সৰ্বশ্ৰেষ্ঠ বীমা আঁচনিয়ে আপোনাক কেনেদৰে সহায় কৰিব ?

author img

By

Published : Sep 13, 2022, 12:46 PM IST

insurance policies

আপোনৰ জীৱনৰ অনিশ্চয়তাৰ বাবে প্ৰস্তুত হৈ থকাটো অতি প্ৰয়োজন । বিশেষকৈ কৰ'ণা মহামাৰীৰ (Covid situation) ভয়ংকৰ পৰিস্থিৰি পিছৰে পৰা বেছিভাগ লোকে এক সুন্দৰ বিত্তীয় পৰিকল্পনা গ্ৰহণ কৰিছে । বিশেষকৈ, জীৱন বীমা আঁচনিৰ ওপৰত সজাগতা বৃদ্ধি পাইছে ।

নিউজ ডেস্ক,১৩ ছেপ্টেম্বৰ : বৃদ্ধ লোকসকল বীমা আঁচনি লোৱাৰ বাবে যোগ্য নে নহয় ? সচৰাচৰ এই প্ৰশ্নটো উত্থাপন হোৱা দেখা যায় । এই সকলোবোৰ নিৰ্ভৰ কৰে তেওঁলোকে কেনে ধৰণৰ বীমা ক'ভাৰ বিচাৰে । আঁচনিখন লোৱাৰ পূৰ্বে আমি প্ৰথমে আমাৰ প্ৰয়োজনীয়তাসমূহ বিচাৰ কৰিব লাগে (Best life insurance policies)।

জ্যেষ্ঠ নাগৰিকৰ বাবে বাৰ্ষিক পলিচি যথেষ্ট হ'ব পাৰে (Best insurance policies for senior citizen)। সুৰক্ষাৰ ক্ষেত্ৰত সীমাবদ্ধ ম্যাদী আঁচনি লাভ কৰা কিছু কঠিন । যদি কোনো স্বাস্থ্য সমস্যা নাই, অধিক প্ৰিমিয়াম পৰিশোধ কৰি আঁচনি ল'ব পাৰি । আনকি পূৰ্বৰে পৰা কোনো ৰোগত ভুগিলেও, প্ৰিমিয়াম লোডিং কিছুমান সীমাবদ্ধ থাকিব ।

কেৱল বিশেষ পৰিস্থিতিত, বীমা কোম্পানী এটাই পলিচিবোৰ অস্বীকাৰ কৰে । সেয়েহে, বৃদ্ধ হোৱা স্বত্বেও, এজনে বিফল নোহোৱাকৈ বীমা আঁচনি গ্ৰহণ কৰা উচিত ।

জীৱন পৰিকল্পনা বাছনি কৰোঁতে আমি অতি সতৰ্ক হোৱা উচিত । জীৱন বীমা আঁচনি বহুতো প্ৰকাৰ আছে । কিছুমান কেৱল সুৰক্ষাত সীমাবদ্ধ আনহাতে আন কিছুমানে দীৰ্ঘম্যাদী বিনিয়োগ কৰাত সহায় কৰে । কিছুমান পৰিকল্পনাই অৱসৰৰ পিছত পেঞ্চন প্ৰদান কৰে ।

আন কিছুমান আঁচনি শ্বেয়াৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল । এনে কিছুমান পলিচি আছে যি জীৱনজোৰা সুৰক্ষা প্ৰদান কৰে । সেয়েহে, বীমা আঁচনিবোৰক সকলো সময়তে এটা বিনিয়োগ কাৰ্যসূচী বা আন এটাৰ সৈতে তুলনা কৰিব নোৱাৰি ।

একে সময়তে, নিৰ্দিষ্ট শ্ৰেণীৰ এটা পলিচিক বেলেগ এটা শ্ৰেণীৰ আন এটা পলিচিৰ সৈতে তুলনা কৰিব নোৱাৰি । সাধাৰণতে, জীৱন বীমা আঁচনিবোৰ হৈছে দীৰ্ঘম্যাদী আঁচনি । তেওঁলোকে উপভোক্তাসকলে পৰিশোধ কৰা প্ৰিমিয়ামৰ ওপৰত কৰ ৰেহাই প্ৰদান কৰে । যদি আঁচনি উপভোক্তাৰ কিবা অপ্ৰত্যাশিত ঘটনা ঘটে তেন্তে তেওঁলোকে ক্ষতিপূৰণো দিয়ে । বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল আঁচনিত এনে লাভালাভ নাথাকে ।

নতুন ULIP আঁচনিত জীৱন সুৰক্ষা আৰু দীৰ্ঘম্যাদী বিনিয়োগ দুয়োটাই সুবিধা লাভ কৰিব পাৰি (Unit linked investment plans)। ইউনিট-সংযোজিত বিনিয়োগ আঁচনিৰ (ULIP) প্ৰিমিয়াম তুলনামূলকভাৱে কম । যদি অপ্ৰত্যাশিত ধনৰ প্ৰয়োজন হয় আমি আংশিক পৰিমাণে উলিয়াবও পাৰো । উপভোক্তাসকলে দাবী পৰিশোধত বাধাৰ সন্মুখীন হ'লে কি কৰা উচিত ?

যেতিয়া বীমা প্ৰতিষ্ঠানটোৱে ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ অনিচ্ছুক হয় তেতিয়া কি কৰিব লাগে ? বীমা কোম্পানী এটাৰ মৌলিক নীতি হৈছে উপভোক্তাৰ কিবা হোৱাৰ পিছত আঁচনিখন অনুসৰি ক্ষতিপূৰণ পৰিশোধ কৰা ।

আঁচনি এখন হ'ল উপভোক্তা আৰু কোম্পানীৰ মাজৰ বিশ্বাসৰ চুক্তি । সেয়েহে, আঁচনি খন গ্ৰহণ কৰা ব্যক্তি এজনে সকলো প্ৰয়োজনীয় বিৱৰণ প্ৰদান কৰিব লাগে । স্বাস্থ্য, বিত্তীয় পৰিস্থিতি আৰু অভ্যাসৰ বিষয়ে বিৱৰণ স্পষ্টভাৱে উল্লেখ কৰিব লাগে ।

কোনো ডিফল্ট অবিহনে প্ৰিমিয়াম পৰিশোধ নিয়মীয়া হ'ব লাগে । যদি এই সকলোবোৰ বিৱৰণ সঠিকভাৱে দিয়া হয়, কিবা ঘটিলে ক্ষতিপূৰণ দিয়াত কোনো পলম নহয় । আজিৰ ডিজিটেল যুগত, দাবীৰ পৰিশোধ (Payments of claims) দ্ৰুত আৰু সৰল ।

ব্যক্তি আৰু পৰিয়ালভেদে সকলোৰে বিত্তীয় প্ৰয়োজনীয়তা বেলেগ বেলেগ,ই কেতিয়াও একে নহয় । এজন ব্যক্তিৰ বাবে এখন ভাল আঁচনি আনজনৰ বাবে উচিত নহ'ব পাৰে । ইয়াক বিবেচনা কৰি, আপোনাৰ বিত্তীয় প্ৰয়োজনীয়তা আৰু ভৱিষ্যতৰ উদ্দেশ্যৰ ওপৰত নিৰ্ভৰ কৰি আঁচনিবোৰ বাছনি কৰিব লাগে ।

সন্দেহৰ ক্ষেত্ৰত, আমি বিশেষজ্ঞসকলৰ পৰামৰ্শ ল'ব পাৰো । অনিশ্চয়তা আৰু কঠিন সময়ত কেৱল সঠিকভাৱে বাছনি কৰা আঁচনি এখনহে আপোনাক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব । এই বাখ্যা আগবঢ়ায় ইণ্ডিয়াফাৰ্ষ্ট লাইফ ইঞ্চুৰেন্স কোম্পানীৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰ.এম. বিশাখাই ।

লগতে পঢ়ক :অবাঞ্ছিত ঋণে দুৰ্বিষহ কৰিব পাৰে আপোনাৰ জীৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.