ETV Bharat / city

ধুবুৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ

author img

By

Published : Sep 13, 2020, 7:29 PM IST

ধুবুৰীত আধাৰ কাৰ্ডৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহৰ অভিযোগ ৷ ধুবুৰীৰ বটেৰহাট পঞ্চায়তত উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ।

ধুবুৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ
ধুবুৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ধুবুৰী, 13 ছেপ্তেম্বৰ: ধুবুৰীৰ আগমনিৰ বটেৰহাটত বিনামূলীয়া আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ । ধন নিদিলে ৰাইজক হাৰাশাস্তি কৰৰ অভিযোগ স্থানীয় জনতাৰ ।

অভিযোগ অনুসৰি এখন আধাৰ কাৰ্ডৰ নামত পাচঁশ টকাৰ পৰা ডেৰ হেজাৰ টকাকৈ সংগ্ৰহৰ কথা পোহৰলৈ আহিছে । একাংশ দালালৰ জৰিয়তে দুখীয়া ৰাইজৰ পৰা অবৈধভাৱে ধন সংগ্ৰহত নামিছে একাংশ বিভাগীয় বিষয়া-কৰ্মচাৰীও । ধনৰ বিনিময়ত আধাৰ কাৰ্ড প্ৰদানক কেন্দ্ৰ কৰি বটেৰহাটত প্ৰত্যক দিনাই হুলস্থুলীয়া পৰিৱেশ ।

ধুবুৰীত আধাৰ কাৰ্ডৰ নামত ধন সংগ্ৰহৰ অভিযোগ

ইয়াৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই একো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুদ্ধ জনতাই এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ৷ এই বিষয়টোৰ প্ৰতি জিলা প্ৰশাসনে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ’ব ৷

লগতে চাওক-ৰঙাপৰাত মাস্ক পৰিধান নকৰা লোকক জৰিমনা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.