ETV Bharat / city

নাহৰকটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড : ডিঙি ৰেপি হত্যা

author img

By

Published : Mar 15, 2020, 10:54 PM IST

ডিঙি ৰেপি হত্যা এজনক
নাহৰকটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড

নাহৰকটীয়াত এজন লোকক ডিঙি ৰেপি হত্যা ৷ নিশা শুই থকা অৱস্থাত লোকজনক হত্যা ৷

নাহৰকটীয়া, 15 মাৰ্চ : শনিবাৰে নিশা নাহৰকটীয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ নিশা শুই থকা অৱস্থাত অচিনাক্ত দূৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰে ৰাজু লামা নামৰ এজন লোকক ৷ কৃষিকৰ্মৰে জড়িত 53 বৰ্ষীয় লোকজনে নতুনকৈ সজা ঘৰটোত শুই থকা অৱস্থাতে দূৰ্বৃত্তই হত্যা কৰি থৈ যায় ৷ পুৱা 9 বজালৈকে শুৱাপাটীৰ পৰা উঠি নহাত পত্নীয়ে উঠাবলৈ গৈ তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত তেওঁক প্ৰত্যক্ষ কৰে ৷ ইয়াৰ পাচতে স্থানীয় ৰাইজ আহি আৰক্ষীক খবৰ দিয়ে ৷

নাহৰকটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড

ইফালে ঘটনাস্থলীত নাহৰকটীয়া আৰক্ষীৰ লগতে নামৰূপৰ উপ-আৰক্ষী অধীক্ষক কুলদীপ ভট্টাচাৰ্য উপস্থিত হৈ স্নিফাৰ ডগৰ জৰিয়তে তদন্ত আৰম্ভ কৰে৷ আনহাতে, এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে গোৰ্খা ছাত্ৰ সন্থাৰ নাহৰকটীয়া আঞ্চলিকৰ সভাপতি পুস্কৰ শৰ্মাই ৷

আৰু পঢ়ক : নলবাৰীত চিআৰপিএফৰ উদ্যোগত কৰ'ণা সজাগতা সভা আৰু ৰক্তদান শিৱিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.