ETV Bharat / city

নিযুক্তিৰ নামত শিক্ষা বিভাগৰ অবিবেচক কাণ্ড

author img

By

Published : May 25, 2022, 10:34 PM IST

বাচনি প্ৰক্ৰিয়াৰ ভুলৰ বাবে ৰাজ্যত ব্লক হ'ল শিক্ষকৰ ২৫০০ পদ (Vacancy in education department)। বিজ্ঞাপন দিয়াৰ পাছতো পূৰণ কৰিব নোৱাৰিলে পদ । ৰাজ্যৰ শিক্ষা বিভাগত বিত্ত বিভাগৰ দ্বাৰা অনুমোদিত পদৰ সংখ্যা ২৮,১৬২টা । ইয়াৰে ১১,০৬৩ টা পদতহে এইবাৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে আৰু ১৭,০৯৯টা শিক্ষক পদ ৰৈ গ'ল ।

Assam govt job advertisement
নিযুক্তিৰ নামত শিক্ষা বিভাগৰ অবিবেচক কাণ্ড

গুৱাহাটী, ২৫ মে': ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ (One lakh recruitment in Assam) ক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া এটা বিভাগ হৈছে শিক্ষা বিভাগ । কিন্তু এই ভূমিকা পালনৰ ক্ষেত্রত বিভাগটোৱে যেন ব্যৰ্থতাৰ পৰিচয় দাঙি ধৰিছে । প্ৰকাশ কৰা বিজ্ঞাপন অনুসৰি সমুদায় পদত নিযুক্তি প্রদানত ব্যৰ্থ হোৱা শিক্ষা বিভাগৰ বাচনি প্ৰক্ৰিয়াৰ ভুলৰ বাবে নিযুক্তিৰ পাছতো শিক্ষকৰ ২,৫০০ টা পদ ব্লক হোৱাৰ উপক্রম ঘটিছে ।

উল্লেখ্য যে, শিক্ষা বিভাগে নিম্ন আৰু উচ্চ প্রাথমিকত ৯,৩৫৪ টা পদ পূৰণৰ বিজ্ঞাপন প্ৰকাশ কৰিও যোৱা ১৪ মে'ত ৭,৪২২ টা পদতহে নিযুক্তি দিবলৈ সক্ষম হ’ল । সেইদৰে উচ্চ মাধ্যমিকৰ বিজ্ঞাপনত প্রকাশ কৰা ৪,৮৬৮টা পদৰ বিপৰীতে ৩,৫১৭টা পদতহে নিযুক্তি দিলে (Assam govt job advertisement)। ৰাজ্যত 50 হাজাৰৰো অধিক টেট উত্তীর্ণ প্রার্থী থকা সত্ত্বেও ১,৯৩২টা পদ পূৰণত প্ৰাথমিক শিক্ষা বিভাগ ব্যর্থ হ'ল ।

ইফালে হাইস্কুলত টেট উত্তীর্ণ প্ৰাৰ্থীৰ সংখ্যা বঢ়াবলৈ গৈ শিক্ষা বিভাগে অবিবেচকভাৱে গিফ্ট মার্ক, গ্রেচ মাৰ্ক প্ৰদান কৰাত আৰু তেনে প্রার্থীক নিযুক্তি দিয়াত বেমেজালিৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক আটাইকেইটা পর্যায়ত একেলগে প্রার্থী বাচনি কৰা বাবে নিযুক্তিৰ পাছতো ২,৫০০ টা শিক্ষক পদ ব্লক হৈ পৰিল । একাংশ প্রার্থীয়ে মাধ্যমিক, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক আটাইকেইটা মাধ্যমতে টেট উত্তীর্ণ হোৱা হেতুকে আটাইকেইটা শিক্ষক পদত আৱেদন কৰিলে । যোগ্যতাৰ ভিত্তিত তেনে একাংশ প্রার্থীক একেলগে দুই-তিনিটা পদৰ বাবে বাছনি কৰা হ'ল ।

কিন্তু নিযুক্তি-পত্ৰ বিতৰণৰ পূৰ্বে শিক্ষা বিভাগে তেনে প্রার্থীক যিকোনো এটা পদ বাছি ল'বলৈ বাধ্য নকৰালে । যাৰ বাবে কমেও ২,৫০০ পদ এতিয়া ব্লক হৈ পৰিল । অর্থাৎ উক্ত পদসমূহৰ বাবে পুনৰ বিজ্ঞাপন, বাচনি প্ৰক্ৰিয়াৰ প্রস্তুতি কৰিব লাগিব শিক্ষা বিভাগে । আনহাতে, বিত্ত বিভাগৰ অনুমোদিত মুঠ পদৰ আধা সংখ্যক পদ পূৰণৰ বাবেও শিক্ষা বিভাগে উদ্যোগ নল'লে ।

উল্লেখ্য যে, ৰাজ্যৰ শিক্ষা বিভাগত বিত্ত বিভাগৰ দ্বাৰা অনুমোদিত পদ সংখ্যা ২৮,১৬২টা । কিন্তু ইয়াৰে ১১,০৬৩টা পদতহে এইবাৰ নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে আৰু ১৭,০৯৯টা শিক্ষক পদ ৰৈ গ'ল ।

এইখিনিতে প্রশ্ন হয় যে, ৰাজ্যৰ বিভিন্ন বিদ্যালয় এজনীয়া শিক্ষকেৰে চলি থকা সত্ত্বেও মাত্র ১১,০৬৩ টা পদতহে কিয় বিজ্ঞাপন প্রকাশ কৰা হ'ল ? আনহাতে, যি ১১,০৬৩ টা পদত বিজ্ঞাপন প্ৰকাশ কৰিলে সেই পদসমূহত বিভাগে সম্পূর্ণ নিযুক্তি দিব নোৱাৰিলে । ৰাজ্য চৰকাৰৰ ১ লাখ নিযুক্তিৰ লক্ষ্য পূৰণ এতিয়াও যিহেতু সম্পূর্ণ হোৱা নাই, তেনেক্ষেত্ৰত বিত্ত বিভাগৰ অনুমোদনপ্রাপ্ত আৰু ১৭,০৯৯ টা শিক্ষক পদত নিযুক্তিৰ বাবে শিক্ষা বিভাগে দ্বিতীয় পৰ্যায়ৰ বিজ্ঞাপন প্ৰকাশ কৰিব নে নাই সেয়া লক্ষ্যনীয় বিষয় ।

ইফালে ২০১৩ চনত মাধ্যমিক টেটৰ ফলত গ্রেচ মার্ক নিদিয়া শিক্ষা বিভাগে ২০২০ চনত টেটৰ ফলাফলত কিয় গ্রেচ মার্ক দি একাংশক উত্তীর্ণ কৰালে, সেয়া আজৱ সাঁথৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২১ চনৰ ২৬ অক্টোবৰত গ্রেচ মার্কপ্রাপ্ত প্রার্থীক নিযুক্তি নিদিবলৈ নিৰ্দেশ দিছিল । কিন্তু সেই নির্দেশ অমান্য কৰি মাধ্যমিক শিক্ষা বিভাগে মইমতালিৰে লোৱা সিদ্ধান্তৰ বাবে সদ্যনিযুক্তিপ্রাপ্ত হাইস্কুলৰ ১,৩৪১ জন শিক্ষকৰ ভাগ্য ওলমি ৰ’ল ।

উচ্চ ন্যায়ালয়ৰ চূড়ান্ত ৰায় শিক্ষা বিভাগৰ সপক্ষত যাব বুলি কিয় মাধ্যমিক শিক্ষা বিভাগ আগতীয়াকৈ পতিয়ন হৈছিল সেয়াও লাখটকীয়া প্রশ্ন । এটা কথা স্পষ্ট যে, ৰাজ্যত শিক্ষিত নিবনুৱাই গিজগিজাই থকাৰ সময়ত টে'ট উত্তীর্ণ তথা এন চি টি ই গাইডলাইন অনুসৰি গৰিষ্ঠসংখ্যকে যোগ্যতা অর্জন কৰা সত্ত্বেও তথা ২৮ হাজাৰ অনুমোদিত খালী পদ থকাৰ পাছতো শিক্ষা বিভাগে বিতর্কহীন, স্বচ্ছ নিযুক্তি প্রদানত ব্যর্থ হ’ল ।

লগতে পঢ়ক : এইখন থানাইনে !! পানীৰ ওপৰত টেবুল, টেবুলৰ ওপৰত চকী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.