ETV Bharat / city

প্ৰধান মন্ত্ৰী আগমনক লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 22, 2021, 6:00 PM IST

Cycle rally by Congress
প্ৰধান মন্ত্ৰী আগমনক লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

23 জানুৱাৰীত অসমলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ মোদীৰ আগমনৰ বিৰুদ্ধে আজি ডিব্ৰুগড়ত কংগ্ৰেছৰ দলীয় সদস্য সকলে এক বিশাল চাইকেল ৰেলী উলিয়াই ৷ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে ৷

ডিব্ৰুগড়, 22 জানুৱাৰা: 23 জানুৱাৰীত শিৱসাগৰৰ জেৰেঙা পথৰাৰলৈ আহিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইফালে প্ৰধান মন্ত্ৰী মোদীৰ আগমনক লৈ আজি মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ত কংগ্ৰেছৰ দলীয় সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ডিব্ৰুগড়ৰ খনিকৰৰ পৰা এক বিশাল চাইকেল ৰেলীৰে প্ৰধান মন্ত্ৰী তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি ৰাজপথ উত্তাল কৰি তোলে ৷

প্ৰধান মন্ত্ৰী আগমনক লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

উল্লেখ্য যে, বিগত 2015 চৰ বিধানসভা নিৰ্বাচনতো বিজেপি চৰকাৰ তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ ৰাইজক ভুৱা প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰিছিল ৷ অসমত বিজেপি চৰকাৰ হ'লে অসমৰ পৰা সকলো বিদেশী তালি টোপোলা বান্ধিব লাগিব বুলি মন্তব্য কৰিছিল ৷ তাৰোপৰি দেশত অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ হোৰা হোৰে মূল্যবৃদ্ধি হৈছে যদিও মুল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ বিজেপি চৰকাৰ খনে কোনো পদক্ষেপ নোলোৱা বুলি তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷

অকল সেৱাই নহয়, ভাৰত বাংলাদেশৰ সীমা ছীল কৰিম বুলি মোডীয়ে অসমৰ ৰাইজক মিছা প্ৰতিশ্ৰুত দি আভুৱা ভৰিছিল ৷ কিন্তু এইবেলী বিধানসভা নিৰ্বাচনৰ আগমূহুৰ্তত পুনৰ অসমলৈ আহি ৰাইজক প্ৰতাৰণা কৰিব বুলি কটাক্ষ কৰে ৷ কিন্তু এইবাৰ মোদীয়ে অসমৰ ৰাইজক আভুৱা ভৰিব নোৱাৰে ৷ অসমৰ ৰাইজে বিজেপি চৰকাৰ খনৰ তথা মোদীৰ মিছা প্ৰতিশ্ৰুতি মানি নলয়, বিজেপি 5 বছৰীয়া শাসন কালত চৰকাৰৰ মিথ্যাচাৰ কথাবোৰ বুজি পাইছে ৷ গতিকে আগন্তুক নিৰ্বাচনত অসমৰ ৰাইজে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক- বৰপেটাত প্ৰতিবাদী শিক্ষকক আৰক্ষীৰ বাধা আদবাটতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.