ETV Bharat / city

ধুবুৰীৰ গৌৰীপুৰত নিশা আৱতৰীয়া দীপাৱলী

author img

By

Published : Jul 7, 2022, 12:32 PM IST

reaction to recognition of assamese muslims as indigenous communities
ধুবুৰীৰ গৌৰীপুৰত নিশা আৱতৰীয়া দিপাৱলী

জনতা ভৱনত মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচ জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি দিয়াৰ সিদ্ধান্ত লোৱা হয় । ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পাছতেই সন্তুষ্টি ব্যক্ত কৰিছে গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু চৈয়দ জনগোষ্ঠীয় লোকে(Assamese Muslims recognised as a distinct indigenous community) ৷ ঠায়ে ঠায়ে পালন কৰা হৈছে আনন্দ-উল্লাস ৷

ধুবুৰী, 7 জুলাই : অসম চৰকাৰৰ কেবিনেটত দেশী, গৰীয়া, মৰিয়া, জলহা আৰু চৈয়দকে ধৰি ৫ টা জনগোষ্ঠীক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাৰ পিছতে পাঁচ জনগোষ্ঠীৰ লোকসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে(Assamese Muslims recognised as a distinct indigenous community) । যাৰ বাবে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে এই জানগোষ্ঠীকেইটাই আৱতৰীয়া দীপাৱলীৰে বিজয় উল্লাস পালন কৰা দেখা গৈছে ।

ধুবুৰীৰ গৌৰীপুৰত নিশা আৱতৰীয়া দিপাৱলী

এই উপলক্ষ্যে বুধবাৰে দিনৰ ভাগত অসম গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত গৌৰীপুৰৰ পাব্লিক লাইব্ৰেৰীত এখন সভা আয়োজন কৰা হয় ৷ সভাত পৰিষদে চৰকাৰক তেওঁলোকক অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদান কৰাত সন্তোষ ব্যক্ত কৰে আৰু ধন্যবাদ জ্ঞাপন কৰে ৷

আনহাতে নিশা ধুবুৰীৰ গৌৰীপুৰ চহৰৰ চৌৰঙ্গীমোৰত দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চৰ কেন্দ্ৰীয় সহ-সম্পাদক ছাইফুৰ ৰহমানৰ লগতে সংগঠনৰ অন্য সদস্য আৰু উক্ত অঞ্চলৰ ৰাইজে মিলি ফটকা ফুটুৱাই হৰ্ষোল্লাস কৰি বিজয় উল্লাস পালন কৰে । তেওঁলোকে দেশী জনগোষ্ঠীক খিলঞ্জীয়া মুছলমান হিচাপে স্বীকৃতি প্ৰদান কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : অসমত খিলঞ্জীয়া মুছলমানৰ সংজ্ঞা নিৰূপণ কৰা‌ হ’ব: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.