ETV Bharat / city

ডিঙিত গামোচাখন লৈ অসমীয়াপ্ৰীতি দেখুৱালেই নহ'ব নৰেন্দ্ৰ মোদীয়ে : ডিব্ৰুগড় আছু

author img

By

Published : Jun 30, 2022, 10:19 PM IST

aasu-urges-central-to-declare-assam-flood-as-national-problem
aasu-urges-central-to-declare-assam-flood-as-national-problem

অসমৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি স্থায়ী সমাধান কৰাৰ দাবীত ৰাজ্যৰ আন ঠাইৰ লগতে ডিব্ৰুগড়তো প্ৰতিবাদ ৷ বান আৰু গৰাখহনীয়া সমস্যাসমূহ চৰকাৰে কোনো দিনে স্থায়ী সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক কথা বুলি আখ্যা দিয়ে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই ।

মৰাণ, 30 জুন: অসমৰ বান খহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰি স্থায়ী সমাধান কৰা আৰু বানাক্ৰান্তক পৰ্যাপ্ত সাহাৰ্য দি পুনৰসংস্থাপিত কৰাৰ দাবীত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ (AASU protest in Dibrugarh)। ছাত্ৰ সংগঠনটোৱে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চৌকিডিংগীৰ ৰাজপথ উত্তাল কৰি তোলে । লগতে বান আৰু গৰাখহনীয়া সমস্যাসমূহ চৰকাৰে কোনো দিনে স্থায়ী সমাধানৰ ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক কথা বুলি আখ্যা দিয়ে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্তই ।

ডিঙিত অসমীয়াৰ গামোচাখন লৈ অসমীয়া প্ৰীতি দেখালেই নহ'ব নৰেন্দ্ৰ মোদীয়ে : ডিব্ৰুগড় আছু

লগতে সভাপতি গৰাকীয়ে কয়, নৰেন্দ্ৰ মোদীয়ে ডিঙিত অসমীয়াৰ গামোচাখন লৈ অসমীয়াপ্ৰীতি দেখাই থাকিলে নহ'ব, অসমৰ মূল সমস্যা সমাধান কৰক । প্ৰতিবছৰে বান আৰু গৰাখহনীয়াৰ ফলত লাখ লাখ মানুহৰ সম্পত্তি বানত বিধ্বস্ত হৈছে (Assam flood problem)। মানুহ ভিত্তিগ্ৰস্ত হোৱাৰ লগতে মানুহৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ লগতে বান আৰু গৰাহনীয়াৰ স্থায়ী সমাধান কেতিয়া হ'ব বুলিও প্ৰশ্ন উত্থাপন কৰে ছাত্ৰ নেতাজনে । আছুৰ এই প্ৰতিবাদক কেন্দ্ৰীয় চৰকাৰে কিমান গুৰুত্ব প্ৰদান কৰে সেয়াহে লক্ষ্যণীয় হ’ব ।

উল্লেখ্য যে, ৰাজ্যৰ ভিন্ন স্থানত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বৃহস্পতিবাৰে গোলাঘাটতো জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ(AASU Protest in Golaghat) ৷ অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে(Declare Assam's flood and erosion a national problem), বান-গৰাখহনীয়া সমস্যা শীঘ্ৰেই সমাধান কৰা, বান-গৰাখহনীয়া আক্ৰান্ত পৰিয়ালসমূহক খাদ্য সামগ্ৰী, ঔষধ, শিশু খাদ্য, পশুধনৰ খাদ্য যোগান ধৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে গোলাঘাট জিলা ছাত্ৰ সন্থাই ।

নগাঁৱৰ আছুৰ কাৰ্যালয়ৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰ হায় হায়, অসম চৰকাৰ হায় হায়, বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক, বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহাৰ্য প্ৰদান কৰক, বানাক্ৰান্ত ৰাইজক পুনঃসংস্থাপন দিয়ক, নৰেন্দ্ৰ মোডী হায় হায়, অসমৰ মুখ্যমন্ত্ৰী হায় হায় আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে সংগঠনটোৱে ।

লগেত পঢ়ক : বান-খহনীয়া সমাধানৰ দাবীত মাজুলীত জিলা ছাত্ৰ সন্থাৰ গৰ্জন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.