Omicron in Mumbai : মুম্বাইত 6 নাইজেৰিয়ান ব্যক্তিৰ দেহত চিনাক্ত অ’মিক্ৰণ

author img

By

Published : Dec 5, 2021, 8:34 PM IST

omicron case detected in Mumbai
মুম্বাইত অ’মিক্ৰনৰ আক্ৰান্তৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি ()

দেশত দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে ক’ভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰণত(new COVID-19 Variant Omicron) আক্ৰান্তৰ সংখ্যা ৷ মহাৰাষ্ট্ৰত দেওবাৰে পুনৰ 6 জনৰ দেহত ধৰা পৰে ক’ভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰণৰ অৱস্থিতি(Omicron case detected in Mumbai) ৷

নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ : মহাৰাষ্ট্ৰৰ পুণেত দেওবাৰে পুনৰ 6 জনৰ দেহত ধৰা পৰে ক’ভিডৰ নতুন প্ৰকৰণ অ’মিক্ৰণৰ অৱস্থিতি (Omicron case detected in Mumbai) ৷ ইয়াৰ লগতে মহাৰাষ্ট্ৰত অ’মিক্ৰণৰ প্ৰকৰণ(Omicron variant)ৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা 8জনলৈ বৃদ্ধি পাইছে । নাইজেৰিয়াৰ পৰা পুণেলৈ আহিছিল লোককেইজন ৷

নেচনেল ইনষ্টিটিউট অৱ ভাইৰ’লজীয়ে সদৰি কৰা অনুসৰি, নাইজেৰিয়াৰ লাগোছৰ এগৰাকী ৪৪ বছৰীয়া মহিলাসহ মুঠ ছয়জন লোক সংক্ৰমিত হৈছে ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণৰ দ্বাৰা । মহিলাগৰাকীয়ে তেওঁৰ ভাতৃক সাক্ষাতৰ বাবে 24 নৱেম্বৰত নাইজেৰিয়াৰ লাগোছ চহৰৰ পৰা আহি পিম্প্ৰি চিঞ্চৱাড চহৰত আছিল ৷ ক’ভিড পৰীক্ষণত মহিলাগৰাকীৰ লগতে তেওঁৰ দুগৰাকী কন্যা আৰু তেওঁৰ ভাতৃৰ দুগৰাকী কন্যাকে ধৰি মুঠ 6 জন দেহত ক’ভিডৰ নতুন প্ৰকৰণ ধৰা পৰে ৷

নেচনেল কেমিকেল লেৱৰেটৰী(National Chemical Laboratory)ৰ প্ৰতিবেদন অনুসৰি, পুণেৰ এজন ৪৭ বছৰীয়া ব্যক্তিও অ’মিক্ৰণৰ প্ৰকৰণৰ দ্বাৰা সংক্ৰমিত হৈছে ৷ ইয়াৰ পূৰ্বে ২৩ নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ পৰা দিল্লীলৈ অহা ডম্বিভালি চহৰৰ এজন সামুদ্ৰিক অভিযন্তাই দিল্লী বিমান বন্দৰত ক’ভিড-১৯ পৰীক্ষা কৰিবলৈ দিছিল ৷ তেওঁৰ নমুনা পৰীক্ষণৰ বাবে দিয়াৰ পাছত মুম্বাইলৈ উৰা মাৰিছিল ৷ সামুদ্ৰিক অভিযন্তাজনৰ নমুনাতো অ’মিক্ৰণ প্ৰকৰণৰ অৱস্থিতি ধৰা পৰিছিল ।

লগতে পঢ়ক : দিল্লীত পোহৰলৈ আহিছে প্ৰথমটো অ’মিক্ৰণৰ ঘটনা, দেশত আক্ৰান্তৰ সংখ্যা 5 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.