ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

author img

By

Published : Nov 4, 2021, 10:27 AM IST

Updated : Nov 5, 2021, 3:53 PM IST

changes-in-the-administration-of-the-assam-government

ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল ৷ ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝাক কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ ইফালে বিশ্বজিত পেগুক ডিব্ৰুগড়ৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ৷

গুৱাহাটী/মৰাণ, 4 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ শীৰ্ষ বিভাগত ব্যাপক ৰদ-বদল ৷ কেইবাখনো জিলাৰ উপায়ুক্তৰ ঘটিছে সাল-সলনি ৷ কেইবাগৰাকীও আই এ এছ (IAS) বিষয়াক প্ৰদান কৰা হৈছে অতিৰিক্ত দায়িত্ব ।

changes-in-the-administration-of-the-assam-government
ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ডিব্ৰুগড় জিলাখনক কৰ্ম দক্ষতাৰে আগুৱাই নিয়াত সফল হোৱা উপায়ুক্ত পল্লৱ গোপাল ঝাক কামৰূপ মহানগৰ জিলাৰ নতুন উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ৷ আনহাতে, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুক ডিব্ৰুগড়ৰ নতুন উপায়ুক্ত হিচাপে বদলি কৰা হৈছে ।

changes-in-the-administration-of-the-assam-government
ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

সেইদৰে পল বৰুৱাক চৰাইদেউ, প্ৰণৱ কুমাৰ শৰ্মাক দৰং, নাজৰিন আহমেদক ডিমা হাচাও, দেৱ কুমাৰ মিশ্ৰক বিশ্বনাথ, এইচ এন গৌতমক নগাঁৱ, পল্লৱী সৰকাৰক দক্ষিণ শালমাৰা, দিবাকৰ নাথক কাৰ্বি আংলং, মৃদুল যাদৱক কৰিমগঞ্জ আৰু কৃষ্ণ বৰুৱাক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে ।

changes-in-the-administration-of-the-assam-government
ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ইফালে আন কেইবাগৰাকী আই এ এছ বিষয়াক অতিৰিক্ত দায়িত্ব দিয়াৰ লগতে ৰদ-বদল কৰা হৈছে ।

লগতে চাওক: অনাগত মাহত পুনৰ বৃদ্ধি হ'ব পেট্ৰ'ল-ডিজেলৰ মূল্য !

Last Updated :Nov 5, 2021, 3:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.