ETV Bharat / business

ৰাজ্যৰ সহযোগিতাই দেশৰ উন্নয়নত উদগনি যোগাব

author img

By

Published : Oct 29, 2019, 6:36 PM IST

যিটো সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হৈ পৰিছে তেনে সময়তে বিশ্ববেংকৰ দ্বাৰা প্ৰকাশিত শেহতীয়া বাণিজ্যিক ৰেংকিং তালিকাত ভাৰতে 63 সংখ্যক স্থানত উপনীত হ'বলৈ সক্ষম হৈছে ৷ দেশৰ 65 শতাংশ জনতা, যিসকল 35 বছৰ বয়সৰ তেওঁলোকক একোগৰাকী সক্ষম মানৱ সম্পদ হিচাপে গঢ়ি তুলি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ উমৈহতীয়া প্ৰচেষ্টাৰে অৰ্থনৈতিক সংস্কাৰ সাধন কৰাটো সম্ভৱপৰ হৈ পৰিব ৷ ইটিভি ভাৰতৰ এক বিশ্লেষণ ৷

দেশৰ উন্নয়নৰ মাপকাঠী

বিশ্ববেংকৰ শেহতীয়া বাণিজ্যিক ৰেংকিঙত বিশ্বৰ 190 খনৰ দেশৰ মাজৰ পৰা 14টাকৈ স্থান আগবাঢ়ি ভাৰতে 63 সংখ্যক স্থানত উপনীত হ'বলৈ সক্ষম হৈছে ৷ ব্যৱসায় আৰম্ভ কৰা অধিনিয়ম, নিৰ্মাণখণ্ডৰ বাবে অনুজ্ঞাপ্ৰদান, বিদ্যুতৰ সুবিধা লাভ, সম্পত্তি পঞ্জীয়ন, সহজে ক্ৰেডিট লাভ, সংখ্যালঘু বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান, কৰ প্ৰদান প্ৰক্ৰিয়া, সীমান্তৰ সিপাৰে ব্যৱসায় আৰু সমাধান সক্ষমতা আদি কাৰকৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয় বাণিজ্যিক ৰেংকিং ৷ এই তালিকাত ভাৰত আৰু চীনৰ সৈতে অধিকসংখ্যক স্তৰত উন্নতি লাভ কৰিছে ছৌদি আৰৱ, জৰ্ডান, টোগো, বাহৰেইন, টাজিকিস্তান, পাকিস্তান, কুৱেইট আৰু নাইজেৰিয়াৰ দৰে অৰ্থনীতিয়ে ৷ তালিকাত চীনৰ তুলনাত ভাৰতে অধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তালিকাখনত শীৰ্ষস্থান দখল কৰিছে নিউজিলেণ্ডে ৷ নিউজিলেণ্ডৰ পিচতে আছে ছিংগাপুৰ আৰু ছিংগাপুৰৰ পিচত আছে ক্ৰমে, হংকং, ডেনমাৰ্ক, দক্ষিণ কোৰিয়া, আমেৰিকা, জৰ্জিয়া, সংযুক্ত গণৰাজ্য আৰু নৰৱে ৷

যদিও ব্যৱসায়ৰ ক্ষেত্ৰত বিশ্ববেংকৰ সংশোধিত সক্ষমতা আৰু দেউলীয়া নিয়ম 2016ৰ তুলনাত ভাৰতে শীৰ্ষৰ দেশসমূহৰ সৈতে তুলনাত অহা নাই তথাপি ভাৰতৰ মেক ইন ইণ্ডিয়া প্ৰকল্পই এই তালিকাত শীৰ্ষস্থানলৈ উন্নীত হোৱাত ভাৰতক বহুখিনি সহায় কৰিছে ৷ যিটো সময়ত বিশ্ববেংক আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এক লেহেমীয়া গতিত ভাৰতৰ অৰ্থনীতিয়ে আগবাঢ়িছে বুলি উল্লেখ কৰিছে তথাপি ভাৰতৰ বাণিজ্যিক ৰেংকিঙৰ এই তালিকাই নতুন আশাৰ সঞ্চাৰ কৰিছে ৷ একে সময়তে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ জোখ লোৱা আৰু আত্মনিৰীক্ষণ কৰাটো অতিকে আৱশ্যক হিচাপে বিবেচিত হৈছে ৷

লাইচেন্স ৰাজৰ অৱসান ঘটাই অৰ্থনৈতিক সংস্কাৰৰ কথা কোৱা ইউপিএৰ সময়তকৈ বৰ্তমান সময়ৰ অৰ্থনীতিৰ মাজত জুখিব পৰাকৈ অন্তৰ আছে ৷ 2006 চনত বিশ্ববেংকৰ এই তালিকাত ভাৰতে 116সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী 8 বছৰত ভাৰতে 26 স্থান অৱনমিত হৈ 2014 চনত 142 সংখ্যক স্থানত উপনীত হৈছিল ৷ বিশ্ববেংকৰ সমালোচকসকলৰ মতে, ইউপিএৰ দিনত ভাৰতৰ উন্নয়ন সক্ষমতা আফ্ৰিকা ৰাৱান্দা আৰু আংগোলাৰ দৰে দেশতকৈয়ো ভয়ানক স্থিতি দখল কৰিছিল ৷ এনডিএৰ সময়ত আগন্তুক পাঁচ বছৰতে ভাৰতে এই তালিকাত 79 সংখ্যক স্থানলৈ উন্নীত হয় ৷ বিগত 15 বছৰে ৰৈ থকা বহুকেইখন বিধেয়ক এনডিএ চৰকাৰে সংশোধন কৰি গৃহীত কৰে ৷ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতৰ এই তালিকাৰ গুৰুত্ব বাৰুকৈয়ে উপলব্ধি কৰিছিল ৷ যাৰ বাবে তেওঁ বৈদেশিক বিনিয়োগকাৰীক ভাৰতৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সামগ্ৰী আৰু সেৱা কৰৰ দৰে আইনত অনুমতি প্ৰদান কৰে ৷ কৰ পৰিশোধনৰ ক্ষেত্ৰত 115 সংখ্যক স্থানত থকা ভাৰতে পৰৱৰ্তী সময়ত কৰ সংস্কাৰৰ প্ৰতি আগবাঢ়িবলৈ বাধ্য হৈছিল ৷ Global Competitiveness Indexত ভাৰতে পৰৱৰ্তী 3বছৰত 30 স্থান তললৈ অৱনমিত হৈছিল যাৰ বাবে অৰ্থনৈতিক সংস্কাৰ সাধন কৰাটো গুৰুত্বপূৰ্ণ হিচাপে দেখা দিছিল ৷

ভাৰতৰ দৰে দেশত নিৰ্মাণৰ অনুমতি লাভ কৰিবলৈ 106 দিন, সম্পত্তি পঞ্জীকৰণৰ বাবে 58 দিন, নতুন বিদ্যুৎ সংযোগৰ বাবে 53 দিনৰ প্ৰয়োজন হয় ৷ ভাৰতৰ সত্ৰ আদালতসমূহত ব্যৱসায় সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে এজন মানুহৰ 1,445 দিনৰ প্ৰয়োজন হয় ৷ একে সময়তে নিউজীলেণ্ডৰ দৰে দেশত নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ মাত্ৰ আধাঘন্টা সময়ৰ লগতে সম্পত্তি পঞ্জীয়ন কৰিবলৈ এঘন্টা সময়ৰ প্ৰয়োজন হয় ৷ একেদৰে ছিংগাপুৰত ৰপ্তানিৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে মাত্ৰ 10 ঘন্টা সময়ৰ প্ৰয়োজন হয় ৷ ভাৰতৰ দৰে দেশত প্ৰতিটো খণ্ডতে বেয়াকৈ শিপাই থকা দুৰ্নীতিয়ে দেশৰ উন্নয়নত যে বাধাৰ সৃষ্টি কৰি আহিছে সেইটো চিৰসত্য কথা ৷ ফৰ্বছৰ দৰে আলোচনীয়ে ভাৰতৰ যোগান শৃংখলত থকা বাধাই দেশৰ উন্নয়নৰ বাবে প্ৰধান কাৰণ হিচাপে প্ৰতিবেদন প্ৰকাশ কৰিছিল ৷ ভাৰতত ব্যৱসায় কৰিবলৈ থকা বাধাসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰই সম্পূৰ্ণৰূপে জগৰীয়া নহয় ৷ দুৰ্নীতিৰ আশ্ৰয় লৈ অন্যফালে ঢাল খোৱা ৰাজ্যসমূহৰ চৰিত্ৰই নাগৰিকসকলক ব্যৱসায় কৰাত বাধাৰ সৃষ্টি কৰি আহিছে ৷ দেশৰ 65 শতাংশ নাগৰিকেই 35 বছৰ বয়সৰ তলৰ ৷ তেওঁলোকৰ প্ৰতিগৰাকীকে একোজনকৈ সক্ষম মানৱ সম্পদ হিচাপে গঢ়ি তুলিলে, বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব ৷ এনে অৱস্থাত ভাৰতে চতুৰ্থ উদ্যোগিক ক্ৰান্তি লৈ আনিব পাৰে ৷ যদিহে কেন্দ্ৰৰ সৈতে ৰাজ্যসমূহে সঁচা অৰ্থত তেওঁলোকৰ দায়িত্বসমূহ পালন কৰে, ভাৰতৰ অৰ্থনৈতিক উন্নয়ন কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে ৷

Intro:Body:

ৰাজ্যৰ সহযোগিতাই দেশৰ উন্নয়নত উদগনি যোগাব 



যিটো সময়ত ভাৰতৰ অৰ্থনৈতিক অৱস্থা নিম্নগামী হৈ পৰিছে তেনে সময়তে বিশ্ববেংকৰ দ্বাৰা প্ৰকাশিত শেহতীয়া বাণিজ্যিক ৰেংকিং তালিকাত ভাৰতে 63 সংখ্যক স্থানত উপনীত হ'বলৈ সক্ষম হৈছে ৷ দেশৰ 65 শতাংশ জনতা যিসকল 35 বছৰ বয়সৰ তেওঁলোকক একোগৰাকী সক্ষম মানৱ সম্পদ হিচাপে গঢ়ি তুলি কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ উমৈহতীয়া প্ৰচেষ্টাৰে অৰ্থনৈতিক সংস্কাৰ সাধন কৰাটো সম্ভৱপৰ হৈ পৰিব ৷ ইটিভি ভাৰতৰ এক বিশ্লেষণ ৷ 



বিশ্ববেংকৰ শেহতীয়া বাণিজ্যিক ৰেংকিঙত বিশ্বৰ 190 খনৰ দেশৰ মাজৰ পৰা 14টাকৈ স্থান আগবাঢ়ি ভাৰতে 63 সংখ্যক স্থানত উপনীত হ'বলৈ সক্ষম হৈছে ৷ ব্যৱসায় আৰম্ভ কৰা অধিনিয়ম, নিৰ্মাণখণ্ডৰ বাবে অনুজ্ঞাপ্ৰদান, বিদ্যুতৰ সুবিধা লাভ, সম্পত্তি পঞ্জীয়ন, সহজে ক্ৰেডিট লাভ, সংখ্যালঘু বিনিয়োগকাৰীক সুৰক্ষা প্ৰদান, কৰ প্ৰদান প্ৰক্ৰিয়া, সীমান্তৰ সিপাৰে ব্যৱসায় আৰু সমাধান সক্ষমতা আদি কাৰকৰ ওপৰত ভিত্তি কৰি নিৰ্ণয় কৰা হয় বাণিজ্যিক ৰেংকিং ৷ এই তালিকাত ভাৰত আৰু চীনৰ সৈতে অধিকসংখ্যক স্তৰত উন্নতি লাভ কৰিছে ছৌদি আৰৱ, জৰ্ডান, টোগো, বাহৰেইন, টাজিকিস্তান, পাকিস্তান, কুৱেইট আৰু নাইজেৰিয়াৰ দৰে অৰ্থনীতিয়ে ৷ তালিকাত চীনৰ তুলনাত ভাৰতে অধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ তালিকাখনত শীৰ্ষস্থান দখল কৰিছে নিউজীলেণ্ডে ৷ নিউজীলেণ্ডৰ পিচতে আছে ছিংগাপুৰ আৰু ছিংগাপুৰৰ পিচত আছে ক্ৰমে, হংকং, ডেনমাৰ্ক, দক্ষিণ কোৰিয়া, আমেৰিকা, জৰ্জিয়া, সংযুক্ত গণৰাজ্য আৰু নৰৱে ৷ 



যদিও ব্যৱসায়ৰ ক্ষেত্ৰত বিশ্ববেংকৰ সংশোধিত সক্ষমতা আৰু দেউলীয়া নিয়ম 2016ৰ তুলনাত ভাৰতে শীৰ্ষৰ দেশসমূহৰ সৈতে তুলনাত অহা নাই তথাপি ভাৰতৰ মেক ইন ইণ্ডিয়া প্ৰকল্পই এই তালিকাত শীৰ্ষস্থানলৈ উন্নীত হোৱাত ভাৰতক বহুখিনি সহায় কৰিছে ৷ যিটো সময়ত বিশ্ববেংক আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এক লেহেমীয়া গতিত ভাৰতৰ অৰ্থনীতিয়ে আগবাঢ়িছে বুলি উল্লেখ কৰিছে তথাপি ভাৰতৰ বাণিজ্যিক ৰেংকিঙৰ এই তালিকাই নতুন আশাৰ সঞ্চাৰ কৰিছে ৷ একে সময়তে বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ জোখ লোৱা আৰু আত্মনিৰীক্ষণ কৰাটো অতিকে আৱশ্যক হিচাপে দেখা দিছে ৷ 



লাইচেন্স ৰাজৰ অৱসান ঘটাই অৰ্থনৈতিক সংস্কাৰৰ কথা কোৱা ইউপিএৰ সময়তকৈ বৰ্তমান সময়ৰ অৰ্থনীতিৰ মাজত জুখিব পৰাকৈ অন্তৰ আছে ৷ 2006 চনত বিশ্ববেংকৰ এই তালিকাত ভাৰতে 116সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছিল ৷ পৰৱৰ্তী 8 বছৰত ভাৰতে 26 স্থান অৱনমিত হৈ 2014 চনত 142 সংখ্যক স্থানত উপনীত হৈছিল ৷ বিশ্ববেংকৰ সমালোচকসকলৰ মতে, ইউপিএৰ দিনত ভাৰতৰ উন্নয়ন সক্ষমতা আফ্ৰিকা ৰাৱান্দা আৰু আংগোলাৰ দৰে দেশতকৈয়ো ভয়ানক স্থিতি দখল কৰিছিল ৷ এনডিএৰ সময়ত আগন্তুক পাঁচ বছৰতে ভাৰতে এই তালিকাত 79 সংখ্যক স্থানলৈ উন্নীত হয় ৷ বিগত 15 বছৰে ৰৈ থকা বহুকেইখন বিধেয়ক এনডিএ চৰকাৰে সংশোধন কৰি গৃহীত কৰে ৷ ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভাৰতৰ এই তালিকাৰ গুৰুত্ব বাৰুকৈয়ে উপলব্ধি কৰিছিল ৷ যাৰ বাবে তেওঁ বৈদেশিক বিনিয়োগকাৰীক ভাৰতৰ প্ৰতি আকৰ্ষণ কৰিবলৈ সামগ্ৰী আৰু সেৱা কৰৰ দৰে আইনত অনুমতি প্ৰদান কৰে ৷ কৰ পৰিশোধনৰ ক্ষেত্ৰত 115 সংখ্যক স্থানত থকা ভাৰতে পৰৱৰ্তী সময়ত কৰ সংস্কাৰৰ প্ৰতি আগবাঢ়িবলৈ বাধ্য হৈছিল ৷ Global Competitiveness Indexত ভাৰতে পৰৱৰ্তী 3বছৰত 30 স্থান তললৈ অৱনমিত হৈছিল যাৰ বাবে অৰ্থনৈতিক সংস্কাৰ সাধন কৰাটো গুৰুত্বপূৰ্ণ হিচাপে দেখা দিছিল ৷ 



ভাৰতৰ দৰে দেশত নিৰ্মাণৰ অনুমতি লাভ কৰিবলৈ 106 দিন, সম্পত্তি পঞ্জীকৰণৰ বাবে 58 দিন, নতুন বিদ্যুৎ সংযোগৰ বাবে 53 দিনৰ প্ৰয়োজন হয় ৷ ভাৰতৰ সত্ৰ আদালতসমূহত ব্যৱসায় সংক্ৰান্তীয় গোচৰ নিষ্পত্তিৰ বাবে এজন মানুহৰ 1,445 দিনৰ প্ৰয়োজন হয় ৷ একে সময়তে নিউজীলেণ্ডৰ দৰে দেশত নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ মাত্ৰ আধাঘন্টা সময়ৰ লগতে সম্পত্তি পঞ্জীয়ন কৰিবলৈ এঘন্টা সময়ৰ প্ৰয়োজন হয় ৷ একেদৰে ছিংগাপুৰত ৰপ্তানিৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে মাত্ৰ 10 ঘন্টা সময়ৰ প্ৰয়োজন হয় ৷ ভাৰতৰ দৰে দেশত প্ৰতিটো খণ্ডতে বেয়াকৈ শিপাই থকা দুৰ্নীতিয়ে দেশৰ উন্নয়নত যে বাধাৰ সৃষ্টি কৰি আহিছে সেইটো চিৰসত্য কথা ৷ ফৰ্বছৰ দৰে আলোচনীয়ে ভাৰতৰ যোগান শৃংখলত থকা বাধাই দেশৰ উন্নয়নৰ বাবে প্ৰধান কাৰণ হিচাপে প্ৰতিবেদন প্ৰকাশ কৰিছিল ৷ ভাৰতত ব্যৱসায় কৰিবলৈ থকা বাধাসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰই সম্পূৰ্ণৰূপে জগৰীয়া নহয় ৷ দুৰ্নীতিৰ আশ্ৰয় লৈ অন্যফালে ঢাল খোৱা ৰাজ্যসমূহৰ চৰিত্ৰই নাগৰিকসকলক ব্যৱসায় কৰাত বাধাৰ সৃষ্টি কৰি আহিছে ৷ দেশৰ 65 শতাংশ নাগৰিকেই 35 বছৰ বয়সৰ তলৰ ৷ তেওঁলোকৰ প্ৰতিগৰাকীকে একোজনকৈ সক্ষম মানৱ সম্পদ হিচাপে গঢ়ি তুলিলে, বিদেশী বিনিয়োগকাৰীসকলে ভাৰতত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব ৷ এনে অৱস্থাত ভাৰতে চতুৰ্থ উদ্যোগিক ক্ৰান্তি লৈ আনিব পাৰে ৷ যদিহে কেন্দ্ৰৰ সৈতে ৰাজ্যসমূহে সঁচা অৰ্থত তেওঁলোকৰ দায়িত্বসমূহ পালন কৰে, ভাৰতৰ অৰ্থনৈতিক উন্নয়ন কোনো শক্তিয়ে বাধা দি ৰাখিব নোৱাৰে ৷


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.