ভাৰতত অৱসৰী জীৱনৰ পথ বাছি লোৱা প্ৰবাসী ভাৰতীয়ৰ বাবে বীমা পৰিকল্পনা

author img

By

Published : Sep 14, 2022, 7:30 AM IST

NRIs opting for retired life in India

আজিকালি বহুতেই উন্নত সুযোগ লাভ কৰি বিদেশলৈ ধাৱমান হৈছে । বহিঃৰাষ্ট্ৰত কৰা উপাৰ্জনৰ পৰা তেওঁলোকে নিজৰ জন্মভূমিত যথেষ্ট অংশ বিনিয়োগ কৰিব বিচাৰিব (investment opportunities for NRIs)। এই প্ৰক্ৰিয়াত তেওঁলোকে উত্তম বিনিয়োগ বিচাৰে যাতে, অৱসৰৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে । এই পটভূমিত প্ৰবাসীসকলৰ প্ৰয়োজন অনুযায়ী পৰিকল্পনাসমূহ চাওঁ আহক ।

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ: প্ৰবাসী ভাৰতীয়সকলে যদি তেওঁলোকৰ মাতৃভূমি অৰ্থাৎ ভাৰতত অৱসৰৰ পৰিকল্পনা কৰিছে তেন্তে বৈচিত্ৰময় বিনিয়োগৰ তালিকা প্ৰস্তুত কৰাটো প্ৰয়োজন (investment opportunities for NRIs)। তালিকাখনত নিশ্চিত ৰিটাৰ্ণ পৰিকল্পনা, ইউনিট-লিংকড বীমা পলিচি (ইউলিপ), বিনিয়োগ নিশ্চয়তা আৰু বাৰ্ষিক পৰিকল্পনা অন্তৰ্ভুক্ত কৰিব লাগে । এই পৰিকল্পনাবোৰক লৈ অলপ গৱেষণা কৰিব লাগে । তেওঁলোকে নিজৰ অৱস্থাৰ বিষয়ে এটা ধাৰণা ল’ব লাগে ।

নিজৰ জন্মভূমি দেশৰ অৰ্থনৈতিক বিকাশত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে প্ৰবাসী ভাৰতীয়সকলে এনে বিনিয়োগৰ লক্ষ্য লোৱা উচিত, যাৰ দ্বাৰা দীৰ্ঘম্যাদীভাৱে ভাল লাভৰ ফল পোৱা যায় (NRIs planning to spend retired life in India)। সঠিক পৰিকল্পনাত সঠিক পদ্ধতিৰে বিনিয়োগ কৰাটো অতি প্ৰয়োজনীয় । বিদেশত উপাৰ্জন কৰা প্ৰবাসী ভাৰতীয়ৰ বাবে ৰিটাৰ্ণ নিশ্চিত নীতি উপযুক্ত । এই প্লেনসমূহে ফিক্সড ডিপজিটৰ তুলনাত অধিক উপাৰ্জন কৰে, ইয়াৰ উপৰিও বীমা কভাৰেজৰ সৈতেও থাকে ।

তদুপৰি, মেচিউৰিটিত পলিচিটোৱে কিমান ফল দিয়ে তাৰ ওপৰতো আপোনাৰ পূৰ্বৰ ধাৰণা আছে । দীৰ্ঘম্যাদী সুযোগ লৈ প্ৰবাসী ৰাইজে ৪৫ বছৰতকৈও অধিক সময় ধৰি এই নীতি গ্ৰহণ কৰিব পাৰে ।

তদুপৰি পলিচিধাৰীৰ কিবা হ’লে মাহেকীয়া, ত্ৰিমাসিক, ডেৰ বছৰ বা বছৰেকীয়া আয় লাভ কৰাৰ ব্যৱস্থা কৰিব পাৰি । মুঠ ৰাশিও এবাৰতে দাবী কৰিব পাৰি । ফলত পলিচিধাৰীয়ে অধিক আৰ্থিক নিৰাপত্তা লাভ কৰে । শিশুৰ উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ বিবাহ আৰু গৃহ ঋণ পৰিশোধৰ বাবে অংশ উলিয়াব পাৰে । এই পৰিকল্পনাৰ অধীনত হোৱা সকলো আয় আয়কৰ আইনৰ ধাৰা ১০ (১০D)ৰ অধীনত ৰেহাই দিয়া হৈছে । ১৮ ৰ পৰা ৬০ বছৰ বয়সৰ প্ৰবাসীসকলে KYCৰ চৰ্তসমূহ পূৰণ কৰি এই নীতিসমূহ ল’ব পাৰে । অ-আৱাসিক বাহ্যিক (এন আৰ ই) একাউণ্ট থকাসকলে জি এছ টি ৰিফাণ্ড দাবী কৰিব পাৰে, যিটো এটা অতিৰিক্ত সুবিধা ।

প্ৰবাসী ভাৰতীয়সকলে যদি এটা ঠাইত বীমা আৰু বিনিয়োগ বিচাৰে তেন্তে ইউনিট-লিংকড ইনচ্যুৰেঞ্চ পলিচি (ULIP) পছন্দ কৰিব পাৰে (ULIPS guaranteed income plans) । প্ৰিমিয়ামৰ এটা অংশ বীমা সুৰক্ষাৰ বাবে ৰখাৰ বিপৰীতে বাকীখিনি শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ডাইভাৰ্ট কৰা হ’ব । প্লেন লোৱাৰ প্ৰথম দিনাৰ পৰা আৰম্ভ হ’ব বীমা সুৰক্ষা । ভাৰতীয় শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে প্ৰবাসী ৰাইজে এই পৰিকল্পনাৰ সুবিধা ল’ব পাৰে । নিশ্চিত ৰিটাৰ্ণ প্লেনৰ তুলনাত ইয়াৰ ফলত অধিক আয় হ’ব পাৰে ।

দীৰ্ঘম্যাদী বিনিয়োগে ভাল আয়ৰ সুযোগ সৃষ্টি কৰিব । বজাৰৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি পুঁজি সলনি কৰিব পাৰি । পাঁচ বছৰৰ পিছত আংশিকভাৱে উলিয়াবও পাৰে । ULIP বাছনি কৰাৰ সময়ত আপুনি KYC চৰ্ত অনুসৰি প্ৰয়োজনীয় নথি-পত্ৰ জমা দিব লাগিব । বীমা প্ৰতিষ্ঠানৰ লগত পৰামৰ্শ কৰি সিদ্ধান্ত লওক ।

কিছুমান নীতিয়ে নিশ্চিত ৰিটাৰ্ণৰ সৈতে একেলগে ULIP সুবিধা প্ৰদান কৰে । প্ৰথমবাৰৰ বাবে বিনিয়োগ কৰা প্ৰবাসীসকলে ইয়াৰ বাবে যাব পাৰে । এই পৰিকল্পনাসমূহে ৫০ৰ পৰা ৬০ শতাংশ ঋণ পুঁজিত আৰু বাকীখিনি ইকুইটিত বিনিয়োগ কৰে (Insurance pension plans for NRIs) । গতিকে, তেওঁলোকে ইকুইটিত অহা ঋণ পৰিকল্পনা আৰু ৰিটাৰ্ণত সুৰক্ষাৰ দ্বৈত সুবিধা নিশ্চিত কৰিব । মূলধনী নিশ্চয়তা পৰিকল্পনাত প্ৰিমিয়ামৰ বাবে ১০০ শতাংশ নিশ্চয়তা দিয়া হয় ।

এইবোৰৰ উপৰিও পেঞ্চন লাভ কৰা বাৰ্ষিকী পৰিকল্পনাও আছে । এককালীন বিনিয়োগ কৰিলে আমি মাহেকীয়া, ত্ৰিমাসিক আৰু বছৰেকীয়া পেঞ্চন পাব পাৰো । নিৰ্দিষ্ট সময়ৰ পিছত পেঞ্চন দিয়া দীৰ্ঘম্যাদী পৰিকল্পনাত বিনিয়োগ কৰিব পাৰি । কিছুমান পৰিকল্পনাত তৎক্ষণাত পেঞ্চন প্ৰদান কৰা হয় । ৰিস্ক ল’বলৈ ইচ্ছুক নোহোৱা প্ৰবাসী ৰাইজে এই পৰিকল্পনাসমূহৰ বাবে যাব পাৰে বুলি কয় পলিচিবাজাৰ ডট কমৰ বিনিয়োগৰ মুৰব্বী বিবেক জৈনে ৷

লগতে পঢ়ক: সৰ্বশ্ৰেষ্ঠ বীমা আঁচনিয়ে আপোনাক কেনেদৰে সহায় কৰিব ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.