল অনুসৰি চিকিৎসাধীন কৰাৰ লগতে তেনে যাত্ৰীৰ নমুনা জেন'মিক পৰীক্ষাৰ বাবে উপযুক্ত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ'ব । বিমান বন্দৰত অৱতৰণৰ পাছতো বিদেশ ভ্ৰমণ কৰি অহা বা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী সকলো যাত্ৰীৰে ক'ভিডৰ আৰ টি পি চি আৰ পৰীক্ষাও বাধ্যতামূলক কৰা হৈছে ।

বিমানবন্দৰত এই ক'ভিড পৰীক্ষাৰ পৰা ৫ বছৰৰ শিশু ভ্ৰমণকাৰীক ৰেহাই দিয়া হ'ব । অৱশ্যে এনে শিশু যাত্ৰীৰ শৰীৰত ক'ভিডৰ লক্ষণ পৰিলক্ষিত হ'লে তেওঁৰ ক'ভিড পৰীক্ষা কৰা হ'ব । বিদেশ ভ্ৰমণ কৰি অহা যাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী প্ৰধানকৈ বিমান বন্দৰেৰে অহাৰেই সম্ভাৱনা অধিক ৷ সেয়েহে বিমান বন্দৰ থকা জিলাখনৰ প্ৰশাসনক এনে যাত্ৰীক বিমান বন্দৰত অৱতৰণৰ পাছৰে পৰা নিৰন্তৰ নিৰীক্ষণত ৰখাৰ লগতে নিয়মীয়াকৈ যোগাযোগ ৰাখিবলৈও এছ অ' পিৰ জৰিয়তে দায়িত্ব ন্যস্ত কৰা হৈছে ৷

assam-government-issues-sops-considering-omicron-variant
'অমিক্ৰণ'ক লৈ সৰ্তকতা

অ’মিক্ৰণৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে জাৰি কৰা নতুন এছ অ' পিখনৰ অনুসৰি অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বে ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ 'এয়াৰ সুবিধা' প'ৰ্টেলত স্ব-ঘোষণাপত্ৰ দাখিল কৰিব লাগিব ৷ তেওঁলোকে লগতে ভ্ৰমণৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰা ক'ভিড আৰ টি পি চি আৰ পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব । ইয়াৰ লগতে আৰ টি পি চি আৰ পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণাও আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব ।

assam-government-issues-sops-considering-omicron-variant
'অমিক্ৰণ'ক লৈ সৰ্তকতা

এইসকল যাত্ৰীয়ে বিমানত উঠাৰ পূৰ্বেই এয়াৰ সুবিধা প'ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ক ক'ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কোৱাৰেন্টাইনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্ব-ঘোষণা দাখিল কৰিব লাগিব । ইতিমধ্যে অ’মিক্ৰণৰ সংক্ৰমণ ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমান বন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ লগতে বিশেষ ক'ভিড প্ৰট'কল অনুসৰণ কৰা হ'ব । বিমানবন্দৰত অৱতৰণৰ পাছত ক'ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব । তেওঁলোকে বিমান বন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক'ভিড প্ৰট'কল মানি চলিব লাগিব ।

লগতে পঢ়ক : Omicron in Mumbai : মুম্বাইত 6 নাইজেৰিয়ান ব্যক্তিৰ দেহত চিনাক্ত অ’মিক্ৰণ

Last Updated :Dec 6, 2021, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.