ETV Bharat / state

নলবাৰীত চিআৰপিএফৰ উদ্যোগত কৰ'ণা সজাগতা সভা আৰু ৰক্তদান শিৱিৰ

author img

By

Published : Mar 15, 2020, 9:43 PM IST

নলবাৰীৰ সৰিয়হতলীস্থিত 136 চিআৰপিএফে আয়োজন কৰে মাৰাত্মক কৰ'ণা ভাইৰাছ সজাগতা সভাৰ লগতে ৰক্তদান শিৱিৰ ৷

নলবাৰীত চিআৰপিএফৰ উদ্যোগত কৰ'ণা সজাগতা সভা আৰু ৰক্তদান শিৱিৰ
নলবাৰীত চিআৰপিএফৰ উদ্যোগত কৰ'ণা সজাগতা সভা আৰু ৰক্তদান শিৱিৰ

নলবাৰী, 15 মাৰ্চ : সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক কৰ'ণা ভাইৰাছক লৈ সজাগতা শিৱিৰৰ আয়োজন কৰে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে ৷ চিআৰপিএফৰ 136 বেটালিয়নে নলবাৰী জিলাৰ সৰিয়হতলীত ৰক্তদান শিৱিৰৰ লগতে এইদৰে সজাগতা শিৱিৰ আয়োজন কৰে ৷ নলবাৰী অসামৰিক চিকিৎসালয়ৰ এটি দলৰ সহযোগত বেটালিয়নৰ মূখ্য কাৰ্যালয়ত দেওবাৰে দিনৰ আগত এই কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ বেটালিয়নৰ কামাণ্ডিং অফিচাৰ পিচি চৌহানে উদ্বোধন কৰা এই শিৱিৰত প্ৰায় 50ৰো অধিক চিআৰপিএফ জোৱানে ৰক্তদান কৰে ৷

নলবাৰীত চিআৰপিএফৰ উদ্যোগত কৰ'ণা সজাগতা সভা আৰু ৰক্তদান শিৱিৰ

আনহাতে, ৰক্তদানৰ সমান্তৰালকৈ স্থানীয় ৰাইজৰ মাজত মাৰাত্মক কৰ'ণা ভাইৰাছক লৈ সজাগতা শিৱিৰো আয়োজন কৰে বাহিনীটোৱে ৷ আনহাতে কামাণ্ডাৰ চৌহানে প্ৰকাশ কৰা অনুসৰি, যিকোনোধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বাহিনীটো সাজু থকাৰ লগতে প্ৰয়োজনত ৰক্তদান কৰিবলৈ এইদৰে শিৱিৰৰ আয়োজন কৰি যাব বাহিনীটোৱে ৷ স্থানীয় ৰাইজে বাহিনীটোৰ এই প্ৰয়াসক প্ৰশংসাৰে ওপচাই পেলাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.