ETV Bharat / city

১১ ফেব্ৰুৱাৰীৰ পৰা বিজেপি চৰকাৰৰ অন্তিমখন বিধানসভা অধিৱেশন

author img

By

Published : Jan 20, 2021, 5:34 PM IST

ব’হাগ বিহুৰ পূৰ্বেই ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে । এনে অৱস্থাত অহা ১১ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন ।

১১ ফেব্ৰুৱাৰীৰ পৰা বিজেপি চৰকাৰৰ অন্তিমখন বিধানসভা অধিৱেশন
১১ ফেব্ৰুৱাৰীৰ পৰা বিজেপি চৰকাৰৰ অন্তিমখন বিধানসভা অধিৱেশন

নিউজ ডেস্ক, 20 জানুৱাৰী : অহা 11 ফেব্ৰুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন ৷ ৰাজ্যপাল জগদীশ মুখীয়ে অধিসূচনা জাৰি কৰি বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ৷

যদিহে বিহুৰ পূৰ্বেই নিৰ্বাচন অনুষ্ঠিত হয় তেতিয়া চলিত বিজেপি মিত্ৰজোঁট চৰকাৰৰ এইখনেই হ’ব অন্তিমখন বিধানসভাৰ অধিৱেশন । 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া বিধানসভা অধিৱেশন কিমান দিনীয়া হ’ব সেয়া বিধানসভাৰ পৰামৰ্শদাতা সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব যদিও বিধানসভাৰ সৈতে জড়িত শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এই অধিৱেশন তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : গুৱাহাটীত মুখ্য নিৰ্বাচন আয়ুক্তৰ সংবাদ মেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.