ETV Bharat / city

বহিৰাজ্যত উদ্ধাৰ বিলাসীপাৰাৰ তিনি যুৱতী

author img

By

Published : Aug 3, 2021, 10:24 PM IST

3-woman-recoverd-from-hariyana
হাৰিয়ানাত উদ্ধাৰ বিলাসীপাৰাৰ তিনি যুৱতী: আটক দুই নাৰী সৰবৰাহকাৰী

বিলাসীপাৰা আৰক্ষীৰ (Bilasipara Police Station) ব্যাপক তৎপৰতা ৷ নাৰী সৰবৰাহ চক্ৰৰ পৰা উদ্ধাৰ কৰিলে তিনি যুৱতী ৷ উদ্ধাৰৰ স্থান হাৰিয়ানা ৷

বিলাসীপাৰা, 3 আগষ্ট : বিলাসীপাৰা আৰক্ষী (Bilasipara Police Station)য়ে ব্যাপক তৎপৰতাৰে অভিযান চলাই হাৰিয়ানাৰ পৰা তিনিগৰাকী অসমীয়া যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বিলাসীপাৰাৰ কাজাইকাটা গাঁৱৰ আবুল কালামে নামৰ এটা নাৰী সৰবৰাহকাৰীয়ে লালচান আলী নামৰ লোকৰ সহযোগত বিয়াৰ প্ৰলোভনেৰে বয়েজেৰ আলগা গাঁৱৰ ছকমান আলীৰ কন্যা আৰ্জুমা খাতুনক কিছুদিন পূৰ্বে পলুৱাই নিয়ে ৷

আবুল কালামে যুৱতীগৰাকীক পিছত হাৰিয়ানা ৰাজ্যৰ আদামপুৰত এক লাখ দহ হাজাৰ টকাত নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতত বিক্ৰী কৰি দিয়ে ৷ ইফালে বিলাসীপাৰা ডিয়াবাৰী গাঁৱৰ ছোবাহান আলী আৰু তামাৰহাটৰ ছমেদ আলী নামৰ নাৰী সৰবৰাহকাৰী দুটাই ১ জুনত হাকামা প্ৰথম খণ্ড গাঁৱৰ তাৰাবানু আৰু হাওয়া বানু নামৰ যুৱতীদ্বয়ক বিভিন্ন প্ৰলোভন দেখুৱাই ৰে’লত তুলি হাৰিয়ানা ৰাজ্যলৈ নিয়ে ৷ যুৱকদ্বয়ে তাতে কোনো নাৰী চক্ৰৰ ওচৰত বৃহৎ ধনৰ বিনিময়ত যুৱতী দুগৰাকীক বিক্ৰী কৰে ৷

বহিৰাজ্যত উদ্ধাৰ বিলাসীপাৰাৰ তিনি যুৱতী

ঘটনা সন্দৰ্ভত যুৱতীদ্বয়ৰ পৰিয়ালে বিলাসীপাৰা থানাত দাখিল কৰা গোচৰৰ ভিত্তিত আৰক্ষীয়ে ৪৬০/২১ , ৫২৩/২১ আৰু ৪৮৩/২১ , ৩৬৬ ধাৰাৰ অধীনত তিনিটা গোচৰ ৰুজু কৰে ৷

সেইমতে গোচৰৰ তদন্তকাৰী আৰক্ষী বিষয়া উজ্বল পেগু আৰু আলকাচ ৰহমানৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ২৫ জুলাইত যুৱতী তিনিগৰাকীক উদ্ধাৰ কৰিবলৈ হাৰিয়ানাত উপস্থিত হয় ৷ তাতে স্থানীয় আৰক্ষীৰ সহযোগত যুৱতী তিনিগৰাকীক উদ্ধাৰ কৰাৰ লগতে দুই নাৰীসৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি মঙলবাৰে বিলাসীপাৰা থানাত উপস্থিত হয় ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাৰী সৰবৰাহকাৰী দুটা ছোবহান আলী আৰু ছমেদ আলী বুলি জানিব পৰা হৈছে ৷ আনহাতে বিলাসীপাৰা আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি এতিয়াও দুটা নাৰী সৰবৰাহকাৰী পলাতক হৈ আছে ৷ সম্প্ৰতি উদ্ধাৰ হোৱা যুৱতী তিনিগৰাকীক বিলাসীপাৰা আৰক্ষীয়ে নিজ জিম্মাত ৰাখিছে ৷

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘৰ সভাত অংশগ্ৰহণ কৰিব বোকাখাতৰ ছাত্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.