ধুবুৰীৰ পদপথত পকৰি-চাউমিন বিক্ৰী যুৱ-কংগ্ৰেছীৰ

author img

By

Published : Sep 17, 2022, 10:48 PM IST

unique protest by youth congress selling fast food in Dhubri

নিবনুৱা সমস্যাৰ সমাধানৰ দাবীত ধুবুৰীৰ ব্যস্ত পদপথৰ কাষত পকৰি-চাউমিন বিক্ৰীত নামি পৰিছে ধুবুৰী যুৱ কংগ্ৰেছ কৰ্মীসকল (Youth congress selling fast food in Dhubri) ৷ পকৰী-চাউমিন বিক্ৰেতাৰ ৰূপত থকা উচ্চ শিক্ষিত যুৱ-কংগ্ৰেছীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

ধুবুৰী, 17 ছেপ্টেম্বৰ: এফালে দেশজুৰি দেশৰ প্ৰধানমন্ত্ৰীৰ জন্মদিন পালন কৰা হৈছে (PM Narendra Modi Birthday) । আনফালে ৰাজ্যজুৰি যুৱ কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ জন্মদিনটো ক’লা দিৱস(Black day by youth congress) হিচাবে পালন কৰাৰ লগতে ধুবুৰী জিলা যুৱ কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ জন্মদিনটো নিৱনুৱা দিৱস হিচাবে পালন কৰিছে (Unique protest by Youth Congress) ৷

নিবনুৱা সমস্যাৰ সমাধানৰ দাবীত ধুবুৰীৰ ব্যস্ত পদপথৰ কাষত পকৰি-চাউমিন বিক্ৰীত নামি পৰিল ধুবুৰীৰ যুৱ-কংগ্ৰেছ কৰ্মীসকল (Youth congress selling fast food in Dhubri) ৷ এই পকৰী-চাউমিন বিক্ৰেতাৰ ৰূপত থকা উচ্চ শিক্ষিত যুৱ-কংগ্ৰেছীয়ে নৰেন্দ্ৰ মোদী চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ।

ধুবুৰীত জিলা যুৱ কংগ্ৰেছৰ কলা দিৱস পালন

ইফালে ধুবুৰী ৰাজীৱ ভৱনত(Dhubri Rajiv Bhawan) জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাফ হুছেইন মণ্ডলে এখন সংবাদমেলৰ সম্বোধন কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে ৰাজীৱ ভৱনৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে ৷

লগতে পঢ়ক: বিজেপি চৰকাৰৰ দিনত জেহাদী সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে ৮৪ জনক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.