ETV Bharat / city

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

author img

By

Published : May 1, 2021, 10:19 AM IST

Updated : May 1, 2021, 11:14 AM IST

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই
অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত হঠাৎ হাহাকাৰ । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাত হুৱাদুৱা লাগে ক’ভিডত আক্ৰান্ত ৰোগীসকলৰ মাজত ।

ডিব্ৰুগড়, 1 এপ্ৰিল : নিশা প্ৰায় 1.30 বজাত জুই লগাত হুৱাদুৱা লাগে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ক’ভিড ৱাৰ্ডৰ কৰ’ণাত আক্ৰান্ত ৰোগীসকলৰ মাজত ৷ অক্সিজেন লৈ থকা ৰোগীয়ো ক’ভিড ৱাৰ্ডৰ অট্টালিকাৰ পৰা ৰাজপথলৈ নামি আহে ।

অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

কৰ্তৃপক্ষই ৰোগী সকলক অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে যদিও পৰিস্থিতি ভাল হোৱাত ৰোগী সকলক পুনৰ নিজ নিজ স্থানলৈ লৈ যোৱা হয় । অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে এখন বিজুলী পাংখাত হোৱা বিজুতিৰ বাবেই এই ঘটনা সংঘটিত হয় ।

অৱশ্যে এই ঘটনাত কোনো ৰোগী হতাহঁত হোৱা নাই বুলি জনাইছে চিকিৎসা মহাবিদ্য়ালয়ৰ কৰ্তৃপক্ষই । উল্লেখযোগ্য যে, 132 গৰাকীকৈ ৰোগী চিকিৎসাধীন হৈ আছে চিকিৎসালয়খনত । ঘটনাৰ খবৰ পাই বহু অভিভাৱক নিশাই উক্ত স্থানত উপস্থিত হয় বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : বৰপেটাত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে ক'ভিড-19ত আক্ৰান্তৰ সংখ্যাই

Last Updated :May 1, 2021, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.